/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/15018ce5-e3fc-4b90-8708-d8377c0957e3/asian_15.jpg)
অষ্টম এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত অসমৰ হৰ্ষাৰ ৰূপৰ পদক অৰ্জন...
ডিজিটেল ডেস্কঃ ভিয়েটনামত অনুষ্ঠিত হৈ থকা অষ্টম ছিনিয়ৰ এছিয়ান টাইকোৱাণ্ড চেম্পিয়নশ্বিপত অসম কন্যা হৰ্ষা সিনহাৰ সফলতা। প্ৰতিযোগিতাখনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি অৰ্জন কৰিছে ৰূপৰ পদক।
উল্লেখ্য যে, ১৪ মে'ৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনটোত হৰ্ষাই পুমশ্বে শাখাত এই সফলতা লাভ কৰিছে। তেওঁৰ আন দুগৰাকী সতীৰ্থ আছিল উষা ধামনাস্কা আৰু সীতা।
খেলুৱৈ কেইগৰাকীৰ এই সফলতাত টাইকোৱাণ্ড ফেডাৰেচন অফ ইণ্ডিয়াই তিনিওকে শুভেচ্ছা জনাইছে। ফেডাৰচনে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত হৰ্ষা, সীতা আৰু উষাৰ ফটো আপলোড কৰি লিখিছে- ''ভাৰতৰ সমগ্ৰ টাইকোৱাণ্ডো পৰিয়ালৰ বাবে প্ৰথম ঐতিহাসিক সাফল্য। অষ্টম এছিয়ান টাইকোৱাণ্ডো পুমছে চেম্পিয়নশ্বিপ-২০২৪ ত ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন। এয়া এক আকৰ্ষণীয় সাফল্য।''
উল্লেখ্য যে, এই একেখন প্ৰতিযোগিতাতে অসমৰ আন এগৰাকী টাইকোৱাণ্ড খেলুৱৈয়েও দেশক প্ৰতিনিধিত্ব কৰিব। ১৮ মে' দেশৰেই শীৰ্ষ টাইকোৱাণ্ড খেলুৱৈ ৰ'দালী বৰুৱাই প্ৰতিদ্বন্দিতা আগবঢ়াব। তাৰ পূৰ্বে হৰ্ষাৰ এই সফলতাই কঢ়িয়াই আনিছে আশাৰ খবৰ।