/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/96a21903-fbdb-404a-bebc-66fa85036a88/narsapara.jpg)
barsapara
অসম ক্ৰিকেট সন্থাৰ নিবিদাৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে বৰ্ষাপাৰাত থকা ক্ৰিকেট ষ্টেডিয়ামৰ চৌহদৰ ৱাল নিৰ্মাণৰ বাবে যোৱা ৮ ছেপ্টেম্বৰত এখন নিবিদা জাননী জাৰি কৰিছিল।
লক্ষ্যণীয় ভাৱে সেই নিবিদাত থাকিব লগা নিৰিখ বা আন যাবতীয় তথ্য নাছিল। এক প্ৰকাৰৰ খালী কৰি জাৰি কৰা উক্ত নিবিদাৰ উপৰিও ৰহস্যজনক ভাৱে তাৰ পাছত পুনৰ ১৮ ছেপ্টেম্বৰত অসম ক্ৰিকেট সন্থাই সেই কামৰ বাবেই আন এক নিবিদাৰ বিজ্ঞাপন দিয়ে।
প্ৰথমবাৰৰ নিবিদা দিয়াৰ পাছতো দ্বিতীয়বাৰৰ নিবিদা জাননী জাৰি কৰি ১৯ ছেপ্টেম্বৰ ২০২২ৰ আৱেলি ৩ বজাৰ ভিতৰত নিবিদা জমা দিয়াৰ অন্তিম সময় বান্ধি দিয়া হয়। অসম ক্ৰিকেট সন্থাৰ এজন প্ৰভাৱশালী কৰ্মকৰ্তাই নিজৰ মানুহক কাম দিয়াৰ স্বাৰ্থতেই এই নিবিদাৰ নাটক ৰচনা কৰা বুলি অভিযোগ উঠিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us