
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত উজলিছে ভাৰতীয় এথলিট।
এছিয়ান ইণ্ডোৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ প্ৰথমটো দিনত ভাৰতৰ সফলতা।
প্ৰতিযোগিতাৰ প্ৰথমটো দিনত ভাৰতে অৰ্জন কৰিলে ৪ টা পদক।
ভাৰতৰ ৪ টা পদকৰ ভিতৰত আছে এটা সোণ আৰু ৩ টা ৰূপ।
চাৰিওটা পদকেৰে ভাৰত পদক তালিকাৰ আছে শীৰ্ষত।
প্ৰতিযোগিতাৰ শ্বটপুটত ভাৰতৰ তাজিন্দৰ পাল সিং টুৰে অৰ্জন কৰিলে সোণৰ পদক।
আনহাতে কৰণবীৰ সিঙে লাভ কৰিছে ৰূপৰ পদক।
পেণ্টাথলনত স্বপ্না বৰ্মনে লাভ কৰিছে ৰূপৰ পদক।
আনহাতে পুৰুষৰ ট্ৰিপল জাম্পত প্ৰবীণ চিত্ৰাৱেলে লাভ কৰিছে ৰূপৰ পদক।