/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/60725911-b47b-4427-8a39-bf226afe61cc/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ এছিয়াডৰ পৰা ভাৰতলৈ আহিল আন এটা স্বৰ্ণ পদক। ক্রিকেটত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল ভাৰতীয় ক্ৰিকেটৰ দলে। উল্লেখ্য যে, বৰষুণৰ বাবে আধাতে বন্ধ কৰি দিয়া হৈছিল খেলখন। মেচ বাতিল হোৱাৰ পিছত ভাৰতীয় দলক বিজয়ী ঘোষণা এছিয়ান গেমছ কৰ্তৃপক্ষই।
প্ৰতিকূল বতৰৰ বাবে আফগানিস্তানে বেটিং কৰি থকা খেলখন ১৯ অভাৰতে সামৰিব লগীয়াত পৰে। আৰু পূৰ্বৰ খেলৰ যোগ্যতাৰ ভিত্তিত ভাৰতীয় দলটোক জয়ী ঘোষণা কৰ্ কৰতৃপক্ষই। এই খবৰ নিশ্চিত ভাবে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক উৎফুল্লিত কৰি তুলিছে। প্ৰণিধানযোগ্য যে, এই বৰ্ষৰ এছিয়ান গেমছতেই প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছিল ক্ৰিকেট প্ৰতিযোগিতা। সেই সূত্ৰে এছিয়ানৰ বাকৰিত হোৱা প্ৰথমখন ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথম স্বৰ্ণ জয়ৰ ইতিহাস ৰচে ভাৰতে।