এছিয়ান গেমছ ২০২৩ আৰম্ভঃ ভাৰতৰ ধ্বজা বহনৰ দায়িত্বত অসম কন্যা লাভলীনা...

এছিয়ান গেমছ ২০২৩ আৰম্ভঃ ভাৰতৰ ধ্বজা বহনৰ দায়িত্বত অসম কন্যা লাভলীনা...

ডিজিটেল ডেস্কঃ শনিবাৰে আৰম্ভ হ'ল হাংঝু এছিয়ান গেমছ ২০২৩। চীনৰ ৰাষ্ট্ৰপতি চি জীনপিঙৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে মুকলি কৰা হয় ১৯ সংখ্যক এছিয়ান গেমছ।

কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰিৱেশ অনুকূল প্ৰযুক্তিৰ উপাদানসমূহৰ নান্দনিক মিশ্ৰণেৰে  'এক দৰ্শনীয় ভৱিষ্যতৰ পোহৰৰ প্ৰদৰ্শন' শীৰ্ষক এটি প্ৰদৰ্শনীৰ দ্বাৰা মুকলি কৰা হয় হাংঝু এছিয়ান গেমছ ২০২৩। এই প্ৰদৰ্শনীয়ে চীনৰ চহকী সাংস্কৃতিক ইতিহাস আৰু সমগ্ৰ মহাদেশৰ ঐক্যৰ সাৰমৰ্মক কলাত্মকভাৱে প্ৰদৰ্শন কৰে।

খেলুৱৈৰ পেৰেডত ভাৰতৰ ধ্বজা বহন কৰে পুৰুষৰ হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিং আৰু অসম গৌৰৱ তথা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। ভাৰতীয় দলটোৰ পোছাকত মহিলা খেলুৱৈসকলৰ বাবে আছিল খাকী টেক্সচাৰযুক্ত শাৰী আৰু পুৰুষ খেলুৱৈসকলৰ বাবে আছিল খাকী কুৰ্তা ।

এছিয়ান গেমছ ২০২৩ত ভাৰতক প্ৰতিনিধিত্ব কৰিব মুঠ ৬৫৫ গৰাকী খেলুৱৈয়ে। উল্লেখ্যনীয় যে, পোমপ্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা মুঠ ৬শতাধিক খেলুৱৈয়ে এইবাৰ এছিয়ান গেমছত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

'টাইডছ চাৰ্জিং ইন এছিয়া'ক মূল বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত হোৱা এই এছিয়ান গেমছৰ মুকলি অনুষ্ঠানত সমগ্ৰ বিশ্বৰ লগত এছিয়ান জনসাধাৰণৰ লগত ঐক্য, প্ৰেম আৰু বন্ধুত্বৰ বিষয়ে আলোচনা কৰা হয়।

চীনৰ ৰাষ্ট্ৰপতি চি জিনপীঙে মুকলি কৰা এছিয়ান গেমছ ২০২৩ত ৪৫ খন দেশৰ প্ৰায় ১২ হাজাৰতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছ ২০২৩ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অলিম্পিক কাউন্সিল অৱ এছিয়াৰ ভাৰপ্ৰাপ্ত সভাপতি ৰণধীৰ সিং, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখ, কেইবাখনো দেশৰ মুৰব্বী, ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল।

এছিয়ান গেমছ ২০২৩ আৰম্ভঃ ভাৰতৰ ধ্বজা বহনৰ দায়িত্বত অসম কন্যা লাভলীনা...
মই খাটি নলবৰীয়া, কিন্তু ভাষা কেতিয়াও বাধা হ'ব নোৱাৰে, চৰিত্ৰৰ লগত আত্মা সংযোগ কৰিব পাৰিব লাগিব: সীমা বিশ্বাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in