আকৌ নীৰজে বঢ়ালে দেশৰ মানঃ কিশোৰ কুমাৰো হৈ পৰিল তাৰকা...

আকৌ নীৰজে বঢ়ালে দেশৰ মানঃ কিশোৰ কুমাৰো হৈ পৰিল তাৰকা...
আকৌ নীৰজে বঢ়ালে দেশৰ মানঃ কিশোৰ কুমাৰো হৈ পৰিল তাৰকা...

ডিজিটেল ডেস্কঃ চলিত এছিয়ান গেমছত ভাৰতে আন এক সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰকা এথলিট তথা জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাৰ জৰিয়তে ভাৰতে লাভ কৰিলে এই সোণৰ পদক। আনহাতে ভাৰতৰে আন এগৰাকী জেভলীন থ্ৰ'ৱাৰ কিশোৰ কুমাৰ জেনাই লাভ কৰিছে ৰূপৰ পদক।

নীৰজৰ প্ৰথমটো থ্ৰ'ত কিছু কাৰিকৰী অসুবিধাৰ সৃষ্টি হোৱাৰ পাছত তেওঁ চতুৰ্থ প্ৰয়াসত ৮৮.৮৮ মিটাৰ থ্ৰ' কৰি এছিয়ান গেমছৰ স্বৰ্ণ পদক নিজৰ কৰি লয়। এয়া আছিল তেওঁৰ চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। চলিত বছৰতে তেওঁ দখল কৰিছিল কমনৱেলথ গেমছত সোণৰ পদক।

এই প্ৰতিযোগিতাখনত ভাৰতৰ আন এক প্ৰাপ্তি হ'ল কিশোৰ কুমাৰ জেনা। কোনেও নভবা এক প্ৰদৰ্শনেৰে তেওঁ ভাৰতৰ বাবে নীৰজ চোপ্ৰাৰ বিকল্প অথবা তেওঁৰ উত্তৰাধিকাৰী হিচাপে থিয় দিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনত তেওঁ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰাই নহয়, নতুন ৰেকৰ্ডৰো অধিকাৰী হয়। কিশোৰে তেওঁৰ তৃতীয় প্ৰয়াসত পূৰ্বৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন ৮৪.৭৭ মিটাৰ অতিক্ৰম কৰি ৮৬.৭৭ মিটাৰ থ্ৰ' কৰিবলৈ সক্ষম হয়।

চলিত বছৰৰ আৰম্ভণিতে বুডাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত কিশোৰে তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৮৪.৭৭ মিটাৰ থ্ৰ' কৰিছিল। ইয়াৰ পাছত তেওঁ চতুৰ্থ প্ৰয়াসত ৮৭.৫৪ মিটাৰ থ্ৰ' কৰি ৰূপৰ পদক নিজৰ কৰে।

ইয়াৰ লগে লগে তেওঁ পেৰিছ অলিম্পিকৰো যোগ্যতা অৰ্জন কৰিলে। পেৰিছ অলিম্পিকৰ বাবে জেভলীন থ্ৰ'ৰ নূন্যতম সীমা আছিল ৮৫.৫০ মিটাৰ। আনহাতে জাপানৰ ৰোডেৰিক গেঙ্কি ডিনে ৮২.৬৮ মিটাৰ থ্ৰ' কৰি ব্ৰঞ্জৰ পদক দখল কৰিছে।

আকৌ নীৰজে বঢ়ালে দেশৰ মানঃ কিশোৰ কুমাৰো হৈ পৰিল তাৰকা...
বৃহস্পতিবাৰৰ পৰা ভাৰতত ক্ৰিকেট মহাৰণঃ সাজু সকলো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in