/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/virat.jpg)
ডিজিটেল ডেস্কঃ সমাগত এছিয়া কাপ।২৭ আগষ্টৰ পৰা মৰুৰ দেশ ডুবাইত অনুষ্ঠিত হ'ব এছিয়া কাপ টি-২০ প্ৰতিযোগিতা।ভাৰতকে ধৰি মুঠ ৬টাকৈ দলে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতা খনত। লীগৰ প্ৰথমখন মেচেই হাইভোল্টেজৰ।কিয়নো ভাৰতে খেলিব চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে।
তাতে আকৌ সাময়িক বিৰতিৰ পিছত ভাৰতীয় দলত যোগ দিছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলি।কোহলিক লৈ আশাবাদী অনুৰাগী সকল।পাকিস্তানৰ বিৰুদ্ধে কোহলিৰ প্ৰদৰ্শন হ'ব লক্ষণীয়।
২০১৯চনৰ পৰা শতকৰ মুখ নেদেখা কোহলি সন্দৰ্ভত প্ৰাক্তন প্ৰশিক্ষক ৰৱি শাস্ত্ৰীয়ে কয় যে যদিহে পাকিস্তানৰ বিৰু্দ্ধে বিৰাটে অৰ্ধ শতকেৰে উজলি উঠে তেনেহ'লে তেওঁক বাধা দিয়াটো অসম্ভৱ।
উল্লেখ্য যে, ২০২১ চনত ডুবাই টি-২০ বিশ্বকাপৰ বেদনা পাহৰা নাই ভাৰতে। ভাৰতৰ শক্তিশালী বেটিং লাইন আপ কিদৰে তাচপাতৰ দৰে খহি পৰিছিল প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ মনত আছে।ভাৰতৰ দৰ্পচূৰ্ণ কৰি দহ উইকেটত জয়লাভ কৰিছিল বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে।
আৰু পঢ়কঃ নগাঁৱৰ উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈৰ পাখি কাটিলে উপায়ুক্তই…