ভাৰতৰ ঐতিহাসিক ফুটবল ক্লাব মোহন বাগানলৈ বিশ্বকাপ বিজয়ী গ'লৰক্ষক মাৰ্টিনেজ

ভাৰতৰ ঐতিহাসিক ফুটবল ক্লাব মোহন বাগানলৈ বিশ্বকাপ বিজয়ী গ'লৰক্ষক মাৰ্টিনেজ

ডিজিটেল ডেস্ক : ২০২২ চনৰ ১৮ ডিচেম্বৰত সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল এক যাদুৰ । ৰ'জাৰিঅ'ৰ লিটল বয় খ্যাত লিয়নেল মেছিৰ দলে দখল কৰিছিল বিশ্বকাপৰ খিতাপ । সুদীৰ্ঘ কালৰ অপেক্ষাৰ অন্তত ফুটবলৰ সম্ৰাটগৰাকীৰ শিৰত অৱস্থান কৰিছিল ৰাজমুকুটে । অত বছৰে আৰ্জেন্টিনাক ফুটবলৰ ক্ষেত্ৰত দি অহা উপহাৰ সমূহৰ প্ৰত্যুত্তৰস্বৰূপে যেন আৰ্জেন্টিনাই মেছিক উপহাৰ দিলে বিশ্বকাপ । সমগ্ৰ বিশ্বকাপ জয়ৰ কৃতিত্ব মেছিলৈ ঠেলি দিলেও কিন্তু এই বিশ্বকাপত জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰ্জেন্টিনাৰ গ'লৰক্ষক মাৰ্টিনেজেও ।

সমগ্ৰ টুৰ্নামেন্টত প্ৰচণ্ড আত্মবিশ্বাসেৰে অৱতীৰ্ণ হোৱা মাৰ্টিনেজ বিশ্বকাপৰ ফাইনেলত পেনাল্টীৰ পাছত জাতীয় বীৰ হিচাপে পৰিণত হৈছিল । প্ৰতিপক্ষক অন্তিম পৰ্যায়লৈ চূড়ান্ত মানসিক চাপৰ মাজত ৰাখিবলৈ সক্ষম হোৱা মাৰ্টিনেজৰ বাবেই আৰ্জেন্টিনাৰ বিশ্বজয়ৰ সপোন পূৰণ হৈছিল । সেই মাৰ্টিনেজ আহিব ভাৰতলৈ । ভাৰতৰ ঐতিহাসিক ফুটবল ক্লাব মোহন বাগানত দেখা যাব খেলুৱৈগৰাকীক । বিশ্বজয়ী ফুটবলাৰ গৰাকীক আগন্তুক ৪ জুলাইত দেখা যাব মোহন বাগানত । অৱশ্যে খেলুৱৈগৰাকীয়ে ক্লাবটিলৈ ভ্ৰমণত হে আহিব ৪ জুলাইত ।

মাৰ্টিনেজক ভাৰতলৈ অনাত মুখ্য ভূমিকা গ্ৰহণ কৰা ক্ৰীড়াপ্ৰেমী শতদ্ৰু দত্তই ইয়াৰ পূৰ্বেও পেলে আৰু মাৰাডোনাকো ভাৰতলৈ ভ্ৰমণত আনিবলৈ সক্ষম হৈছিল ।

উল্লেখ্য যে, ক্ৰিকেট প্ৰেমী ৰাষ্ট্ৰ ভাৰতত দিনক দিনে বৃদ্ধি পাইছে ফুটবলপ্ৰেমীৰ সংখ্যা । বিশ্বকাপৰ পাচত এই সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে পূৰ্বৰে পৰাই ভাৰতত জনপ্ৰিয় খেল ফুটবল, কিন্তু তাৰ পাছতো বিশ্বকাপলৈ যোগ্যতা অৰ্জনত বাৰে বাৰে ব্যৰ্থ হয় ভাৰতীয় দলটো ।

ভাৰতৰ ঐতিহাসিক ফুটবল ক্লাব মোহন বাগানলৈ বিশ্বকাপ বিজয়ী গ'লৰক্ষক মাৰ্টিনেজ
প্ৰসংগ-নকল সোণ: লখিমপুৰত গহপুৰ আৰক্ষীৰ নগদ সোণ-টকা জব্দ, গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in