ছেমিফাইনেলত মেছিৰ যাদু, দমন ইউৰোপীয়ান শৈলীক...

ছেমিফাইনেলত মেছিৰ যাদু, দমন ইউৰোপীয়ান শৈলীক...

ডিজিটেল ডেস্ক : শেষ নিশা খেল হ'ল দক্ষিণ আমেৰিকান আৰু ইউৰোপীয়ান শৈলীৰ মাজত । খেলপথাৰৰ এটা অংশত যদি ফুটবলৰ কলা কৌশলৰ সমাহৰ, আনটো দিশত আকৌ কেৱল বিজয়ী হোৱাৰ মানসিকতা । দুয়োটা অংশতেই আছিল দুগৰাকী অভিজ্ঞ খেলুৱৈ যি দুগৰাকীৰ এইয়া অন্তিম খন বিশ্বকাপ । আৰ্জেন্টিনাৰ দলত ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ লিয়নেল মেছি আৰু ক্ৰ'ৱেছিয়াৰ দলত ফুটবল জগতৰ শ্ৰেষ্ঠ মিডফিল্ডাৰ তথা সচা অৰ্থত ভদ্ৰলোক বুলি খ্যাত লুকা মড্ৰিছ । দুয়ো গৰাকী খেলুৱৈয়ে সৰ্বোচ্চ উজাৰি অৱতীৰ্ণ হ'ল খেল পথাৰত । কিন্তু সকলো খেলৰ দৰেই এইখন খেলতো বিজয়ী দল এটাই । আৰু সেই বিজয় লাভ কৰিলে আৰ্জেন্টিনাই ।

খেলৰ ৩৪ মিনিটতেই এটি পেনাল্টীৰ জৰিয়তে অগ্ৰগতি লাভ কৰিছিল আৰ্জেন্টিনাই । এই অগ্ৰগতি অব্যাহত ৰাখি খেলৰ ৩৯ মিনিটত আন এটি গ'ল দিয়ে আৰ্জেন্টিনাৰ আন গৰাকী ফৰৱাৰ্ড আলভাৰেজে । দলটোৰ হৈ তৃতীয়টো গ'লো আলভাৰেজেই দিয়ে । অৱশ্যে মেছিৰ এটা গ'লৰ সৈতে আছিল আলভাৰেজলৈ আগবঢ়োৱা এক সুন্দৰ পাছ ।

ইয়াৰ সৈতেই আৰ্জেন্টিনাৰ বিশ্বকাপ জিনাৰ সপোন জীয়াই ৰাখিলে দলটোৱে । আনহাতে, সমগ্ৰ খেল খনত পাছৰ ফালৰ পৰা ক্ৰ'ৱেছিয়াই দমন কৰি ৰখাৰ পাছতো দক্ষিণ আমেৰিকান শৈলীৰ সন্মুখত নতশিৰ হ'ব লগীয়া হয় দলটো ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in