/asomiyapratidin/media/media_files/2025/03/12/VzKo5nOm9uhaT6r7sIv0.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ আহোম যুগৰ ৰাজধানী ৰংপুুৰৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত বিশিষ্ট শিক্ষাবিদ তথা ক্ৰীড়াবিদ অকণ বৰুৱাৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত ভলীবল প্রতিযোগিতা সম্পন্ন কৰা হয় ৷ এই প্ৰতিযোগিতাত বিদ্যুৎ পৰিষদ দলে সৰভোগ দলক ২৫-১৫, ২৫-২০, ২৫-১৮ গেমত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।
/asomiyapratidin/media/media_files/2025/03/12/V2lvGfL7x2f1DogfhvCt.jpeg)
শ্রেষ্ঠ খেলুৱৈ দয়াল বসুমতাৰী (বিদ্যুৎ পৰিষদ), প্রশান্ত ভূঞা, শ্রেষ্ঠ লিবেৰ, সৰভোগৰ ধনমণি দাসে লাভ কৰে। প্রতিযোগিতাত অসমৰ আগশাৰীৰ আঠটা দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে শিৱসাগৰ কলেজ, জয়সাগৰৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা খ্যাতনামা খেলুৱৈ গৰাকীৰ স্মৃতিত প্ৰথম বাৰ্ষিক “অকণ বৰুৱা সোঁৱৰণি ভলিবল প্ৰতিযোগিতা, তলাতল কাপ-২০২৫” সফলভাৱে সম্পন্ন কৰাৰ পিছত পৰৱৰ্তী প্ৰতিবছৰে এই প্ৰতিযোগিতা ঐতিহাসিক তলাতল ঘৰৰ সন্মুখতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
উল্লেখ্য যে প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অখিল আহোমে ৷ উদ্বোধনী অনুষ্ঠানত জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য পৰিৱেশন কৰা হয় ৷ কৈৱৰ্ত দলনি অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীয়ে নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
/asomiyapratidin/media/media_files/2025/03/12/OSwxu0tIpvkmuHEmdA53.jpeg)
শিক্ষাবিদ অকণ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ক্ৰীড়া উদ্যোগী তথা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু প্ৰয়াত অকণ বৰুৱাৰ কনিষ্ঠ পুত্ৰ সুমিত বৰুৱাই ৷ শিক্ষাবিদ অকণ বৰুৱাৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে আলোকপাত কৰে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উৎপল দত্তই ৷
উদযাপন সমিতিৰ হৈ আদৰণি ভাষণ প্ৰদান কৰে জামালউদ্দিন আহমেদে ৷ অসম ভলিবল সন্থাৰ হৈ বক্তব্য প্ৰদান কৰে কোষাধক্ষ্য মুকুট গগৈয়ে ৷ অনুষ্ঠানত অসম ভলিবল সন্থা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুতুল বৰুৱা, অসম ভলিবল সন্থাৰ কোষাধ্যক্ষ মুকুট গগৈ, শিৱসাগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তথা শিক্ষাবিদ ড° প্ৰকাশ কটকী, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° প্ৰফুল্ল কলিতা শিৱসাগৰ যুৱদলৰ সভাপতি পি কে বৰুৱা, শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পার্থপ্ৰতিম খনিকৰ, শুভ্ৰজিত খাউণ্ড, শিৱসাগৰ ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, অসম অলিম্পিক সন্থা সদস্য শৰৎ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় ৷
/asomiyapratidin/media/media_files/2025/03/12/GWoJiEZaEE6ptpal5Q13.jpeg)
প্ৰতিযোগিতাত ব্ৰহ্মপুত্ৰ ভলিবল লীগৰ ১২ বছৰ অনুৰ্ধ্বৰ শাখাৰ বিজয়ী শিৱসাগৰ ছোৱালী দলক বিশেষ সম্বৰ্ধনা সহিতে নগদ ধনেৰে পুৰস্কৃত কৰা হয় ৷ প্ৰতিযোগিতাত মুখ্য ৰেফাৰী হিচাপে উৎপল বৰুৱা, অনন্ত শইকীয়া, ৰাজু গগৈ, দ্বীপেন শইকীয়া, অচিন্ত বৰঠাকুৰ আৰু হেমন্ত গগৈয়ে দায়িত্ব পালন কৰে ৷
প্ৰতিযোগিতাত এ এছ ই বি, গুৱাহাটী, সৰভোগ, নাহৰকটীয়া, তেজপুৰ, ডিফু, ঢকুৱাখনা, শিৱসাগৰ জুনিয়ৰ ল’ৰা দল আৰু তৃতীয় অসম আৰক্ষী বেটেলিয়নৰ দলে অংশগ্ৰহণ কৰে ৷ প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসমৰ ক্ৰীড়া উদ্যোগৰ বাটকটীয়া তথি উজনীয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত আৰু খ্যাতনামা ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই।
/asomiyapratidin/media/media_files/2025/03/12/Y1lX1sSBuVs0vMR76kil.jpeg)
প্ৰথম ছেমিফাইনেল এ এছ ই বি, গুৱাহাটী বনাম নাহৰকটীয়া আৰু দ্বিতীয় ছেমিফাইনেল সৰভোগ বনাম তেজপুৰ দলৰ মাজত সম্পন্ন হয় ৷ ফাইনেল খেল এ এছ ই বি, গুৱাহাটী বনাম সৰভোগৰ মাজত সম্পন্ন হয় ৷
প্ৰতিযোগিতাত বিজয়ী দলৰ খিতাপ এ এছ ই বি, গুৱাহাটীয়ে লাভ কৰাৰ বিপৰীতে বিজিত দলৰ সন্মান লাভ কৰে সৰভোগ দলে ৷ শ্ৰেষ্ঠ স্মেচাৰৰ সন্মান প্ৰশান্ত (এ এছ ই বি, গুৱাহাটী), শ্ৰেষ্ঠ চেতাৰ দয়াল বসুমতাৰী (এ এছ ই বি, গুৱাহাটী), শ্ৰেষ্ঠ লিবেৰ' নয়নজ্যোতি দাসে (সৰভোগ) লাভ কৰে ৷ সামৰণি অনুষ্ঠানত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, শিৱসাগৰ বন সংমণ্ডল বিষয়া কুশল ডেকা, শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ ভাগৱতী, দাতা পৰিয়াল মানস বৰুৱা (পুত্ৰ),সুমিত বৰুৱা (পুত্ৰ), সংগীতা বৰা (বোৱাৰী), অপৰাজিতা দাস বৰুৱা (বোৱাৰী) ডাঃ হেমন্ত বৰুৱা (ভনী-জোঁৱাই), ড° লাবন্য গগৈ ,সাদৰী বৰুৱা উপস্থিত থাকে ৷বিজয়ী দলক মনোজ ভাগৱতী আৰু দাতা পৰিয়ালৰ লোকে প্ৰদান কৰে ৷
/asomiyapratidin/media/media_files/2025/03/12/fP2GCiAKmalTu5P42lGS.jpeg)
বিজিত দলক বসন্ত গগৈ আৰু দাতা পৰিয়াল বৰ্গৰ সহযোগিতাত বঁটা প্ৰদান কৰে।বঁটা বিতৰণী অনুষ্ঠানত প্রাক্তন খেলুৱৈ হৰেন দুৱৰা, কেম্পা কোলা আৰু ইণ্ডিপেণ্ডেল ক’ল্ড ড্ৰিংকছৰ ডিষ্ট্রিবিউটৰ ৰিন্টু শৰ্মা আৰু কৌশিক বাইলুং উপস্থিত থাকি বঁটা বিতৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us