Advertisment

পুনৰ ক্ৰিকেট খেলিব এ বি ডিভিলিয়াৰ্ছে...

এক দীঘলীয়া সময়ৰ বিৰতিৰ পৰা পাছত পুনৰ হাতত বেট তুলি লবলৈ সাজু হৈছে মিষ্টাৰ ৩৬০। যেন ৪ বছৰৰ বাবে তেওঁ গৈছিল বনবাসলৈ।এই বনবাসৰ অন্ত পৰাত তেওঁ পুনৰ ঘূৰি আহিব ৰণক্ষেত্ৰলৈ। 

author-image
Asomiya Pratidin
New Update
পুনৰ ক্ৰিকেট খেলিব এ বি ডিভিলিয়াৰ্ছে...

ডিজিটেল ডেস্কঃ এক দীঘলীয়া সময়ৰ বিৰতিৰ পৰা পাছত পুনৰ হাতত বেট তুলি লবলৈ সাজু হৈছে মিষ্টাৰ ৩৬০। যেন ৪ বছৰৰ বাবে তেওঁ গৈছিল বনবাসলৈ। ৪ বছৰীয়া বনবাসৰ দিন শেষ হোৱাত এতিয়া তেওঁ পুনৰ ঘূৰি আহিবলৈ সাজু হৈছে ৰণক্ষেত্ৰলৈ। 

Advertisment

আধুনিক ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ, ভদ্ৰ আৰু সৰ্বজন প্ৰিয় ক্ৰিকেটাৰ এ বি ডিভিলিয়াৰ্ছ। আজিৰ পৰা ৪ বছৰ পূৰ্বে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীকে আচৰিত কৰি তেওঁ ২০২১ ত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ এনে সিদ্ধান্তত স্বাভাৱিকতে হতাশ হৈছিল অনুৰাগীসকল।

সকলোৱে ধাৰণা এই সিদ্ধান্তক পুনৰ বিবেচনা কৰি হয়তো আকৌ খেল পথাৰলৈ উভতি আহিব মিষ্টাৰ-৩৬০। অনুৰাগীৰ সেই আশা এতিয়া পুৰণ হোৱাৰ দিশে আগবাঢ়িছে। পুনৰ ২২ গজত নিজৰ ক্ৰিকেটিয় যাদু দেখুৱাবলৈ সাজু হৈছে এ বি ডিভিলিয়াৰ্ছ।

দক্ষিণ আফ্ৰিকাৰ এই মহান ক্ৰিকেটাকৰগৰাকীয়ে ক্ৰিকেটৰ পথাৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লোৱাৰ সমান্তৰালকৈ এক গধূৰ দায়িত্ব পালনৰ বাবে সাজু হৈছে। তেওঁ কান্ধ পাতি লবলৈ উলাইছে অধিনায়কৰ দৰে দায়িত্বও।  

বিশ্ব ক্ৰিকেটত অবিশ্বাস্য যেন লগা শ্বটৰ বাবে বিখ্যাত এবি ডিভিলিয়াৰ্ছ। আই পি এলত দীৰ্ঘদীন ধৰি তেওঁ আছিল আৰ চি বিৰ সদস্য। ভাৰতীয় ক্ৰিকেটাৰক ভাৰতত যিদৰে সন্মান দিয়া হয়, যিদৰে জনপ্ৰিয় সেইদৰেই এইগৰাকী বিদেশী ক্ৰিকেটাৰো ভাৰতত সমানেই জনপ্ৰিয় আৰু সন্মানিত।

সেয়ে এবি ডিভিলিয়াৰ্ছৰ এই মহান ক্ৰিকেটাৰগৰাকীৰ প্ৰত্যাৱৰ্তনৰ খবৰে ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলকো যে উৎফুল্লিত কৰি তুলিব সেয়া নিশ্চিত। জানিব পৰা মতে ডিভিলিয়াৰ্ছে বিশ্ব লিজেণ্ডছ চেম্পিয়নশ্বিপত খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই প্ৰতিযোগিতাত তেওঁ দক্ষিণ আফ্ৰিকা চেম্পিয়ন দলক নেতৃত্ব প্ৰদান কৰিব। বিশ্ব লিজেণ্ডছ চেম্পিয়নশ্বিপ মূলত অৱসৰ গ্ৰহণ কৰা ক্ৰিকেটাৰসকলৰ মাজৰ টি-২০ প্ৰতিযোগিতা।

ক্ৰিকেটলৈ প্ৰত্যাবৰ্তনৰ সন্দৰ্ভত ডিভিলিয়াৰ্ছে কয়,  চাৰি বছৰ পূৰ্বে মই অৱসৰ গ্ৰহণ কৰিছিলো। কাৰণ ভিতৰৰ পৰা আৰু ক্ৰিকেট খেলাৰ কোনো তাগিদা অনুভৱ কৰা নাছিলো। কিন্তু বহু সময় পাৰ হৈ গল। মই মোৰ ল'ৰা ছোৱালীবোৰকো ক্ৰিকেট খেলা দেখিছো। আমি বাগিচাত একেলগে বহু ক্ৰিকেট খেলোঁ।

ডিভিলিয়াৰ্ছে ভিতৰৰ জুইকুৰা জ্বলাই ৰাখিবলৈ পুনৰ ক্ৰিকেটলৈ ঘূৰি আহিবলৈ বিচাৰিছে। তেওঁ কয়, এতিয়া মই অনুভৱ কৰিছো যে, মোৰ মাজত এতিয়াও জুই আছে। এই জুইক জ্বলাই দিয়াৰ প্ৰয়োজন। গতিকে মই নেট আৰু জিমলৈ উভতি যাম। জুলাইত ৱৰ্ল্ড লিজেণ্ডছ লীগৰ আগত সাজু হৈ উঠিম।

উল্লেখ্য যে, অহা ১৮ জুলাইৰ পৰা ২ আগষ্টলৈ অনুষ্ঠিত হব এই প্ৰতিযোগিতা। এই দলটোত দক্ষিণ আফ্ৰিকাৰ জেক কালিছ, হাৰ্চিলছ গিবছ, ডেল ষ্টেইন, ইমৰান তাহিৰৰ দৰে তাৰকা ক্ৰিকেটাৰো আছে। এইসকলৰ সৈতে এইবাৰ যোগ দিব মিষ্টাৰ ৩৬০ য়ে।

 

ক্ৰিকেট