তিতাবৰত সপ্তম সদৌ অসম ছিনিয়ৰ পেনছাক ছিলাট চেম্পিয়নশ্বিপৰ সামৰণি

উৰিষ্যাৰ ৰাষ্ট্ৰীয় পেনচাক ছিলাট চেম্পিয়নশ্বিপৰ বাবেও খেলুৱৈ বাচনি

author-image
Asomiya Pratidin
New Update
তিতাবৰত সপ্তম সদৌ অসম ছিনিয়ৰ পেনছাক ছিলাট চেম্পিয়নশ্বিপৰ সামৰণি

তিতাবৰত সপ্তম সদৌ অসম ছিনিয়ৰ পেনছাক ছিলাট চেম্পিয়নশ্বিপৰ সামৰণি

ডিজিটেল ডেস্কঃ যোৰহাট জিলাৰ তিতাবৰ ইনড'ৰ ষ্টেডিয়ামত ১১ আৰু ১২ মে'ত অনুষ্ঠিত হয় সপ্তম সদৌ অসম ছিনিয়ৰ পেনছাক ছিলাট চেম্পিয়নশ্বিপ । দুদিনীয়াকৈ আয়োজিত প্ৰতিযোগিতাত অসম পেনচাক ছিলাট এছ'চিয়েচনৰ উপ-সভাপতি মৃদু প্ৰবন জোন, সাধাৰণ সম্পাদক লক্ষ্যজিত দলে, যোৰহাট পেনচাক ছিলাট এছ'চিয়েচনৰ সভাপতি বুবু শইকীয়া, সম্পাদক অঞ্জন শ্যাম, তিতাবৰ মহকুমাৰ মহকুমাধিপতি বিপাংকিতা দত্ত আদি ব্যক্তি উপস্থিত থাকে ।

Advertisment

খেলুৱৈসকলে টেণ্টিং, টুংগাল, ৰেগু, গাণ্ডা কিম্বা ছ'লো আদি বিভাগৰ প্ৰতিযোগিতা আগবঢ়ায় । সদৌ অসম ভিত্তিত আয়োজিত প্ৰতিযোগিতাখনিত ৰাজ্যৰ ৩২ খন জিলাৰ দুই শতাধিক খেলুৱৈয়ে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়ে ।

বিজয়ী প্ৰতিযোগীসকলক সোণ, ৰূপ, ব্ৰঞ্জ-(i) আৰু ব্ৰঞ্জ-(ii)ৰ পদক আৰু প্ৰমাণপত্ৰ প্ৰদান দান কৰা হয়। লগতে সোণৰ পদকপ্ৰাপ্ত খেলুৱৈসকলক ১০ ৰ পৰা ১৩ জুনলৈ উৰিষ্যাত হ'বলগীয়া ৰাষ্ট্ৰীয় পেনচাক ছিলাট চেম্পিয়নশ্বিপৰ বাবে বাচনি কৰা হয় ।

উল্লেখ্য যে বাচনিভুক্ত খেলুৱৈসকলক ১৫ মে' ৰ পৰা ৫ জুনলৈকে ২০ দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি অসম পেনচাক ছিলাট এছ'চিয়েচনৰ সাধাৰন সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেই জানিবলৈ দিয়ে ।

Also Read: অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...

তিতাবৰ