/asomiyapratidin/media/media_files/2024/12/13/VpQQkBwZas0XTsSkiWTP.png)
ডিজিটেল ডেস্কঃ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া প্ৰতিযোগিতাৰ কাৰাটেত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১১ আগষ্টৰ পৰা পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হোৱা অনুৰ্ধ্বৰ ১৪ বছৰৰ ছোৱালীৰ কুমিটেৰ -৪২ কেজি শাখাত ৰশ্মি প্ৰধানে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
সেইদৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অনুৰ্ধ্ব ১৭ বছৰৰ ছোৱালীৰ -৩৬ কেজি শাখাত তনয়া নাথে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে দিল্লীত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত তক্ষীল মজুমদাৰে অনুৰ্ধ্বৰ ১৭ বছৰৰ -৫০ কেজি শাখাত ৰূপৰ পদক, অনুৰ্ধ্বৰ ১৭ বছৰৰ -৬৮ কেজি শাখাত পংখী প্ৰিয়া বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
একেদৰে পঞ্জাৱৰ লুধিয়ানত হৈ থকা অনুৰ্ধ্বৰ ১৪ বছৰৰ বিভিন্ন ৱেইট কেটেগৰীত ইয়াৰ পূৰ্বে নাহট হুছেইনে ৰূপ, হিমাংশ বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। পদক প্ৰাপ্ত আটাইকেইগৰাকী খেলুৱৈকে সদৌ অসম কাৰাটে সন্থাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত অধিক সফলতাৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।