৪৪ সংখ্যক ৰাষ্ট্ৰীয় আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত ৯ টা সোণ,১১টা ৰূপ আৰু ৬ ব্ৰঞ্জেৰে অসম দলৰ আধিপত্য…

৪৪ সংখ্যক ৰাষ্ট্ৰীয় আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত ৯ টা সোণ,১১টা ৰূপ আৰু ৬ ব্ৰঞ্জেৰে অসম দলৰ আধিপত্য…

author-image
asomiyapratidin
New Update
৪৪ সংখ্যক ৰাষ্ট্ৰীয় আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত ৯ টা সোণ,১১টা ৰূপ আৰু ৬ ব্ৰঞ্জেৰে অসম দলৰ আধিপত্য…

ডিজিটেল সংবাদ , বেবেজীয়া: সুদুৰ জম্মু -কাশ্মীৰৰ সোনামাৰ্গত যোৱা ১৮ আগষ্টৰ পৰা আৰম্ভ হোৱা ৪৪ সংখ্যক সৰ্ব ভাৰতীয় আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপত অসম দলৰ হৈ অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ অভাৱনীয় সফলতাই ৰাজ্য খনৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। হীৰু ডেকাৰ নেতৃত্বত যোৱা অসম দলটোৰ ঈশ্বাৰানী বৈশ্য (ছোৱালী শাখাত) আৰু নিলোফাৰ আহমেদে (মহিলা শাখাত) চেম্পিয়ন অৱ দ্যা চেম্পিয়নৰ খিতাপ দখল কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

চেম্পিয়নশ্বিপ খনত অসম দলৰ খেলুৱৈ সকলে ৯টা সোণ,১১ ৰূপ আৰু ৬ ব্ৰঞ্জৰ পদক লাভ কৰি অসম আৰ্মৰেষ্টলিং এচোছিয়েশ্যনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। তদুপৰি অসম দলটোক দ্বিতীয় শ্ৰেষ্ঠ (পুৰুষ) আৰু দ্বিতীয় শ্ৰেষ্ঠ (মহিলা)দল হিচাপে ঘোষণা কৰি পুৰস্কাৰ প্ৰদান কৰে।

ইপিনে, অসম দলৰ হৈ চেম্পিয়নশ্বিপ খনত পদক লাভ কৰা বিজয়ী খেলুৱৈ সকল ক্ৰমে – ৫০ কিলোগ্ৰাম শাখাৰ মহিলা আৰু ছোৱালী উভয় শাখাত ঈশ্বাৰানী বৈশ্য প্ৰথম স্থান, ৫৫ কিলোগ্ৰাম শাখাত (ছোৱালী) ৰঞ্জিতা বৰুৱা প্ৰথম স্থান,৫০ কিলোগ্ৰাম শাখাত (ল'ৰা) অমিত বৈশ্য দ্বিতীয় স্থান আৰু হিতেশ ডেকা তৃতীয় স্থান,৬০ কিলোগ্ৰাম শাখাত (মহিলা)ৰিমলি ডেকা দ্বিতীয় স্থান,ৰঞ্জু বৰুৱা তৃতীয় স্থান,৬০ কিলোগ্ৰাম শাখাত (পুৰুষ) দিপাংকৰ দাস প্ৰথম স্থান,আফৰুজ আহমেদ দ্বিতীয় স্থান, ৬৫ কিলোগ্ৰাম শাখাত (মহিলা) নিলোফাৰ আহমেদ প্ৰথম স্থান,দেৱী দৈমাৰী দ্বিতীয় স্থান,৯০ কিলোগ্ৰাম শাখাত (মাষ্টাৰছ) সৌৰভ হাজৰিকা প্ৰথম স্থান ,৮০ কিলোগ্ৰাম শাখাত (ছোৱালী) ৰিয়া হাজাৰী প্ৰথম স্থান,৫৫ কিলোগ্ৰাম শাখাত (ল'ৰা) জ্যোতিস্মান শইকীয়া তৃতীয় স্থান, ৮০ কিলোগ্ৰাম শাখাত (পুৰুষ) সঞ্জু বৰুৱা দ্বিতীয় স্থান,৭০ কিলোগ্ৰাম শাখাত (ল'ৰা) মৃন্ময় নাথ দ্বিতীয় স্থান,৮০ কিলোগ্ৰাম (মহিলা) ৰিয়া হাজাৰী প্ৰথম স্থান,৬৫ কিলোগ্ৰাম শাখাত (পুৰুষ) ৰছিদুল আলি প্ৰথম স্থান,৬৫ কিলোগ্ৰাম শাখাত (পুৰুষ) অভিনাথ হাজৰিকা দ্বিতীয় স্থান,৭৫ কিলোগ্ৰাম শাখাত (পুৰুষ) অম্বৰ উপাধ্যায় দ্বিতীয় স্থান,৫৫ কিলোগ্ৰাম শাখাত ( পুৰুষ) জ্যোতিস্মান শইকীয়া প্ৰথম স্থান, বিদ্যুৎ বড়ো তৃতীয় স্থান,৮০ কিলোগ্ৰাম শাখাত ( ল'ৰা) হৃদয় নাথ তৃতীয় স্থান,৯০ কিলোগ্ৰাম শাখাত (পুৰুষ) মৃদুল বৰুৱা তৃতীয় স্থান,৫৫ কিলোগ্ৰাম শাখাত (ল'ৰা) অভয় দাস দ্বিতীয় স্থান আৰু ১১০ কিলোগ্ৰাম শাখাত (পুৰুষ) পংকজ চেত্ৰীয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ নিলগত অৱস্থিত অতি মনোৰম ঠাই সোনামাৰ্গত অনুষ্ঠিত হোৱা ৪৪ সংখ্যক ৰাষ্ট্ৰীয় আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপ খন আজি বিয়লি বঁটা বিতৰণিৰে সামৰণি পৰে।

আৰু পঢ়ক: ৰহাত পুখুৰীত উদ্ধাৰ দুই কণমানি সহ মাতৃৰ মৃতদেহ

assam Bebejia