/asomiyapratidin/media/media_files/2025/01/28/FP47QqrPk69j8xfJn1h5.jpg)
ডিজিটেল ডেস্কঃ সফলতাৰে সম্পন্ন হ’ল ২৭ সংখ্যক ইণ্ডিয়া ক্লাব অপেন টেনিছ চেম্পিয়নশ্বিপ-২০২৫। প্ৰতিযোগিতাখনৰ ল’ৰাৰ অনুৰ্ধ্বৰ ১০ বছৰৰ ছিংগলছৰ চূড়ান্ত খেলত শাখাত কুমাৰ শ্ৰেষ্ঠাই ধানুশ মহন্তক ৫-৪, ৮-৬,৪-৫, ৫-৭,৪২ ব্যৱধানত, অনুৰ্ধ্বৰ ১২ বছৰ ছিংগলছত অনিৰ্বান ডেকাই ৰিয়ান জ্যোতি দত্তক ৬-৩, ৬-২ ব্যৱধানত, অনুৰ্ধ্বৰ ১৪ বছৰ ছিংগলছত চান্দোগ্য ত্ৰিদিৱ পাঠকে এনৰিছ পাটৰক ৬-১, ৬-০ ব্যৱধানত, অনুৰ্ধ্বৰ ১৮ বছৰৰ ছিংগলছত ৰিয়ান কাশ্যপে চান্দোগ্য ত্ৰিদিৱ পাঠকক ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
সেইদৰে ছোৱালীৰ অনৰ্ধ্বৰ ১০ বছৰ ছিংগলছত ধানিস্কা মহন্তই ঋষিশ্ৰী ভৰদ্বাজক ৪-০, ৪-০ ব্যৱধানত, অনুৰ্ধ্বৰ ১২ বছৰৰ ছিংগলছত ধ্যানা আছিন মৰাঙে ফাগুন জ্যোতিক ৬-১, ৬-১ ব্যৱধানত, অনুৰ্ধ্বৰ ১৪ বছৰৰ ছিংগলছত এৰিশা মাহিন চৌধুৰীয়ে ধ্যানা আছিন মৰাঙক ৬-২,৬-৩ ব্যৱধানত, অনুৰ্ধ্বৰ ১৮ বছৰৰ ছিংগলছত নাবিহা মৰিয়ামক কাব্যঞ্জলি হাজৰিকাক ৬-৪, ৬-৪ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
জেণ্টেলমেনছ ছিংগলছত শ্বেইখ ইফটিকাৰ মহম্মদে উদিত গগৈক ৬-২, ৭-৬ ব্যৱধানত আৰু আৰু মহিলাৰ ছিংগলছত জাষ্টিনা বৰগোহাঁয়ে নাবিহা মৰিয়মক ৪-৬, ৬-২, ১০-৬ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
৩০ বছৰ উৰ্ধ্বৰ মিক্সড ডাৱলছৰ ফাইনেলত সুধান্ত শেখৰ মহান্তি আৰু পি কামাখ্যাৰ জুটিয়ে কুমাৰ প্ৰজাপতি আৰু হৰজীত সিঙৰ জুটিক ৬-১, ৬-১ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।
৩৫ বছৰৰ উৰ্ধ্বৰ জেণ্টলমেনছ ডাৱলছত প্ৰিয়ানুজ দত্ত লহকৰ আৰু ৰাজেশ বৰুৱাৰ জুটিয়ে টুটু থাপা আৰু শিৱ প্ৰজাপতিৰ জুটিক ৪-৬, ৬-৩, ১২-১০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়।
৪৫ বছৰ উৰ্ধ্বৰ জেণ্টেলমেনছ ডাৱলছত ড০ ভাৰত ফুকন আৰু ৰন্দীপ বৰুৱাই দেৱেন্দ্ৰ সিং আৰু শান্তনু চৌধুৰীৰ জুটিক ৮-৩ ব্যৱধানত পৰাস্ত পৰাস্ত কৰি চেম্পিয়ন হয়। ৫৫ বছৰ উৰ্ধ্বৰ জেণ্টেলমেনছ ডাৱলছত ড০ ভাৰত ফুকন, ৰনদ্বীপ বৰুৱাৰ জুটিয়ে অম্লানদ্বীপ দাস, দীপক কুমাৰ দাসক ৮-৪ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়। সেইদৰে ৬০ বছৰ উৰ্ধ্বৰ জেণ্টেলমেনছ ডাৱলছত ড০ ভাৰত ফুকন আৰু সিদ্ধাৰ্থ শৰ্মাৰ যুটিয়ে অম্লানদ্বীপ দাস আৰু অনুপম চৌধুৰীৰ যুটিক ৮-৪ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়।
প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদকপ্ৰাপ্ত খেলুৱৈসকলক বঁটা প্ৰদান কৰে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱনে। তাৰোপৰি এই অনুষ্ঠানত উপস্থিত থাকে লগতে চি চৰন বাজৰিয়া, বিজন চৌধুৰী, অংকুশ দত্ত, অৰূপ কুমাৰ দাস আৰু তেওঁৰ পৰিয়াল, পাহাৰি দাস আৰু তেওঁৰ পৰিয়াল, জ্যোতি দাস আৰু তেওঁৰ পৰিয়াল, অনিৰ্বান ডেকা আদি উপস্থিত থাকে।