/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d4a56a4b-32b8-4e5e-93d4-6c2fad1a5fd4/novak.jpg)
২২ সংখ্যক গ্ৰেণ্ডশ্লেম খিতাপ দখল জক'ভিচৰ
ডিজিটেল ডেস্ক : ৰডলেভাৰ এৰিনাত দশমটো অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জিকি সিংহাসনলৈ প্ৰত্যাৱৰ্তন ঘটিল সম্ৰাট ন'ভাক জক'ভিচৰ । ইয়াৰ লগে লগে যোৱাবাৰ খেলিব নোৱাৰাৰ ক্ষোভ প্ৰশমিত কৰিলে ছাৰ্বিয়ান তাৰকাজনে । দেওবাৰে অনুষ্ঠিত ফাইনেলত কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া নহ'ল । গ্ৰীচৰ ষ্টেফানোজ ছিছিপাছক পোনপটীয়াভাৱে ৬-৩, ৭-৬, ৭-৬ ছেটত হৰুৱাই ৰাফেল নাডালক স্পৰ্শ কৰিলে জক'ভিচে । একেদৰেই স্থানচ্যুত কৰিলে ভৱিষ্যতৰ নাডালৰূপী কাৰ্লোছ আলভাৰেজক । পুনৰ শীৰ্ষস্থানত উঠিল জক'ভিচ ।
৩৫ বছৰীয়া এই তাৰকা জন ছন্দত থাকিলে বাধা দিয়াৰ ক্ষমতা কমসংখ্যকৰহে আছে । জক'ভিচ সেয়ে অপ্ৰতিৰোধ্য । তীব্ৰ গতিত ধাৱমান ।
উল্লেখ্য যে, ২২ সংখ্যক গ্ৰেণ্ডশ্লেম জিকি নাডালক স্পৰ্শ কৰাৰ পিচত জক'ভিচে আৱেগক বান্ধি ৰাখিব নোৱাৰিলে । ক'ৰ্টৰ পৰা দৌৰি নিজ দলৰ কাষ চাপিয়েই কান্দোনত ভাগি পৰিল তাৰকা খেলুৱৈ জন । সেই কান্দোনে স্পৰ্শ কৰিলে সমগ্ৰ বিশ্বক ।
আৰু পঢ়ক : তিতাবৰত আকস্মিক পৰিদৰ্শন কেবিনেট মন্ত্ৰী সঞ্জয় কিষানৰ