তিতাবৰত আকস্মিক পৰিদৰ্শন কেবিনেট মন্ত্ৰী সঞ্জয় কিষানৰ

তিতাবৰত  আকস্মিক পৰিদৰ্শন কেবিনেট মন্ত্ৰী সঞ্জয় কিষানৰ

ডিজিটেল সংবাদ, বেকাজান : অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষানে দেওবাৰে আকস্মিকভাৱে তিতাবৰত উপস্থিত হৈ কেইবাটাও বিভাগৰ কাম-কাজ পৰিদৰ্শন কৰে ৷ প্ৰথমে মন্ত্ৰী সঞ্জয় কিষানে তিতাবৰৰ ১০০ খন বিচনাযুক্ত মহকুমা চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনটো পৰিদৰ্শন কৰি চিকিৎসালয় খনত থকা বিভিন্ন সমস্যাৰ বুজ লয় ৷

তেওঁ চিকিৎসালয়খনৰ সকলো ধৰণৰ সুবিধা উপলব্ধ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগক অৱগত কৰাব বুলি আশ্বাস প্ৰদান কৰে । ইয়াৰ পাছতে তেওঁ তিতাবৰ জোনাকী মণ্ডল গাঁও আৰু মেলামাটিত কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা অমৃত সৰোবৰৰ আঁচনিৰ কাম পৰিদৰ্শন কৰে ৷

মন্ত্ৰী গৰাকীয়ে তিতাবৰৰ কেইবাখনো বিদ্যালয়ৰ লগতে অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে ৷ উল্লেখযোগ্য বিগত সময়চোৱাত তিতাবৰ সমষ্টিৰ জৰাজীৰ্ণ তথৈবচ বাট-পথৰ অৱস্থাত দেখি আশ্বৰ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় তিতাবৰ গ্ৰামাঞ্চলৰ বাট-পথ শোচনীয় গতিকে এই বিষয়ে বিভাগৰ লগত কথা পাতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in