Advertisment

পাকিস্তানৰ পৰিবৰ্তে ডুবাইত অনুষ্ঠিত হ'ব ভাৰতৰ চেম্পিয়নছ ট্ৰফীৰ মেচ

সমাগত চেম্পিয়নছ ট্ৰফী। এইবাৰ চুবুৰীয়া পাকিস্তানে এই মেগা ইভেণ্টখন আয়োজন কৰাৰ স্বত্ব লাভ কৰিছে যদিও পূৰ্বৰ এছিয়া কাপৰ দৰেই এই প্ৰতিযোগিতাখনো হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড।

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ পৰিবৰ্তে ডুবাইত অনুষ্ঠিত হ'ব ভাৰতৰ চেম্পিয়নছ ট্ৰফীৰ মেচ

ডিজিটেল ডেস্কঃ সমাগত চেম্পিয়নছ ট্ৰফী। এইবাৰ চুবুৰীয়া পাকিস্তানে এই মেগা ইভেণ্টখন আয়োজন কৰাৰ স্বত্ব লাভ কৰিছে যদিও পূৰ্বৰ এছিয়া কাপৰ দৰেই এই প্ৰতিযোগিতাখনো হাইব্ৰিড পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড।

Advertisment

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰ ব’ৰ্ডে পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে আই চি চিৰ চাপত পৰি পাকিস্তানে হাইব্ৰিড পদ্ধতিৰে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাত সন্মতি প্ৰকাশ কৰিছে। সেই অনুসৰিয়েই ভাৰতে প্ৰতিযোগিতাৰ মেচসমূহ খেলিব ডুবাইত।

এইবাৰ হাইব্ৰিড পদ্ধতিত চেম্পিয়নছ ট্ৰফীৰ বাবে নিৰপক্ষে ভেন্যু ডুবাই। অৱশ্যে পাকিস্তানে নিৰপেক্ষ ভেন্যু হিচাপে শ্ৰীলংকাকহে অগ্ৰাধিকাৰ দিছিল। যিহেতু ডুবাই নিৰপেক্ষ ভেন্যু হিচাপে নিৰ্বাচিত হৈছে সেয়ে ডুবাইতে ভাৰতৰ মেচসমূহ অনুষ্ঠিত হ’ব।

চেম্পিয়নছ ট্ৰফীত এইবাৰো হাইব্ৰিড পদ্ধতিৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগে আই চি চিয়ে ডুবাইকে নিৰপেক্ষ ভেন্যু হিচাপে ল’বলৈ পাক ক্ৰিকেট ব’ৰ্ডক প্ৰস্তাৱ দিছিল। কিন্তু পাক ক্ৰিকেট ব’ৰ্ডে প্ৰথমে হাইব্ৰি়ড পদ্ধতিৰ বিৰোধিতা কৰি আৰু পাছত এই পদ্ধতি অনুসৰণ কৰাৰ ক্ষেত্ৰত শ্ৰীলংকাকহে অগ্ৰাধিকাৰ দিছিল।

পিচিবিৰ মুখপাত্ৰ আমিৰ মীৰে এই প্ৰসংগত জনাইছে যে, ‘‘পিচিবিয়ে আনুষ্ঠানিকভাৱে আই চি চিক নিৰপেক্ষ ভেন্যুৰ বিষয়ে অৱগত কৰিছে। মহছিন নকভি আৰু শ্বেইখ আল নাহয়ানৰ মাজত আলোচনাৰ পাছতেই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। সংযুক্ত আৰব আমিৰশ্বাহীৰ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ শ্বেইখ আল নাহয়ান এই মুহূৰ্তত পাকিস্তানত আছে।’’

উল্লেখ্য যে, পাকিস্তান বা ভাৰতত আই চি চিৰ ইভেণ্ট অনুষ্ঠিত হ’লে এতিয়াৰে পৰা নিৰপেক্ষ স্থানতে অনুষ্ঠিত কৰাৰ সিদ্ধান্তত উপনীত হৈছে। ভাৰত আৰু পাক দুয়োটা দলেই দুয়োখন দেশ ভ্ৰমণৰ পৰা বিৰত থাকিব।

২০২৪ ৰ পৰা ২০২৭ পৰ্যন্ত এই ব্যৱস্থা অটুট থাকিব। আই চি চি ইভেণ্টৰ আয়োজক যিয়েই হ’ব তেওঁলোকৰ পছন্দ অনুসৰিয়েই নিৰপেক্ষ কেন্দ্ৰ নিৰ্বাচন কৰা হ’ব। অৰ্থাৎ ২০২৭ চন পৰ্যন্ত ভাৰত বা পাকিস্তানত আই চি চি ইভেণ্ট অনুষ্ঠিত হলে দুয়ো দেশৰ ক্ষেত্ৰতে হাইব্ৰিড মডেল অনুসৰণ কৰা হ’ব। 

২০২৩ ৰ এদিনীয়া বিশ্বকাপত পাকিস্তান দলটো ভাৰতলৈ আহিছিল যদিও ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপলৈ পাকিস্তান খেলিব যে নাহে সেয়াও স্পষ্ট হৈছে। তেওঁলোকৰ মেচসমূহ হ’ব নিৰপেক্ষ স্থানত। 

 

ক্ৰিকেট বি চি চি আই পাকিস্তান ক্ৰিকেট আই চি চি