/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b8c7de5b-06e8-4969-9145-7f2a70f90953/AP_FOR_WEB_rich_footballer.jpg)
ডিজিটেল ডেস্ক: ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ খেল ফুটবল।তাতে সম্প্ৰতি চৌদিশে কেৱল চৰ্চা বিশ্বকাপ ফুটবলৰ। মধ্য প্ৰাচ্যৰ ৰাজ্য কাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপ ২০২২ য়ে এতিয়া শীতৰ বতৰকো গৰম কৰি ৰাখিছে।প্ৰতিগৰাকী অনুৰাগীৰ চকু এতিয়া নিবদ্ধ হৈ ৰৈছে প্ৰিয় খেলুৱৈজনৰ নতুন অভিলেখত।
বিশ্বজুৰি বিভিন্ন ফুটবল লীগৰ পৰা বহু ব্যতিক্ৰমী প্ৰতিভাশালী ফুটবল খেলুৱৈ ওলাইছে।ফুটবল হৈছে উপাৰ্জনৰ ক্ষেত্ৰত আটাইতকৈ লাভজনক ক্ৰীড়া।পিছে আপুনি জানেনে আপোনাৰ প্ৰিয় তাৰকা খেলুৱৈজনৰ উপাজন কিমান? বিশ্বকাপৰ বতৰত আটাইতকৈ বেছি উপাৰ্জন কৰা বিশ্বৰ শীৰ্ষৰ ১০ জন ফুটবল খেলুৱৈৰ বিষয়ে আজি জানো আহক-
ফৈক বোলকিয়া
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6b488f45-dc8f-4da4-9475-b8dc7cb95afe/rich.jpg)
পৈতৃক সম্পত্তিসহ ২০ নিযুত ডলাৰৰ মুঠ সম্পত্তিৰ গৰাকী হৈ বিশ্বৰ আটাইতকৈ ধনী ফুটবল খেলুৱৈৰ তালিকাত প্ৰথমেই নাম আছে ফৈক বোলকিয়াৰ । ফৈক বোলকিয়া ব্ৰুনেইৰ ৰাজকুমাৰৰ পুত্ৰ। ফৈকে বৰ্তমান পৰ্তুগীজ ক্লাব মাৰিটিমোৰ হৈ মিডফিল্ডাৰ হিচাপে খেলপথাৰত নামে। বোলকিয়াই সপ্তাহত ১০০০ ডলাৰ উপাৰ্জন কৰে।
ক্ৰিষ্টিয়ান’ ৰ’নাল্ডো
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/37422585-ebe7-4794-be31-7e8ae2e650ed/cr7.webp)
পৰ্তুগীজৰ পেছাদাৰী তাৰকা ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ান’ ৰ’নাল্ডো বিশ্বৰ দ্বিতীয় ধনী ফুটবল খেলুৱৈ। তেওঁৰ উপাৰ্জন প্ৰায় ৫০০ নিযুত ডলাৰ। ৰ’নাল্ডোৱে বৰ্তমান ইটালিয়ান, জুভেণ্টাছ আৰু পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলে। জুভেণ্টাছত ৰোনাল্ডোৰ দৰমহা প্ৰতি সপ্তাহত প্ৰায় ৬৬৩০০০ ডলাৰ।আনহাতে, ৰ’নাল্ডোৱে ব্ৰেণ্ড ‘নাইকী’ৰ সৈতে এক বিলিয়ন ডলাৰৰ জীৱনজোৰা চুক্তি স্বাক্ষৰ কৰিছে।
Also Read: 10 Best Football Players of all time: বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ
লিয়’নেল মেছি
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b1e820f3-9b95-4c0d-abb5-0daa1e916f1b/messi.webp)
৩৪০০ নিযুত ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে মেছি হৈছে বিশ্বৰ তৃতীয় ধনী ফুটবল খেলুৱৈ। লিয়’নেল মেছি আৰ্জেণ্টিনাৰ।বাৰ্চিলোনাত চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত পেৰিছ ছেইণ্ট জাৰ্মেইনলৈ স্থানান্তৰিত হোৱা পেছাদাৰী তাৰকা ফুটবলাৰ লিয়’নেল মেছি। বৰ্তমান, মেছি হৈছে পৃথিৱীৰ সৰ্বাধিক উপাৰ্জন কৰা ফুটবল খেলুৱৈ।তেওঁৰ সপ্তাহিক দৰমহা ৬১৫০০০ডলাৰ।
নেইমাৰ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/b9cd983b-bffc-4b6d-ad54-f833013af713/neymar_jr.webp)
ব্ৰাজিলিয়ান পেছাদাৰী ফুটবলাৰ নেইমাৰ জুনিয়ৰক ২০২১ চনত বিশ্বৰ চতুৰ্থ ধনী ফুটবল খেলুৱৈ হিচাপে গণ্য কৰা হয়।তেওঁৰ মুঠ মূল্য আছিল ২০০ নিযুত ডলাৰ। নেইমাৰ জুনিয়ৰে ফৰাচী ফুটবল ক্লাব পিএছজিৰ হৈ খেলে। তেওঁ ৯৫.০ নিযুত ডলাৰ উপাৰ্জনৰে সৰ্বাধিক উপাৰ্জন কৰা এথলীট হিচাপে পৰিগণিত হৈছে।যাৰ ভিতৰত আছে তেওঁৰ দৰমহাৰ ৭০.৫ নিযুত ডলাৰ আৰু বিভিন্ন বেণ্ডৰ লগত হোৱা অনুমোদনৰ পৰা লাভ কৰা ২৫ নিযুত ডলাৰ।
জলাটন ইব্ৰাহিম’ভিক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c1ff28ed-8118-4396-987a-bc4d42bf9828/Zlatan_Ibrahimovic.webp)
জলাটন ইব্ৰাহিম’ভিক হৈছে এজন বিখ্যাত চুইডিছ ফুটবলাৰ যাক বিশ্বৰ পঞ্চম ধনী ফুটবলাৰ হিচাপে জনা যায়। যাৰ মুঠ মূল্য প্ৰায় ১৯৫ নিযুত ডলাৰ।সফল ষ্ট্ৰাইকাৰ হিচাপে জনাজাত জলাটনে অতি শেহতীয়াকৈ চিৰি এ ক্লাব এচি মিলানৰ হৈ খেলে। ইব্ৰাহিম'ভিচৰ বাৰ্ষিক দৰমহা ৩.৫ নিযুত।
ৱেইন ৰুনী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e84a0350-b00c-4444-8f0b-e165bf57fd7e/Rooney.webp)
২০২১ চনত বৰ্তমান বিশ্বৰ ষষ্ঠ ধনী ফুটবলাৰ হিচাপে পৰিগণিত ইংৰাজ কিংবদন্তি ৱেইন ৰুনীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬০ নিযুত ডলাৰ। ৱেইন ৰুনীয়ে তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় মানচেষ্টাৰ ইউনাইটেড ক্লাবৰ হৈ খেলিছিল আৰু ২০২১ চনত তেওঁ পেছাদাৰী ফুটবলৰ পৰা অৱসৰ লৈছিল।
গেৰেথ বেল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8d1ee577-f6ad-4c36-9518-ddf222c56d56/Gareth_Bale.webp)
ৱেলছৰ ষ্ট্ৰাইকাৰ গেৰেথ বেল বৰ্তমান ১৫০ নিযুত ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ সপ্তম ধনী ফুটবল খেলুৱৈ হিচাপে পৰিচিত। বেল এতিয়া ৱেলছৰ অধিনায়ক। তেওঁ প্ৰতি সপ্তাহত ৩৫০ হাজাৰ ডলাৰ মাচুল লয়।
আন্দ্ৰেছ ইনিয়েষ্টা
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/00c12766-6093-4f97-a7ef-2a65d38ec520/Andres_Iniesta.webp)
১২৩ নিযুত ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ ধনী খেলুৱৈৰ তালিকাত অষ্টম স্থানত নাম আছে বাৰ্চিলোনাৰ কিংবদন্তী আৰু মিডফিল্ড বিশেষজ্ঞ আন্দ্ৰেছ ইনিয়েষ্টা। তেওঁ এতিয়া জাপানী ক্লাব ৱিজেল কোবেৰ হৈ খেলে আৰু প্ৰতি সপ্তাহত ৫৭৬,৯২৩ ডলাৰ উপাৰ্জন কৰে।
মেচুট ওজিল
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1ce002a2-0cfb-466f-8dce-bda77a1f198d/Mesut_Ozil.webp)
বিশ্বৰ নৱম ধনী ফুটবল খেলুৱৈ হিচাপে পৰিচিত বিখ্যাত জাৰ্মান ফুটবল খেলুৱৈ মেচুট ওজিল।তেওঁৰ সম্পত্তিৰ পৰিমান ১২০ নিযুত ডলাৰ। ২০২০ চনত আৰ্চেনেলৰ সৈতে চুক্তি হোৱাৰ পিছৰে পৰা মেচুট ওজিলে বৰ্তমান তুৰ্কীৰ ক্লাব ফেনাৰবাহৰ মিডফিল্ডাৰ হিচাপে খেলি
ইডেন হেজাৰ্ড
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4de3ed84-7f23-4cd1-9ea3-6ab335c919fa/Eden_Hazard.webp)
ইডেন হেজাৰ্ডক বৰ্তমান বিশ্বৰ দশম ধনী ফুটবল খেলুৱৈ। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০০ নিযুত ডলাৰ। ইডেনে শেহতীয়াকৈ স্পেনিছ ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদত যোগদান কৰিছে। তেওঁ প্ৰতি সপ্তাহত ৪০০ হাজাৰ ডলাৰ উপাৰ্জন কৰে।