স্পাইচজেট বিমানত অঘটনঃ কথমপি বাচিল ১৫০ গৰাকী যাত্ৰী

দিল্লীৰ পৰা লেহ অভিমুখে উৰামৰা বিমানত কাৰিকৰী বিজুতি ৷

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা লেহ অভিমুখে উৰামৰা বিমানত কাৰিকৰী বিজুতি ৷ স্পাইচজেটৰ SG 121 (Boeing 737)নম্বৰৰ বিমানখনে পুৱা ৬ বাজি ৮ মিনিটত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লেহ অভিমুখে উৰা মাৰিছিল। 

Coronavirus Outbreak: SpiceJet to Suspend Delhi-Hong Kong Flights From  February 16

উৰণৰ কিছু সময়ৰ পাছতে স্পাইচজেটৰ বিমানখনৰ ইঞ্জিনত দেখা দিয়ে কাৰিকৰী বিজুতি ৷ যাৰ বাবে আদবাটৰ পৰাই বিমানখনে ৰাজধানী দিল্লীস্থ ইন্দিৰা গান্ধী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উভতিব লগা হয়। বিমানখনত থকা ১৫০ গৰাকী যাত্ৰী সম্পূৰ্ণ সুৰক্ষিত বুলি জানিব পৰা গৈছে। 

স্পাইচজেট