ভাৰতৰ বিৰুদ্ধে পানী হ'ব চীনৰ অন্যতম হাথিয়াৰ...

২০২৩ চনৰ ডিচেম্বৰ মাহত বেইজিঙে অনুমোদন জনোৱা বহু কোটি টকীয়া এই বান্ধটো অৰুণাচল প্ৰদেশৰ ভাৰতৰ সীমান্তৰ পৰা কিছু নিলগত নিয়িংচি অঞ্চলত নিৰ্মাণ কৰা হৈছে ৷

New Update
1

ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তক মৰুভূমি কৰি তোলাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ৰঙা চীন। ভাৰতৰ সীমান্তৰ সমীপত তিব্বতৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে চীনে। এই নদীবান্ধে মুহূৰ্ততে কি দৰে নিঃশেষ কৰি পেলাব পাৰিব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক? এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

Advertisment

ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত নিৰ্মাণ ৰঙা চীন নিৰ্মাণ কৰিব ওলাইছে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ। এই নদীবান্ধে শেষ কৰি পেলাব পাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক। ব্ৰহ্মপুত্ৰ হিচাপে ভাৰতলৈ বৈ যোৱা দক্ষিণ-পূব তিব্বতৰ ইয়াৰলুং ছাংপো নদীত চীনে বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে শনিবাৰে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰকল্প নিৰ্মাণৰ কাম আনষ্ঠানিকভাৱে উদ্বোধন কৰে। 

২০২৩ চনৰ ডিচেম্বৰ মাহত বেইজিঙে অনুমোদন জনোৱা বহু কোটি টকীয়া এই বান্ধটো অৰুণাচল প্ৰদেশৰ ভাৰতৰ সীমান্তৰ পৰা কিছু নিলগত নিয়িংচি অঞ্চলত নিৰ্মাণ কৰা হৈছে ৷ এই বান্ধটোৰ ফলত ভাৰত আৰু বাংলাদেশৰ সম্ভাৱ্য পৰিৱেশ আৰু কৌশলগত ভাবুকিৰ ওপৰত নতুন দিল্লীয়ে  উদ্বেগ প্ৰকাশ কৰি আহিছে যদিও বেইজিঙে ইয়াৰ নেতিবাচক প্ৰভাৱক অস্বীকাৰ কৰিছে।

লক্ষ্যণীয় যে, চীনৰ চৰকাৰী সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰা অনুসৰি, এই বান্ধটোৰ জৰিয়তে উৎপাদিত বিদ্যুৎ প্ৰাথমিকভাৱে ব্যৱহাৰৰ বাবে অন্য অঞ্চললৈ প্ৰেৰণ কৰা হ’ব, লগতে তিব্বতত স্থানীয় শক্তিৰ প্ৰয়োজনীয়তাও পূৰণ কৰা হ’ব।

এই নদীবান্ধৰ পৰা চীনে কিমান বিদ্যুৎ উৎপাদন কৰিব?

এই নদীবান্ধৰ পৰা প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট ঘণ্টা বিদ্যুৎ উৎপাদন হ’ব বুলি ধাৰণা কৰা হৈছে। জিনহুয়াৰ মতে, চীনৰ এই পৰিকল্পনাই কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যত উপনীত হোৱাত মূল ভূমিকা গ্ৰহণ কৰিব আৰু ইঞ্জিনিয়াৰিঙৰ দৰে উদ্যোগসমূহক উন্নীত কৰিব।

ইয়াৰ লগতে এই পৰিকল্পনাই তিব্বততো কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। এই প্ৰকল্পৰ অধীনত তিব্বতৰ পৰা কিমান লোক স্থানচ্যুত হ’ব আৰু ইয়াৰ ফলত স্থানীয় জলবায়ুত কেনে প্ৰভাৱ পৰিব সেই সন্দৰ্ভত চীনে কোনো তথ্য প্ৰকাশ কৰা নাই। এইটোৱেই হ’ব বিশ্বৰ সৰ্ববৃহৎ বান্ধ। যিটো নিৰ্মাণ কৰিবলৈ প্ৰায় ১.২ ট্ৰিলিয়ন ইউয়ান খৰচ হ’ব।

ব্ৰহ্মপুত্ৰৰ বান্ধৰ ফলত ভাৰত আৰু চীনৰ মাজত উত্তেজনা সৃষ্টি হ’ব

এই বান্ধটোৱে চীন আৰু ভাৰতৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। কাৰণ এই নদীখন ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰি প্ৰথমতে ছিয়াং হৈ তাৰ পিছত ব্ৰহ্মপুত্ৰ হিচাপে অসম আৰু বাংলাদেশৰ দিশে বৈ যায়। ফলত চীনৰ এই প্ৰকল্পৰ বাবেই ভাৰতে জলসংকটৰ আশংকা কৰিছে।

এই ক্ষেত্ৰত চীনে দাবী কৰিছে যে ইয়াৰ তলৰ অঞ্চলত নদীবান্ধৰ ফলত কোনো বিৰূপ প্ৰভাৱ নপৰে। কিন্তু পৰিৱেশবিদসকলে আশংকা কৰিছে যে বাৰিষাৰ সময়ত বান্ধটো খুলিলে হঠাতে পানী তললৈ বৈ বানপানীৰ সৃষ্টি হ’ব পাৰে আৰু শীতকালত পানী ধৰি ৰাখিলে পানীৰ তীব্ৰ নাটনি হ’ব পাৰে।

কেৱল সেয়াই নহয়, ভূতাত্ত্বিকভাৱে অতি স্পৰ্শকাতৰ অঞ্চলত ইমান বিশাল বান্ধ এটাই ভৱিষ্যতে ভূমিকম্পৰ আশংকাও বৃদ্ধি কৰিব পাৰে। তেনেস্থলত চীনৰ এই পদক্ষেপৰ পাছত নিশ্চিতভাৱে হাত সাৱতি বহি নাথাকে ভাৰত চৰকাৰ।

এই নদীবান্ধে কিদৰে বিপদত পেলাব ভাৰতক?

ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি তিব্বতৰ কৈলাশ পৰ্বতৰ ওচৰৰ আংচি হিমবাহৰ পৰা। ইয়াক চীনত ইয়াৰলুং ছাংপো বুলি জনা যায়। এই নদীখন তিব্বতৰ পৰা ৩০০০ কিলোমিটাৰ দূৰত্বত বৈ গৈ অৰুণাচল প্ৰদেশ, অসম হৈ বাংলাদেশত প্ৰৱেশ কৰে।

বাংলাদেশত ইয়াক যমুনা নামেৰে জনা যায়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ গংগা নদীৰ লগত মিলি যায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তিব্বতৰ এই বৃহৎ প্ৰকল্পৰ বাবে চীনে নামচা বৰৱা পৰ্বতৰ চাৰিওফালে কমেও চাৰিটা ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ খান্দিব লাগিব। ইয়াৰ ফলত তিব্বতৰ আটাইতকৈ দীঘল নদী ব্ৰহ্মপুত্ৰৰ প্ৰবাহ অন্য দিশলৈ গতি কৰিব। ইয়াৰ ফলত নিম্ন অঞ্চলত পানীৰ সোঁত কমি যাব।

পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নেকি চীনে?

ব্ৰহ্মপুত্ৰ নদীৰ পানীক ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে চীনে। প্ৰয়োজন হ’লে তিব্বতৰ মথাউৰিটোত জমা হৈ থকা পানী কোনো পূৰ্ব জাননী অবিহনে এৰি দিব পাৰে চীনে। ইয়াৰ ফলত অৰুণাচল প্ৰদেশ আৰু অসমৰ নামনি অঞ্চলত বানৰ সৃষ্টি হোৱাৰ লগতে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে। 

এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ ফলত আৱাসিক অঞ্চলৰ লগতে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ওপৰতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। নদীৰ প্ৰবাহে পলসৰ সৃষ্টি কৰে। এই পলস খনিজ পদাৰ্থৰে সমৃদ্ধ লগতে কৃষি আৰু উপকূলীয় অঞ্চলৰ স্থিৰতাৰ বাবে অপৰিহাৰ্য।

নদীবান্ধ নিৰ্মাণৰ ফলত পলসৰ প্ৰবাহত প্ৰভাৱ পৰা লগতে অৰুণাচল প্ৰদেশৰ জৈৱ বৈচিত্ৰ্যও প্ৰভাৱিত হ’ব পাৰে। অষ্ট্ৰেলিয়াস্থিত থিংক টেংক ল’ৱি ইনষ্টিটিউটে প্ৰকাশ কৰা ২০২০ চনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, এনেদৰে নদীসমূহৰ ওপৰত চীনৰ নিয়ন্ত্ৰণে পৰোক্ষভাৱে ভাৰতৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাৱ। 

চীনে তিব্বততো নিৰ্মাণ কৰিব পাঁচটা জলপ্ৰপাত বান্ধ

শনিবাৰে চীন ইয়াজিয়াং গ্ৰুপ নামৰ এটা নতুন প্ৰতিষ্ঠানৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ছিনহুয়াৰ বাতৰি অনুসৰি, তিব্বতৰ দক্ষিণ-পূবৰ নিংচি চহৰত অৱস্থিত পাঁচটা কেছকেড বান্ধ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দায়িত্ব ইয়াৰ দায়িত্ব এই প্ৰতিষ্ঠানটোক দিয়া হৈছে। ইয়াত উৎপাদিত বিদ্যুৎ মূলতঃ তিব্বতৰ বাহিৰত যোগান ধৰা হ’ব যদিও ইয়াৰ কিছু অংশ স্থানীয় ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বাবেও যোগান ধৰা হ’ব বুলি জানিব পৰা গৈছে।

মূলতঃ সামৰিক ভাবুকিতকৈও অধিক ভয়াৱহ চীনৰ এই নদীবান্ধ। অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ উপৰিভাগত চীনে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধক ভাৰতৰ বাবে জলবোমা আখ্যা দিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে।

শ্ৰী খাণ্ডুৱে কয়, চীনক বিশ্বাস কৰিব নোৱাৰি, তেওঁলোকে কি কৰিব পাৰে কোনেও নাজানে।চীনৰ পৰা অহা সামৰিক ভাবুকিক আঁতৰাই ৰাখিলে মোৰ এনে লাগে যে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। ই আমাৰ জনজাতি আৰু আমাৰ জীৱিকাৰ তথা অস্তিত্বৰ ভাবুকি কঢ়িয়াই আনিব। চীনে ইয়াক এক প্ৰকাৰৰ 'জল বোমা' হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ভাৰতে নদীবান্ধটো প্ৰভাৱ সন্দৰ্ভত বেইজিঙক নিজৰ উদ্বেগ প্ৰকাশ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানুৱাৰী মাহত কয় যে, আমি আমাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে নিৰীক্ষণ কৰিম আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিম। লগতে এই কাৰ্যকলাপৰ বাবে যাতে নামনিৰ অঞ্চলসমূহ ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চীনক আহ্বান জনোৱা হৈছে।

লক্ষ্যণীয় যে, নদীবান্ধ নিৰ্মাণক লৈ উদ্বিগ্ন হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে ব্ৰহ্মপুত্ৰৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হোৱা লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাই যাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে চীনৰ এই নদীবান্ধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী।

বৃহৎ নদীবান্ধ চীন-ভাৰত সম্পৰ্ক ভাৰত চীন সংঘাত