কৃষি বিভাগৰ চূড়ান্ত নিৰ্লিপ্ততা! মৌ উৎপাদনৰ নাই কোনো চৰকাৰী পঞ্জীয়ন, নাই লাভাংশৰ হিচাপ...

প্ৰাকৃতিক সম্পদ অসমৰ, কিন্তু ইয়াৰ পৰা অৰ্জন কৰা কোটি কোটি টকাৰ লাভাংশ প্ৰতিবছৰে ৰাজ্যৰ বাহিৰলৈ গুচি যায়। এই পৰিস্থিতি চলি থাকিলে, অসমৰ পৰম্পৰাগত মৌ পালকসকল বহিঃৰাজ্যৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈ ক্ৰমান্বয়ে ব্যৱসায় এৰিবলৈ বাধ্য হ'ব।

New Update
WhatsApp Image 2025-12-09 at 4.16.02 PM

কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে হাহাকাৰ কৰি থকাৰ সময়তে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ সুবিধা লৈ বহিঃৰাজ্যৰ একাংশ মৌ পালকে অসমত উৎপাদন কৰা উন্নত মানৰ মৌ বহিঃৰাজ্যৰ বজাৰ সমূহলৈ প্ৰেৰণ কৰি তাৰ পৰা বছৰি কোটি কোটি টকা উপাৰ্জন কৰি আহিছে। কিন্তু ৰাজ্যৰ কৃষি বিভাগৰ উদাসীনতাৰ ফলত এই বিপুল অৰ্থনৈতিক সুবিধাৰ পৰা থলুৱা বঞ্চিত হৈ আছে যুৱক-যুৱতীসকল। ৰাজ্যত মৌ ব্যৱসায়ৰ এক বিশাল সম্ভাৱনা থকা স্বত্বেও,কিদৰে চৰকাৰী অনীহাৰ বাবে এই সুযোগ হেৰুৱাছে থলুৱা যুৱক-যুৱতীয়ে, পঢ়ক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত...

অসম প্ৰকৃতিৰ এক অফুৰন্ত ভঁৰাল। সোণোৱালী শস্যৰ উপৰিও, ইয়াত থকা ভিন্ন প্ৰজাতিৰ ফুলে মৌমাখিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, ৰাজ্যখনৰ এই প্ৰাকৃতিক সম্পদক ব্যৱহাৰ কৰি থলুৱা যুৱকে স্বাৱলম্বী হোৱাতকৈ বহিঃৰাজ্যৰ মৌ পালকসকলেহে বিপুল অৰ্থনৈতিক সফলতা অৰ্জন কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰাজ্যৰ কৃষি বিভাগৰ চূড়ান্ত উদাসীনতাই বৰ্তমান ৰাজ্যৰ অৰ্থনীতি আৰু থলুৱা উদ্যোগীসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে।

istockphoto-1899244671-612x612
মৌ অসমৰ,স্বাৱলম্বী বহিঃৰাজ্য

১. বহিঃৰাজ্যৰ পালকৰ সফলতাৰ কাৰণ-

বিহাৰ, পশ্চিম বংগ,ৰাজস্থানৰ আৰু আন ৰাজ্যৰ পৰা অহা মৌ পালকসকলে সাম্প্ৰতিক সময়ত অসমৰ বিভিন্ন জিলা যেনে মাজুলী,লখিমপুৰ,গোলাঘাট,নগাঁও,মৰিগাঁও,কামৰূপ গ্ৰাম্য,বৰপেটা,ধুবুৰীৰৰ লগতে কোকৰাঝাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পথাৰসমূহত প্ৰতি বছৰে হাজাৰ হাজাৰ কুইন্টল মৌ উৎপাদন কৰি আহিছে।

অসমৰ জৈৱ-বৈচিত্ৰ্য অতি সমৃদ্ধ। দীঘলীয়া সময় ধৰি ফুলি থকা সৰিয়হ, তিল, তিয়ঁহ আৰু অন্যান্য ঔষধি গুণসম্পন্ন উদ্ভিদৰ সহজলভ্যতাৰ বাবে ইয়াত মৌ উৎপাদনৰ সুবিধা যথেষ্ট বেছি। বহিঃৰাজ্যৰ মৌ পালকসকলে উন্নত মানদণ্ডৰ মৌ পোহা সঁজুলি ব্যৱহাৰ কৰে আৰু তেওঁলোকে ঋতুভিত্তিক প্ৰব্ৰজনপদ্ধতিৰে অঞ্চল সলনি কৰি মৌমাখি পালন কৰে, যিয়ে উচ্চ মানদণ্ডৰ উৎপাদন নিশ্চিত কৰে।

images (8)
মৌ অসমৰ,স্বাৱলম্বী বহিঃৰাজ্য

তাৰোপৰি তেওঁলোকে প্ৰায়ে নিজ নিজ ৰাজ্যৰ পৰা প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু ঋণৰ সুবিধা লাভ কৰি আহে, যিয়ে তেওঁলোকক অসমত সহজে বজাৰ দখল কৰাত সহায় কৰে।

২. কৃষি বিভাগৰ উদাসীনতা আৰু থলুৱা উদ্যোগৰ দুৰ্দশা-

বহিঃৰাজ্যৰ মৌ পালকসকলে অসমৰ বজাৰ দখল কৰাৰ বিপৰীতে, থলুৱা যুৱক-যুৱতীসকল এই লাভজনক উদ্যোগৰ পৰা বঞ্চিত হৈ আছে। ইয়াৰ মুখ্য কাৰণ হৈছে ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা মৌ পালনৰ ক্ষেত্ৰত লোৱা সুসংগঠিত পদক্ষেপৰ অভাৱ। মৌ পালন এক প্ৰযুক্তিভিত্তিক উদ্যোগ। কিন্তু কৃষি বিভাগে যুৱক-যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াটো অতি দূৰৈৰে কথা এই পৰ্যন্ত বিভাগটোৰ হাতত মৌ উৎপাদন সন্দৰ্ভত নাই কোনো চৰকাৰী তথ্য।

লক্ষ্যণীয় যে, যিবোৰ চৰকাৰী আঁচনি আছে, সেইসমূহৰ ৰাজসাহায্য লাভৰ প্ৰক্ৰিয়া ইমানেই জটিল আৰু দীঘলীয়া যে নতুন উদ্যোগীসকলে সহজে সুবিধা ল'ব নোৱাৰে। বৃহৎ পৰিমাণৰ মৌ উৎপাদনৰ পিছত ইয়াক সংৰক্ষণ আৰু উন্নত মানদণ্ডত পেকিং কৰাৰ বাবে ৰাজ্যত অত্যাধুনিক মৌ প্ৰচেছিং ইউনিটৰ অভাৱ। ফলস্বৰূপে, যি কম সংখ্যক থলুৱা পালক আছে তেওঁলোকে কম দামত বহিঃৰাজ্যৰ মধ্যভোগীৰ হাতত মৌ বিক্ৰী কৰিবলৈ বাধ্য হয়।

1
মৌ অসমৰ,স্বাৱলম্বী বহিঃৰাজ্য

৩. অৰ্থনৈতিক ক্ষতি আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বান-

প্ৰতিবছৰে শীতকালত বহিঃৰাজ্যৰ পৰা অহা মৌ পালকে প্ৰায় ৪০-৫০ জনীয়া দল হৈ জিলাসমূহৰ চাপৰি অঞ্চলৰ পৰা মৌ সংগ্ৰহ কৰে। মৌ মাখিয়ে নিয়ম মতে মৌ সংগ্ৰহ কৰি বাকচৰ ভিতৰত থকা মৌ মাখিৰ ৰাণীৰ হাতত জমা দিয়ে। এনেকৈ মাত্ৰ ১৫ দিনৰ পৰা ২০ দিনত এনে এটা এটা গোটৰ পৰা প্ৰায় ৭০০ ৰ পৰা ৯০০ লিটাৰ মৌ সংগ্ৰহ কৰে বহিঃৰাজ্যৰ মৌ-পালকসকলে।

বহিঃৰাজ্যৰ প্ৰতিষ্ঠানে মৌ পালকৰ পৰা এই মৌ সমূহ উচিত মূল্যত ক্ৰয় কৰে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে কম দামৰ চেনিৰ চিৰাপ, গুৰ বা আন কৃত্ৰিম মিঠা পানী মিহলাই খাঁটি মৌৰ নামত ভেঁজাল মৌ বজাৰলৈ উলিয়াই দিয়ে। কিন্তু এই বেপাৰখনত ঠিকেই লাভৱান হয় বহিঃৰাজ্যৰ মৌ-পালকসকল।

 এনে শ শ কুইণ্টল মৌ প্ৰতি বছৰে যোগান দি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে মৌ-পালকসকলে। কিন্তু এই সমগ্ৰ প্ৰক্ৰিয়াৰ কোনো চৰকাৰী তথ্য-প্ৰমাণ অথবা হিচাপ নাই ৰাজ্যৰ কৃষি বিভাগৰ হাতত। বিভাগটোৰ এই নিৰ্লিপ্ততাৰ ফলত অসমৰ অৰ্থনীতিয়ে এক ডাঙৰ ক্ষতি বহন কৰিব লগা হৈছে।

Beekeeping
মৌ অসমৰ,স্বাৱলম্বী বহিঃৰাজ্য

প্ৰাকৃতিক সম্পদ অসমৰ, কিন্তু ইয়াৰ পৰা অৰ্জন কৰা কোটি কোটি টকাৰ লাভাংশ প্ৰতিবছৰে ৰাজ্যৰ বাহিৰলৈ গুচি যায়। এই পৰিস্থিতি চলি থাকিলে, অসমৰ পৰম্পৰাগত মৌ পালকসকল বহিঃৰাজ্যৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈ ক্ৰমান্বয়ে ব্যৱসায় এৰিবলৈ বাধ্য হ'ব।

৪. সমাধান-

মৌ উৎপাদনৰ কোনো চৰকাৰী পঞ্জীয়ন নাই আৰু লাভাংশৰ হিচাপ নাই কৃষি বিভাগৰ ওচৰত। এই সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে কৃষি বিভাগে কিছু পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত। থলুৱা উদ্যোগীৰ বাবে সহজলভ্য ঋণ আৰু ৰাজসাহায্যৰ সৈতে এক বিশেষ 'মৌ স্বাৱলম্বন আঁচনি' আৰম্ভ কৰিব লাগে। জিলা পৰ্যায়ত উন্নত মৌ পালন পদ্ধতিৰ ওপৰত বিস্তৃত আৰু প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা।

তাৰোপৰি চৰকাৰী বা যৌথ উদ্যোগত অত্যাধুনিক মৌ প্ৰচেছিং ইউনিট স্থাপন কৰিব লগাে। বহিঃৰাজ্যৰ পালকে অসমৰ প্ৰাকৃতিক সম্ভাৱনাৰ সঠিক মূল্য বুজিছে, এতিয়া সময় হৈছে ৰাজ্যৰ কৃষি বিভাগে কুকুৰীকণা ভাও এৰি এই উদ্যোগক আগুৱাই নিয়াৰ। অন্যথা, অসমৰ মাটিৰ মৌ আনৰ বাবে স্বাৱলম্বিতাৰ আহিলা হৈয়েই ৰ'ব।

মৌ মাখি