বিষয়- জীৱন বনাম ক্ৰীড়াংগন

বিষয়- জীৱন বনাম ক্ৰীড়াংগন

তুষাৰ প্ৰতিম

চৌদিশে কেৱল ঋণাত্মক খবৰ। হত্যা, হিংসা, প্ৰৱঞ্চনা, কুটিল ৰাজনৈতিক কথা বতৰাই উশাহ ল'ব নোৱাৰা এক পৰিস্থিতি। তাৰ মাজতেই জেঠ মহীয়া বানৰ সমান্তৰালকৈ ভূমিস্খলনে চৌদিশে চলাই থকা তাণ্ডৱে সকলোৰে মন, মগজুত ক্ৰিয়া কৰিছে। চকুলু সেমেকি উঠিছে সকলোৰে।

প্ৰাকৃতিক ভাৱে কিমান যে মনোৰম আছিল হাফলঙখন। সকলোকে হাতবাউলি মাতি আছিল হাফলঙ চহৰখনে। নতনুকৈ আৰম্ভ কৰা ভিষ্টাডম ৰে'লত উঠি হাফলঙৰ সৌন্দৰ্য উপভোগ কৰাৰ বহুতৰে আশা আশা হৈয়েই থাকিল। শেষ হৈ গ'ল হাফলঙখন।

হাফলঙৰ ভগ্নস্তূপৰ দৃশ্যবোৰে এই কেইদিন হয়তো বহুতকে শুবলৈ দিয়া নাই। কিদৰে আছে মানুহবোৰ? কেৱল হাফলঙেই নে? পাহাৰীয়া জিলা ডিমা হাচাওকে ধৰি ২৬ খন জিলাত জেঠুৱা বানে চলাই আছে তাণ্ডৱ। লাখ লাখ লোক গৃহহীন হৈছে। বানৰ পৰা ৰক্ষা পাবলৈ মানুহ, গৰু সকলো একাকাৰ হৈছে। এফালৰ পৰা নষ্ট হৈছে খেতি পথাৰ।

কথাবোৰ লিখি থাকিলে চকুলো সেমেকি উঠে। দৃশ্যবোৰ চাই থাকিলে বুকুত খোচ মাৰি ধৰে। সকলোৰে একেই অৱস্থা। খবৰ বোৰ পঢ়ি- শুনি, দৃশ্যবোৰ চাই কেৱল হুমুনিয়াহ এটা কঢ়াৰ বাহিৰে একো কৰিব নোৱাৰে। যিয়ে কৰিব পাৰে, যাৰ কিবা এটা কৰাৰ ক্ষমতা আছে তেওঁলোকে একো নকৰে। এইবোৰ ঘটনা যিদৰে সাধাৰণ লোকৰ বাবে অভিশাপ ঠিক সেই দৰে এইবোৰ ঘটনা আন একাংশৰ বাবে এইয়া আশীৰ্বাদ।

এইদৰেই এতিয়া চৌদিশৰ পৰা ঋণাত্মক খবৰ বোৰে সকলোকে আৱৰি ৰাখিছে। অৱশ্যে এইদৰে ঋণাত্মক খবৰ বোৰে কাকতৰ পৃষ্ঠা, সংবাদ শিৰোনাম দখল কৰিলেও যোগাত্মক বহু খবৰো আছে। যি খবৰে আমাৰ মন, মগজু জীপাল কৰি তোলে।

এই লেখাৰ পাতনিতে যদিও অসমৰ বানপানী আৰু ভূমিস্খলনৰ কথা উল্লেখ কৰা হৈছে, লেখাৰ মূল বিষয় কিন্তু বান অথবা ভূমিস্খলন নহয়। এই লেখা ক্ৰীড়া বিষয়কহে। বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ বাবেই পাতনিতে উল্লেখ কৰা হ'ল বান, ভূমিস্খলৰন কথা।

বৃহস্পতিবাৰে বিশ্বৰ দুটা প্ৰান্তৰ পৰা দুটা বিশেষ খবৰ আহিল। দুয়োটা খবৰেই বিশ্ব ক্ৰীড়াত আলোড়ন সৃষ্টি কৰিব পৰা খবৰ। দুয়োটা খবৰৰেই আছে পৃঠক পটভূমি। দুয়োটা খবৰেই দুটা পৃঠক খেলৰ। অৱশ্যে এই দুয়োবিধ খেলৰ আছে জনপ্ৰিয়তা। কেৱল জনপ্ৰিয়তাই নহয় এই দুইয়োবিধ খেল হৈ পৰিছে কাৰোবাৰ বাবে ধৰ্ম, কাৰোবাৰ বাবে জীয়াই থকাৰ উশাহ আন কাৰোবাৰ বাবে দেশপ্ৰেমৰ বাবে অংকুৰিত বীজ।

চলিত বছৰতেই অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপ প্ৰতিযোগিতা। পূৰ্বৰ সূচীৰ কিছু সলনি কৰি এইবাৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ'ব নৱেম্বৰ আৰু ডিচেম্বৰ মাহত। ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ'ব বিশ্বকাপ ফুটবল। এই ফুটবল প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে আয়োজক কাটাৰ। সাজু হৈছে দলসমূহ।

এইবাৰ ফুটবল বিশ্বকাপৰ পূৰ্বে ফিফাই গ্ৰহণ কৰিলে এক ঐতিহাসকি সিদ্ধান্ত। প্ৰথমবাৰৰ বাবে এইবাৰ ফিফা বিশ্বকাপত থাকিব মহিলা পৰিচালক। হয়, ফিফাই এইবাৰ বিশ্বকাপৰ ৰেফাৰী হিচাপে তালিকাভুক্ত কৰিছে কেইবাগৰাকীও মহিলা ৰেফাৰীক।

ইতিমধ্যে মহিলা ৰেফাৰীয়ে পুৰুষৰ ফুটবল মেচ পৰিচালনা কৰিছে যদিও বিশ্বকাপৰ দৰে এখন মেগা ইভেণ্টত পূৰ্বে এনে হোৱা নাছিল। এইবাৰেই প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপত দেখা যাব মহিলা ৰেফাৰী। ফিফাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে ৩৬ গৰাকী ৰেফাৰীৰ এক তালিকা। এই তালিকাত নাম সন্নিৱিষ্ট হৈছে ৩ গৰাকী মহিলা ৰেফাৰী আৰু ৩ গৰাকী মহিলা সহকাৰী ৰেফাৰীৰ নাম।

পুৰুষৰ সমানে মেচ পৰিচালনা কৰাৰ সুযোগ লাভ কৰা এই মহিলা ৰেফাৰী তিনিগৰাকী ক্ৰমে ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট, ৰাৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ ইয়োশিমি য়ামাশিতাও । তিনিওগৰাকী মহিলা ৰেফাৰীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ নামটো হ'ল ফ্ৰাঞ্চৰ ষ্টিফেনি ফ্ৰেপাৰ্ট । এইগৰাকী মহিলা ৰেফাৰীয়ে চেম্পিয়নছ লীগত ৰেফাৰী হিচাপে ৰেকৰ্ড সৃষ্টি কৰিছিল । চেম্পিয়নছ লীগৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা ৰেফাৰী আছিল ষ্টিফেনি ফ্ৰেপাৰ্ট ।

আনহাতে এই তিনিগৰাকী মহিলা ৰেফাৰীৰ লগতে সহকাৰী ৰেফাৰী হিচাপে থাকিব আন তিনিগৰাকী মহিলা । তেওঁলোক ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেথেৰিন নেচবিট, মেক্সিকোৰ ডেজ মেডিনা আৰু ব্ৰাজিলৰ নিউজা বেক। ফিফাই বৃহস্পতিবাৰে এই ঐতিহাসিক সিদ্ধান্ত প্ৰকাশ কৰাৰ সমান্তৰালকৈ বিশ্ব ক্ৰিকেটত ধুমুহা আনিব পৰা আন এক খবৰ আহিছিল।

সেই খবৰ এইখন ভাৰতৰে। চিৰবৈৰী পাকিস্তানে এসময়ত আই চি চি বিশ্বকাপ কৰিবৰ বাবে বিচাৰিছিল ভাৰতৰ ক্ৰিকেটাৰ। লিটিল মাষ্টাৰ সুনীল গাভাস্কাৰ আৰু গুণ্ডাপা বিশ্বনাথক এসময়ৰ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ সভাপতি জিয়া-উল- হকে বিচাৰিছিল। কেৱল এইয়াই নহয়, ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ বিপক্ষে খেলিবলৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ সময়ত পেলেৰ লগতো ক্ৰিকেট খেলিবলগীয়া হৈছিল !

১৯৭৯ চনত আই চি চিয়ে অনুষ্ঠিত কৰা এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয় সংস্কৰণৰ কেইটামান মাহৰ পূৰ্বৰ কথা আছিল সেয়া । ১৯৭৮ চনত ভাৰতীয় ক্ৰিকেট দলটোৱে ৩ খন টেষ্ট আৰু ৩ খন এদিনীয়া খেলিবলৈ পাকিস্তান ভ্ৰমণ কৰিছিল । ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ প্ৰথমখন টেষ্ট, ২৭ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ দ্বিতীয়খন টেষ্ট আৰু ১৪ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ তৃতীয়খন টেষ্ট অনুষ্ঠিত হৈছিল ।

তিনিখন টেষ্ট মেচৰ ভিতৰত শৃংখলাৰ প্ৰথমখন মেচ ড্ৰ' আৰু বাকী দুখন মেচত ভাৰতে পাকিস্তানৰ হাতত পৰাজিত হ'বলৈ বাধ্য হৈছিল । ভাৰতৰ হৈ সেই টেষ্ট শৃংখলাত সৰ্বাধিক ৰাণ কৰিছিল লিটিল মাষ্টাৰ সুনীল গাভাস্কাৰে । তেওঁৰ বেটৰ পৰা সৰ্বাধিক ৪৪৭ ৰাণ আহিছিল ।

আনহাতে তিনিখন এদিনীয়া শৃংখলাৰ প্ৰথমখনে মেচ ১ অক্টোবৰত, দ্বিতীয়খন মেচ ১৩ অক্টোবৰ আৰু শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচ ৩ নৱেম্বৰত অনুষ্ঠিত হৈছিল। প্ৰথমখন এদিনীয়াত ভাৰতে ৪ ৰাণত জয়লাভ কৰিছিল যদিও বাকী দুখনত পৰাজিত হৈছিল ।

সেই ভ্ৰমণৰ সময়ত পাকিস্তানৰ ক্ৰিকেটাৰে দলৰ জয়ৰ ক্ষেত্ৰত যিমান ভূমিকা লৈছিল সিমানেই ভূমিকা লৈছিল আম্পায়াৰে । যেন পাকিস্তানক জয় কৰাবলৈয়ে খেলপথাৰত থিয় হৈ আছিল আম্পায়াৰদ্বয় । এক কথাত ক্ৰিকেট প্ৰতিভাৰে নহয় বক্ৰ পথেৰে ভাৰতক হৰুৱাই নিৰ্লজ্জ আনন্দত মতলীয়া হৈছিল পাকিস্তান ।

এই ভ্ৰমণৰ মাজতে পাকিস্তানত হোৱা এক ক্ৰিকেট পাৰ্টিত তেতিয়াৰ পি চি বিৰ অধ্যক্ষ জিয়া-উল-হকে বিশ্বকাপ জয়ৰ বাবে ভাৰতৰ লিটল মাষ্টাৰ সুনীল গাভাস্কাৰ আৰু গুণ্ডাপা বিশ্বনাথক পাকিস্তানৰ হৈ খেলিবলৈ বিচাৰিছিল । জিয়া-উল-হকৰ এই ভিক্ষাৰ পিছতেই যেন ভাৰতীয় ক্ৰিকেটাৰে খেলপথাৰত কৰা অন্যায়ৰ বিৰুদ্ধে এক উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিলে ।

জিয়া-উল-হকৰ কথা শেষ হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেটাৰ এজনে মাত দিলে, "আপোনালোকে আমাক দুজন আম্পায়াৰ দিয়ক আমি সহজতেই বিশ্বকাপ জয় কৰিম ।" পাকিস্তানে খেলপথাৰত কৰা অন্যায়ৰ এইদৰেই উচিত প্ৰত্যুত্তৰ দিছিল ভাৰতীয় ক্ৰিকেটাৰে ।

১৯৭৭-৭৮ চনৰ কথা । সেইবাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল । কেংগাৰু বাহিনীৰ মাটিত ভাৰতৰ বিজয় একেবাৰে অসম্ভৱ আছিল । তথাপিও ভাৰতীয় দলে হাৰ মনা নাছিল । এখন মেচত অষ্ট্ৰেলিয়াৰ বেটছমেন তথা অধিনায়ক ববি ছিম্পছনে ভাৰতৰ বিজয়ৰ আশা নিৰ্বাপিত কৰাত মুখ্য ভূমিকা লৈছিল ।

মেচখনত ভাৰতীয় বলাৰৰ সন্মুখত ববি ছিম্পছনে এক দেৱাল হিচাপে থিয় দিছিল । তেওঁ বাৰে বাৰে ভাৰতীয় বলাৰৰ বলবোৰ ৰোধ কৰিবলৈ পেড পৰিধান কৰি থকা ভৰিখন আগুৱাই দিছিল । ভাৰতীয় স্পীনাৰসকলে বল দিলেই তেওঁ পেড পৰিহিত ভৰিখন আগুৱাই দি প্ৰতিটো বল প্ৰতিহত কৰিছিল ।

এটা অভাৰৰ ৫ টাকৈ বল তেওঁ কেৱল পেডৰ জৰিয়তে ৰখাই দিছিল । তেনে সময়তে বল কৰিবলৈ আহিছিল দিলীপ ভেংচৰকাৰ । ববিৰ এনে কাৰ্যত তেওঁ যথেষ্ট বিমোৰত পৰিছিল । ববিৰ এই কাৰ্য দেখি শ্লিপত থিয় হৈ থকা এজন ভাৰতীয় ক্ৰিকেটাৰে মাৰাঠিতে চিঞঁৰি দিলে- "পেলে আলা, পেলে আলা ।"

সেই সময়ত পেলে বিশ্ব ফুটবলত এক ধুমুহাৰ নাম আছিল । পেলে হৈ পৰিছিল কিংবদন্তী । তেওঁক স্তব্ধ কৰাটো এক প্ৰকাৰে হৈ পৰিছিল অসম্ভৱ । অপ্ৰতিৰোধ্য আছিল পেলে । পেলেৰ ভৰিৰ মাজৰ পৰা বল কাঢ়ি নিবলৈ কাৰো সাধ্য নাছিল । সেয়েহে ভাৰতীয় ক্ৰিকেটাৰে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনে বাৰে বাৰে ভৰিৰে বল প্ৰতিৰোধ কৰাৰ বাবে তেওঁক পেলেৰ লগত তুলনা কৰি খেল পথাৰৰ মাজতে এক শিক্ষা দিছিল ।

ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় দলৰ লগত হোৱা এনে কিছুমান অকথিত কাহিনী শেহতীয়াকৈ গ্ৰন্থ আকাৰে প্ৰকাশ পাইছে । এই ঘটনাবোৰ সুশীল দোশীৰ দ্বাৰা সম্পাদিত এখন গ্ৰন্থত লিপিবদ্ধ হৈছে । 'বুক অফ ৱ'ৰ্ল্ড কাপ ক্ৰিকেট টি-২০, ২০০৭-২০২১' নামৰ এই গ্ৰন্থখন বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মুকলি কৰিছে ।

এই গ্ৰন্থখন মুকলি কৰাৰ লগে লগে এতিয়া ক্ৰিকেট জগতত ধুমুহা আহিছে বুলি ক'লেও বুল কোৱা নহ'ব। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বহুতেই সামাজিক মাধ্যমত পাকিস্তানক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিশ্বৰ দুটা মূৰৰ পৰা অহা এই দুই খবৰে আজিৰ দিনটোত ক্ৰীড়া জগতখনক জীপাল কৰি ৰাখিছে।

সন্মুখত যিদৰে ফিফা বিশ্বকাপ, একেদৰে আছে টি-২০ ক্ৰিকেট বিশ্বকাপো। আই পি এল শেষ হোৱাৰ পিছতেই টি-২০ বিশ্বকাপৰ ধুমুহা আহিব। এনে সময়তে এইদৰে পূৰ্বৰ ৰোমাঞ্চকৰ কাহিনীৰে সমৃদ্ধ গ্ৰন্থখন প্ৰকাশ হোৱাত এতিয়া টি-২০ বিশ্বকাপৰ উত্তেজনা যে আৰু অধিক বৃদ্ধিপাব সেইয়া নিশ্চিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in