APSCৰ ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ তদন্ত আয়োগৰ প্ৰতিবেদন পৰীক্ষণ সমিতি গঠন

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত হোৱা বিসংগতি আৰু অসদাচৰণ সন্দৰ্ভত তদন্ত আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰাৰ বাবে অসম চৰকাৰে গঠন কৰিছে এক কমিটী। অসম লোক সেৱা আয়োগৰ ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সৃষ্টি হোৱা অসদাচৰণ সন্দৰ্ভত তদন্ত আয়োগে যি প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদন পৰীক্ষা কৰাৰ বাবে গঠন কৰা হৈছে এই কমিটী।

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি গঠন কৰা এই কমিটীত মুঠ ৫ জন সদস্য থাকিব। কমিটীৰ নেতৃত্ব প্ৰদান কৰিব মুখ্য সচিব জিষ্ণু বৰুৱাই আৰু কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা সদস্য আহ্বায়ক হিচাপে থাকিব।

আনহাতে, পৰিৱৰ্তন আৰু উন্নয়ন আৰু কৰ্মচাৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত সমিতিখনৰ সদস্য হিচাপে থাকিব। লগতে অতিৰিক্ত মহাধিবক্তা নলিন কোহলীয়ে আইনী বিষয়ত সমিতিক সহায় আগবঢ়াব। সমিতিখনে দুমাহৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in