বাতিল হ’বনে AFSPA? ইতিহাসে কি কয়…

বাতিল হ’বনে AFSPA? ইতিহাসে কি কয়…

তুষাৰ প্ৰতিম

AFSPA- ৪ ডিচেম্বৰ ২০২১, শনিবাৰে নাগালেণ্ডৰ মন জিলাত সন্ত্ৰাসবাদীৰ সন্দেহত ২১ নম্বৰ অৰ্ধ-সামৰিক আছাম ৰাইফলছৰ বাহিনীৰ কেডাৰে ১৭ জনকৈ সাধাৰণ নাগৰিক তথা শ্ৰমিকক হত্যা কৰা ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ লগে লগে হত্যাকাৰী আছাম ৰাইফলছৰ জোৱান তথা বিষয়াৰ শাস্তিৰ দাবী উত্থাপন হৈছে। আছাম ৰাইফলছৰ এই গণহত্যাৰ বাবে নাগালেণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ।

সোমবাৰে সমগ্ৰ নাগালেণ্ড ৬ ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰা হয়। নাগা ষ্টুডেণ্ট ফেডাৰেচনে আহ্বান জনোৱা এই বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক। বন্ধৰ সময়ছোৱাত সকোল ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-বজাৰ, যান-বাহনৰ চলাচল, চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকে।

ক্লিক কৰি পঢ়কঃ নদীবান্ধ বিৰোধিতা…

কেৱল নাগালেণ্ডেই নহয় উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতেই এই ঘটনাই ব্যাপক প্ৰভাৱ পেলাইছে। সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত, বিভিন্ন ক্ষেত্ৰৰ লোকে এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এঅই ঘটনাৰ পিছতেই ব্যাপক ভাৱে চৰ্চিত হৈছে এটা বিশেষ শব্দ- AFSPA।অৰ্থাৎ সশস্ত্ৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন।

কি এই AFSPA?

দেশৰ আভ্যন্তৰীণ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে ১৯৫৮ চনৰ ২২ মে' তাৰিখে ভাৰতৰ সংসদত গৃহীত কৰা হৈছিল AFSPA অৰ্থাৎ সশস্ত্ৰ সেনা বাহিনী বিশেষ ক্ষমতা আইন।মানৱ অধিকাৰ ব্যাপকভাৱ খৰ্ব হোৱাৰ সুযোগ থকা এই আইনখন প্ৰথমঅৱস্থাত অসম-মণিপুৰত বাহাল হোৱা এই আইন ১৯৫৮ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো প্ৰযোজ্য কৰা হয়।

এই আইনৰ মূল উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্য অসম, অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ ৰোধ কৰা। মানৱ অধিকাৰ ভূ-লণ্ঠিত কৰি গৃহীত কৰা এই আইন পৰৱৰ্তী সময়ত অৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ উপৰিও দেশৰ আন দুখন ৰাজ্য পঞ্জাৱ আৰু চণ্ডীগড়ত প্ৰযোজ্য কৰা হয়। ১৯৮৩ চনৰ ১৫ অক্টোবৰত এই দুখন ৰাজ্যত সৃষ্টি হোৱা বিদ্ৰোহ দমনৰ বাবে AFSPA বলবৎ কৰা হৈছিল। একেদৰে ১৯৯০ চনৰ চেপ্তেম্বৰত জন্মু-কাশ্মীৰতো বলবৎ কৰা হয় বহু বিতৰ্কিত AFSPA। কিন্তু ১৪ বছৰৰ পিছত ১৯৯৭ চনত এই দুই ৰাজ্যৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হয়। প্ৰত্যাহাৰ কৰা নহ'ল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা।

AFSPA কিয় মানৱ অধিকাৰ বিৰোধ?

১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পিছতো দেশ বৃটিছে প্ৰণয়ন কৰা বিভিন্ন নীতি, নিয়ম তথা আইনৰ আধাৰতেই পৰিচালনা হৈছিল। স্বাধীনতাৰ পূৰ্বে ১৯৪২ চনত বৃটিছ বিৰোধী সংগ্ৰামে দেশত তীব্ৰ ৰূপ ধাৰণ কৰাৰ কথা সকলোৰে জ্ঞাত। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনে সমগ্ৰ দেশতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ঔপনিৱেশিক বৃটিছে চৰকাৰে বৃটিছ বিৰোধী এই ভাৰত ত্যাগ আন্দোলনক দমন কৰিবলৈ এখন বিশেষ আইন বলবৎ কৰিছিল। ১৯৪২ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন কঠোৰ হাতেৰে দমন কৰিবলৈ সাম্ৰাজ্যবাদী বৃটিছে The Armed Forces Special Powers Ordinance of 1942 নামৰ আইন বলবৎ কৰে।

সাম্ৰাজ্যবাদী বৃটিছে যিহেতু এই আইন আন্দোলন দমন কৰাৰ উদ্দেশ্যৰেই বলবৎ কৰিছিল সেয়েহে এই আইনত মানৱ অধিকাৰ বিষয়টোবোৰক বিশেষ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। যিহেতু বৃটিছৰ মূল উদ্দেশ্যই আছিল আন্দোলন দমন কৰা গতিকেমানৱ অধিকাৰ আদি বিষয়বোৰ গৌণ হৈ পৰিছিল।

এই আইনৰ আলমতে বৃটিছে ভাৰত ত্যাগ আন্দোলন দমন কৰিবলৈ বহু কঠোৰ পদক্ষেপ হাতত লৈছিল। গতিকে এই আইন প্ৰত্যক্ষভাৱেই আছিল মানৱ অধিকাৰ বিৰোধী।

স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে দেশৰ নিৰাপত্তা আৰু দেশত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এখন কঠোৰ আইনৰ প্ৰয়োজন হৈ পৰিছিল। সেই প্ৰয়োজন পূৰণ কৰিছিল বৃটিছে আন্দোলন দমন কৰিবলৈ বলবৎ কৰা The Armed Forces Special Powers Ordinance of 1942 আইনখন। ভাৰত চৰকাৰে সেই আইনখনৰ আধাৰতে The Armed Forces Special Power Act of 1948 তৈয়াৰ কৰিছিল।

অৱশ্যে এই আইন বলবৎ কৰাৰ পূৰ্বে ভাৰত চৰকাৰে আন ৪ খন বিধেয়ক বলবৎ কৰিছিল। সেই ৪ খন বিধেয়ক আছিল ক্ৰমে The Bengal Disturbed Areas (Special Powers of Armed Forces) Ordinance, The Assam Disturbed Areas (Special Powers of Armed Forces) Ordinance, The East Bengal Disturbed Areas (Special Powers of Armed Forces) Ordinance আৰু The United Provinces Disturbed Areas (Special Powers of Armed Forces) Ordinance ।

এই ৪ আইন গৃহীত হোৱাৰ মাত্ৰ ১ টা বছৰ পিছতেই আকৌ ৪ খন আইনকে বাতিল কৰি নতুনকৈ The Armed Forces Special Power Act of 1948 খন গৃহীত কৰা হয়। ১৯৫৮চনৰ ২২মে তাৰিখে অনুৰূপ "সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা( অসম-মনিপুৰ) আইন"নামৰ এখন আইন বলবৎ কৰে।

কি আছে এই আইনত?

বহু বিতৰ্কিত তথা মানৱ অধিকাৰ পৰপন্থী AFSPAত আছে ৭ তা বিশেষ ধাৰা। ইয়াৰে ৪ৰ পৰা ৬ নং ধাৰাত উল্লেখ কৰা প্ৰতিটো শব্দই মানৱ অধিকাৰ উলংঘন কৰিছে। ভাৰতীয় সংবিধানে নাগৰিকক প্ৰদান কৰা বহু কেইটা অধিকাৰৰ পৰপন্থী এই ধাৰাচ উল্লেখিত প্ৰতিটো শব্দ।

আইনখনৰ ৪ নং ধাৰাত উল্লেখ আছে যে, এই আইনৰ ৩ নং ধাৰাৰ দ্বাৰা ঘোষিত অশান্ত অঞ্চলত যিকোনো আয়ুক্ত পৰ্যায়ৰ বিষয়া , অনা-আয়ুক্ত বিষয়া বা সম-পৰ্যায়ৰ সেনা বিষয়াই যদি অনুভৱ কৰে যে কোনোবাই আইন অমান্য কৰিছে তেন্তে সেই ব্যক্তিৰ ওপৰত গুলীচালনা অথবা সশস্ত্র বল প্রয়োগ কৰিব পাৰিব। এনে অভিযান কালত মৃত্যু হ'লেও সেনা বাহিনী জগৰীয়া নহ'ব।

বিদ্রোহীয়ে ব্যৱহাৰ কৰাৰ সন্দেহত যিকোনো গোপন ঘাটি বা সশস্ত্র প্রশিক্ষণ শিবিৰ বা যি কোনো তেনেধৰণৰ গাঁথনি সেনাবাহিনীয়ে ধংস বা নষ্ট কৰিব পাৰিব। ইয়াৰোপৰি আইনী জাননী নোহোৱাকৈয়ে কেৱল মাত্র সন্দেহৰ ভিত্তিত এজন ব্যক্তিক অপৰাধত জড়িত বুলি আটক কৰিব পাৰিব। আনকি কোনো ব্যক্তিয়ে ভৱিষ্যতে অপৰাধ কৰিব পাৰে বুলিও এই ধাৰাৰ অধীনত যিকোনো ব্যক্তিক আটক কৰিব পৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।

এই আইনৰ জৰিয়তে আইনী জাননী অবিহনে যিকোনো আৱাস গৃহত প্রৱেশ কৰি সেনা বাহিনীয়ে কোনো ব্যক্তিক আইন বিৰোধী সামগ্রী লগত ৰখাৰ অভিযোগত আটক কৰিব পাৰে।

AFSPA অপপ্ৰয়োগৰ অভিযোগৰ তালিকা যিমানেই দীঘল সীমানেই ভয়াবহ

উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্য আৰু জন্মু-কাশ্মীৰত বলবৎ হৈ থকা AFSPA বাতিলৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিছে। কেৱল দাবীয়েই নহয় ইয়াৰ বিৰুদ্ধে হৈছে তীব্ৰ প্ৰতিবাদ। এই আইন প্ৰত্যাহাৰৰ দাবীৰে হৈছে ৰাজপথৰ সংগ্ৰাম তথা বিভিন্ন আলোচনা-বিলোচনা। অৱশ্য বৰ্তমান ত্ৰিপুৰাত কাৰ্যকৰী হৈ থকা নাই AFSPA।

ত্ৰিপুৰাত নেচনেল লিবাৰেচন ফ্ৰণ্ট অফ ত্ৰিপুৰা আৰু অল ত্ৰিপুৰা ট্ৰাইবেল ফ'ৰ্চ নামৰ দুটা বিদ্ৰোহী সংগঠনক দমন কৰাৰ বাবে ১৯৯৭ চনত ৰাজ্যখনত বলবৎ কৰা হৈছিল AFSPA। পৰৱৰ্তী সময়ত ৰাজ্যখনত সৃষ্টি হোৱা প্ৰবল প্ৰতিবাদৰ ওচৰত হাৰ মানি ৰাজ্যখনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল AFSPA।

ত্ৰিপুৰাৰ দুই বিদ্ৰোহ সংগঠন দমনৰ নামত সেমাই ১৯৯৭ চনৰ পৰা ৰাজ্যখনৰ জনসাধাৰণ ওপৰত অকথ্য নিৰ্যাতন হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ ভিতৰত দেশ জুৰি চাঞ্চল্য সৃষ্টি হোৱা এটা অভিযোগ আছিল ১৯৮৮ চনত ত্ৰিপুৰাৰ ১৪ গৰাকী মহিলাক আছাম ৰাইফলছৰ জোৱানৰ ধৰ্ষণ। ১৯৮৮ চনৰ ৩১ মে'ত পশ্চিম ত্ৰিপুৰাৰ খৈয়াই নামৰ মহকুমাৰ এখন গাঁৱত ১৪ গৰাকী জনজাতীয় মহিলাক আছাম ৰাইফলছৰ সেনা জোৱানৰ দ্বাৰা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু দেশজুৰি এই বিষয়ে চাঞ্চল্য সৃষ্টি হৈছিল।

একেদৰে ২০০৬চনৰ ৯ ফেব্রুৱাৰত ঢলাই জিলাত এক সামৰিক অভিযানৰ সময়ত ভাৰতীয় সেনাবাহিনীয়ে তিনিগৰাকী মহিলাক হাত ভৰি বান্ধি চলোৱা গণ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰোপৰি ১৯৯৩ চনৰ পৰা ২০০৭চনৰলৈকে ১০৩জন নিৰীহ যুৱকক ভূৱা সংঘৰ্ষৰ নামত সশস্ত্র সেনাবাহিনীৰ দ্বাৰা হত্যাৰো ঘটনা সংঘটিত হৈছিল।

অৰুণাচল প্ৰদেশত AFSPA ৰ বলত সেনাই চলোৱা আটাইতকৈ ভয়াবহ ঘটনাটো সংঘটিত হৈছিল ২০০২ চনত। সেইবছৰৰ ৫ জুন তাৰিখে বৰডুৰীয়া নামৰ অঞ্চলটোত এন এছ চি এনৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত প্রায় চাৰি শতাধিক সাধাৰণ গঞাৰ ওপৰত ভাৰতীয় সেনা বাহিনীয়ে চলাইছিল অমানুষিক শাৰিৰীক অত্যাচাৰ।

একেদৰে ১৯৯৭ আৰু ১৯৯৮ চনত মেঘালয় ৰাজ্যত বিদ্রোহীৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্র সেনা বাহিনীয়ে চলোৱা OPERATION BIRDIE নামৰ সেনা অভিযানৰ সময়ত বহুতো খাচী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিদ্রোহীৰ সৈতে সংঘৰ্ষ হোৱাৰ সময়ত মহিলাসকলক ঢাল হিচাপেও ব্যৱহাৰ কৰাৰো অসংখ্য অভিযোগ আছে ।

উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য মিজোৰামতো AFSPAৰ বলত সেনাই চলোৱা বৰ্বৰতাৰ উদাহৰণ বহু আছে।১৯৬৬চনত মিজে নেচনেল ফ্ৰণ্টৰ নামৰ বিদ্ৰোহী সংগঠনটোক দ৯মন কৰাৰ বাবে সেনাই অভিযান চলাইছিল। সেই অভিযানত সশস্ত্র ভাৰতীয় সেনাৰ বিৰুদ্ধে ধৰ্ষণ, নিৰ্যাতন, হত্যা, প্ৰমাণবিহীন ভাৱে আটক আদিৰ বহুতো অভিযোগ আছে।ৰাজ্যখনত বিদ্ৰোহী দমনৰ নামত সেনাই ১৩ বছৰীয়া এগৰাকী ছোৱালীক গণ ধৰ্ষণ কৰাৰো অভিযোগ আছে।

AFSPAৰ অপৰয়োগ নাগালেণ্ডতো কম নহয়। ৰাজ্যখনত AFSPAৰ বাবেই সেনাৰ দ্বাৰা নিগৃহীত হোৱাৰ ঘটনা সকলো লোকৰ বাবেই তেনেই সাধাৰণ।।ভূৱা সংঘৰ্ষ, সন্দেহৰ আধাৰত নিৰীহ লোকক গ্রেপ্তাৰ কৰা, উৎপীড়ন চলোৱা এক সাধাৰণ ঘটনাৰ দৰেই হৈ পৰিছে এই ৰাজ্যখনত।

৪ ডিচেম্বৰ ২০২১ ত যিদৰে সাধাৰণ লোকক সেনা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সন্দেহত সগুলীয়াই হত্যা কৰিলে তেনে এক অনূৰূপ ঘটনা সংঘটিত হৈছিল ১৯৯৫ চনত। সেইবাৰ সেনা বাহিনীয়ে তহল দি থকাৰ সময়তে এখন বাহনৰ চকা ফুটাৰ বাবেই সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছিল। সেই ঘটনাত এজনী ৩ বছৰীয়া আৰু এজনী ৮ বছৰীয়া কন্যা শিশুৰ লগতে মুঠ ৭ জন থিতাতে নিহত হোৱাৰ লগতে আহত হৈছিল ২০ জনৰো অধিক লোক।

AFSPAৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে মণিপুৰ আৰু অসম। ১৯৯০চনত বিদ্রোহী সংগঠন ULFA আৰু NDFBৰ বিৰুদ্ধে আৰম্ভ হোৱা সেনা অভিযান "বজৰং" আৰু ১৯৯২চনত আৰম্ভ হোৱা অপাৰেচন "ৰাইনো"ৰ সময়ত সাধাৰণ নাগৰিকৰ গণতান্ত্রিক অধিকাৰ আৰু মানৱ অধিকাৰ ব্যাপক হাৰত খৰ্ব হোৱাৰ অভিযোগ আজিও সাধাৰকণ ৰাইজৰ মুখে। কুৰিতাতকৈ অধিক সেনাৰ ভুৱা সংঘৰ্ষ আৰু ধৰ্ষণৰ গোচৰৰ ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছৰ মতে ৯০ টাৰো অধিক সেনাৰ দ্বাৰা ধৰ্ষণৰ অভিযোগ আৰু হাজৰৰোধিক ভুৱা সংঘৰ্ষৰ ন্যায়িক তদন্ত হোৱা নাই।

AFSPA প্ৰত্যাহাৰৰ বাবে চলিছে সংগ্ৰাম

উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য হৈ থকা AFSPA প্ৰত্যাহাৰ বাবে দীৰ্ঘদিনৰ পৰা চলি থকা সংগ্ৰামখনক অধিক ব্যাপক কৰি তুলিছিল মণিপুৰৰ ইৰম চানু শৰ্মিলাই। একেদৰে ২০০৪ চনৰ ১৫ জুলাইত মণিপুৰৰ কাংলা ফৰ্টৰ সন্মুখত বহুকেইগৰাকী মহিলাই আফস্পা আইনৰ বিৰোধিতাৰে উলংগ হৈ প্ৰতিবাদ কৰাৰ ঘটনাই বিশ্বব্যাপি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

২০০০ চনৰ ২ নৱেম্বৰৰ পৰা মণিপুৰৰ ২৮ বছৰীয়া যুৱতী ইৰম চানু শৰ্মিলাই AFSPA প্ৰত্যাহাৰৰ দাবীৰে অনশন আৰম্ভ কৰিছিল। সুদীৰ্ঘ ১৬ বছৰ ধৰি ইৰম শৰ্মিলাই অনশন অব্যাহত ৰাখিছিল। ইয়াৰ ফলত তেওঁ বিশ্বৰে দীৰ্ঘসময় ধৰি অনশন কৰা নাৰী হিচাপে পৰিগণিত হৈ পৰে। অৱশ্যে ইৰম শৰ্মিলাৰ এই প্ৰতিবাদে চৰকাৰৰ গা লৰাব পৰা নাছিল।

২০০৪ চনৰ ১৫ জুলাইত মণিপুৰৰ কাংলা ফৰ্টৰ সন্মুখত বহু কেইগৰাকী মহিলাই AFSPA বিৰোধিতাৰে উলংগ হৈ প্ৰতিবাদ কৰিছিল। অসম ৰাইফলছৰ তদানীন্তন মুখ্য কাৰ্যালয়ৰ সন্মুখত মহিলাসকলে 'ভাৰতীয় সেনা, আহক, আমাক ধৰ্ষণ কৰক'- বুলি বেনাৰেৰে নিজক আৱৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন সন্দৰ্ভত বিভিন্ন আয়োগৰ প্রতিবেদন

ন্যায়াধীশ বি.পি.জীৱন ৰেড্ডী আয়োগৰ প্রতিবেদন

ভাৰত চৰকাৰে ২০০৪চনত উচ্চতম ন্যায়লয়ৰ প্রাক্তন ন্যায়াধীশ বি.পি.জীৱন ৰেড্ডীৰ নেতৃত্বত পাঁচজনীয়া এখন আয়োগ গঠন কৰি দিছিল। এই আয়োগক AFSPAৰ অধীনত হোৱা ব্যাপক অপপ্ৰয়োগৰ বিষয়ে উত্থাপিত দাবীৰ তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ৰেড্ডী আয়োগে মানৱ অধিকাৰ খৰ্বৰ ঘটনাবোৰৰ চৰজমিন তদন্ত কৰি ২০০৬ চনৰ ৬জুন তাৰিখে কেন্দ্রীয় চৰকাৰক নিজৰ প্রতিবেদন দাখিল কৰে। দীঘলীয়া প্রতিবেদন খনত আয়োগে কুখ্যাত সশস্ত্র আইনখন বাতিল কৰি কেন্দ্রীয় চৰকাৰক এখন নতুন মানৱীয় আইন প্রৱৰ্তনৰ পৰামৰ্শ আগবঢ়াই।

ন্যায়াধীশ বাৰ্মা সমিতিৰ প্রতিবেদন

২০১২চনৰ ১৬ ডিচেম্বৰত নতুন দিল্লীত সংঘটিত লোমহৰ্ষক নিৰ্ভয়া গণ ধৰ্ষণ ঘটনাৰ এসপ্তাহৰ পিছতে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়লয়ৰ প্রাক্তন ন্যায়ধীশ জগদীশ চৰণ বাৰ্মাৰ নেতৃত্বত দেশত ক্রমাৎ বৃদ্ধি পোৱা যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা আৰু ভাৰতীয় আইনৰ সন্দৰ্ভত অধ্যয়ন কৰি নিজৰ প্রতিবেদন দাখিল কৰিবলৈ তিনিজনীয়া এখন সমিতি গঠন কৰি দিছিল। বাৰ্মা সমিতিয়ে কেন্দ্রীয় চৰকাৰক দাখিল কৰা ৬৫৭ পৃষ্ঠাৰ প্রতিবেদনত আইনৰ বিভিন্ন সংশোধনীৰ লগতে উত্তৰ পূৰ্ব্বাঞ্চলৰ পৰা AFSPAখন বাতিল কৰিবলৈও পৰামৰ্শ আগবঢ়াইছিল।

ন্যায়াধীশ হেগড়ে আয়োগৰ প্রতিবেদন

উচ্চতম ন্যায়লয়ে উত্তৰ পূৰ্ব্বাঞ্চলৰ মনিপুৰত ১৯৭৮চনৰ পৰা ২০১০ চনলৈকে সংঘটিত ১৫২৮ টা ভুৱা সংঘৰ্ষ ঘটনাৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ সন্তোষ হেগড়েৰ নেতৃত্বত এখন তিনিজনীয়া আয়োগ গঠন কৰি দিছিল। এই আয়োগে ২০১৩চনৰ এপ্রিল মাহত উচ্চতম ন্যায়ালয়ত দাখিল কৰা নিজৰ প্রতিবেদনত বহুতো ভুৱা সংঘৰ্ষৰ ঘটনাৰ কথা উল্লেখ কৰাৰ লগতে AFSPA আইনখনে মনিপুৰত সমগ্র আইন ব্যৱস্থাটোকে প্রহসনত পৰিণত কৰিছে বুলি উল্লেখ কৰিছে।

ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ প্রতিবেদন

২০১৩ চনৰ ২৩ অক্টোবৰ তাৰিখে ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কে.জি বালাকৃষ্ণণে মনিপুৰত চৰজমিন তদন্ত কৰি ৰাজহুৱাভাৱে উথ্থাপিত হোৱা ৪৬টা ভুৱা সংঘৰ্ষ ঘটনাৰ ভিতৰত ২০টা ঘটনাৰ বাবে সেনা বাহিনীক পোনপটিয়াকৈ জগৰীয়া কৰি আক্রান্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সেনা বাহিনীক নিৰ্দেশ দিয়াৰ উপৰিও ভাৰত চৰকাৰক AFSPA বাতিলৰ বাবে পৰামৰ্শ আগবঢ়াইছে।

আনহাতে উচ্চতম ন্যায়ালয়ে ২০১৬ চনৰ এটা ৰায়ৰ নিৰ্দেশত কৈছিল যে সেনা বা অৰ্ধসামৰিক বাহিনীয়ে কোনো পৰিস্থিতিত অত্যাধিক বল বা প্ৰতিশোধ ল'ব নোৱাৰে। অঞ্চলটো যিমানেই উগ্ৰপন্থীপ্ৰধান নহওক অথবা AFSPA আইনেই অব্যাহত থাকক।

ৰাষ্ট্র সংঘৰ মানৱ অধিকাৰ পৰিষদ ,এমনেষ্টি ইন্টাৰনেচনেল ,তথা হিউমেন ৱাটচ আদিৰ দৰে আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা সমূহেও ভাৰতবৰ্ষৰ পৰা AFSPA আইনখন বাতিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰোধ জনাই আহিছে । সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনখনে International Covenant on Civil and Political Rights ৰ ৬নং অনুচ্ছেদক অৱমাননা কৰিছে বুলিও এই সংস্থা সমূহে অভিযোগ তুলিছে।

পুনৰ AFSPAৰ বিৰুদ্ধে মাত মাতিছে বহুজনে

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই ৪ ডিচেম্বৰত সংঘটিত হোৱা গণ হত্যাৰ বিৰুদ্ধে মাত মতাৰ লগতে AFSPA আইনৰ বিৰোধিতা কৰিছে। তেওঁ কৈছে যে এ এফ এছ পি এ (AFSPA) ক ৰাজ্যখনৰ পৰা আঁতৰ কৰিব লাগে। তেওঁ কৈছে, "মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কথা পাতিছো, তেওঁ বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু আমি ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক আৰ্থিক সাহায্য আগবঢ়াইছো।" তেওঁ কৈছে, আমি কেন্দ্ৰীয় চৰকাৰক নাগালেণ্ডৰ পৰা AFSPA আঁতৰাবলৈ কৈছো, এই আইনে আমাৰ দেশৰ ভাবমূৰ্তি কলুষিত কৰিছে।"

আনহাতে লোকসভাত ভাষণ প্ৰদান কৰি এ আই এম আই এমৰ সাংসদ আসাদুদ্দিন ওৱাইচিয়ে কয়, "নাগালেণ্ডত ১৭ জন নিৰীহ লোকৰ নিৰ্মম হত্যাকাণ্ডত মই শোক প্ৰকাশ কৰিছো। AFSPA ৰাজ্যৰ পৰা আঁতৰ কৰিব লাগে, এক আইন শোষণ আৰু ঘৃণাৰ প্ৰতীক। চৰকাৰে আমাক ক'ওক হত্যাকাৰীসকলৰ বিৰুদ্ধে গোচৰ চলাব নে এএফএছপিএ আঁতৰোৱা হ'ব?"

ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও AFSPA আঁতৰাবলৈ দাবী জনাইছে। চি পি আই এম নেতা সীতাৰাম য়েচুৰীয়েও দেশৰ ৰাজ্যসমূহৰ পৰা AFSPA আঁতৰাবলৈ দাবী জনাই টুইট কৰি কয়, "মৃতকৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা, মোডী চৰকাৰে ইয়াৰ সাফল্যৰ বিষয়ে মিছা কোৱাৰ পৰিৱৰ্তে কি ঘটিছিল তাৰ সত্যতা স্পষ্টভাৱে ব্যাখ্যা কৰা উচিত। AFSPA সমাপ্ত কৰাৰ কথা বিবেচনা কৰাৰ সময় আহি পৰিল।"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in