নদীবান্ধ বিৰোধিতা…

নদীবান্ধ বিৰোধিতা…


নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অহা আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিচমুহূৰ্ততে জাতীয় দল-সংগঠনসমূহ জাঙুৰ খাই উঠিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিছে। কিন্তু এই মুহূৰ্তত জাতীয় সংগঠনৰ এই প্ৰতিবাদে কিমানদূৰ কাৰ্যকৰী ৰূপ ল'ব পাৰিব তাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হোৱাৰ যথেষ্ট অৱকাশ আছে। প্ৰথম কাল, জাতীয় দল-সংগঠনসমূহৰ মাজত সম্প্ৰতি দেখা দিয়া অনৈক্যই জনসাধাৰণক বিভ্ৰান্ত কৰিছে। অসমৰ বিভিন্ন সমস্যাৰ দাবীত সংগঠিত জনমতক উপেক্ষা কৰি যোৱা সময়চোৱাত কেন্দ্ৰীয় চৰকাৰে বিভাজনমুখী তথা কৌশলী নীতিৰে আন্দোলন-প্ৰতিবাদবিলাক নিষ্ফল কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ একাংশ জাতীয় নেতৃত্ব আপোচকামী স্থিতিয়েও আন্দোলনৰ ক্ষেত্ৰত একধৰণৰ অস্পষ্টতাৰ জন্ম দিছে।

ইফালে চৰকাৰৰ কেতবোৰ উন্নয়নমূলক আৰু হিতাধিকাৰীমূলক আঁচনিৰ জৰিয়তে সৰ্বসাধাৰণ লোকক চমকিত কৰি তোলা হৈছে। তেনেস্থলত ৰাইজক পুনৰবাৰ ৰাজপথলৈ উলিয়াই অনাটো বৰ্তমান সময়ত সহজসাধ্য নহ'ব। প্ৰায় দশকজোৰা নদীবান্ধবিৰোধী আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষা কৰাত বিফল হৈছে জাতীয় দল-সংগঠনৰ নেতৃত্ব। তাৰ মূল কাৰণবোৰ বিশ্লেষণ নকৰাকৈও এই কথা ক'ব পাৰি যে অসমত কেন্দ্ৰৰ প্ৰতিটো অসমবিৰোধী সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ এক অনুকূল পৰিৱেশ ইতিমধ্যে তৈয়াৰ হৈ পৰিছে। পিচে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসমীয়া জাতিৰ সাংবিধানিক সুৰক্ষা কৱচ, বান-খহনীয়া অথবা নাগৰিকত্ব সংশোধনী আইনৰ দৰে জটিল ইছ্যুবোৰ ইতিমধ্যে অমীমাংসিত ৰূপতে ৰৈ গৈছে।

এই ইছ্যুবোৰৰ সমাধানৰ দাবীত জাতীয় দল-সংগঠনৰ আহ্বানমৰ্মে জনসাধাৰণে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু লাহে লাহে সেই প্ৰতিবাদকো নানা কৌশলেৰে স্তিমিত কৰি তোলা পৰিলক্ষিত হৈছে। অসমৰ প্ৰতিটো জাতীয় সমস্যাক লৈ গঠিত জাতীয় সহমতক কেন্দ্ৰই চূড়ান্তভাৱে অৱজ্ঞা কৰিলে। এইক্ষেত্ৰত একাংশ জাতীয় দল-সংগঠনৰ নীতিগত দুৰ্বলতা আৰু শাসক পক্ষৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিয়ে জাতীয় সমস্যাবোৰক ক্ৰমান্বয়ে অপ্ৰাসংগিক কৰি তোলাও দেখা গৈছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত সৰ্বাত্মকৰূপত গণ প্ৰতিবাদ হৈছিল অথচ তাৰ কেইটামান দিনৰ পিচতে অনুষ্ঠিত বিধানসভা নিৰ্বাচনত সেই জনজাগৰণৰ কোনো প্ৰভাৱ নপৰিল।

তাৰ অৰ্থ হ'ল অসমীয়াৰ জাতীয়তাবাদী আৱেগক শাসকপক্ষই অতি কৌশলপূৰ্ণভাৱে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লক্ষ্য পূৰণত ব্যৱহাৰ কৰিবলৈ সফলকাম হ'ল। কেৱল 'কা' বিৰোধী আন্দোলনৰ ক্ষেত্ৰতেই নহয়, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিমানকাৰ্য বন্ধ ৰখাৰ দাবীত বিগত সময়চোৱাত জাতীয় দল-সংগঠনসমূহ সোচ্চাৰ হোৱাৰ পিচতো কেন্দ্ৰই বিভিন্ন অচিলাৰে নদীবান্ধটোৰ নিৰ্মানকাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। চৰকাৰৰ দ্বাৰা গঠিত বিশেষজ্ঞ সমিতিয়ে পৰিৱেশ তন্ত্ৰৰ বিভিন্ন যুক্তিৰে এই অঞ্চলটোত বৃহৎ নদীবান্ধ নিৰ্মানৰ বিপক্ষে মতামত দিলে যদিও চৰকাৰৰ গা নলৰিল। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশ বিজ্ঞানী তথা বিশেষজ্ঞয়ো একেই দৃষ্টিভংগী প্ৰকাশ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আনকি অৰুণাচললৈ আহি বৃহৎ নদীবান্ধৰ পৰিৱৰ্তে সৰু সৰু বান্ধৰ পোষকতা কৰিলে। কেৱল সেয়াই নহয়, কেন্দ্ৰত অধিষ্ঠিত পূৰ্বৰ ইউ পি এ চৰকাৰৰ আমোলত আজিৰ শাসক দলটোৰ নেতৃবৰ্গয়ো আনকি নামনি সোৱণশিৰি পৰ্কল্পৰ স্থানলৈ আহি বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল।

অসমৰ বান্ধবিৰোধী ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানি কংগ্ৰেছৰ নেতৃত্বাধীন সেই চৰকাৰৰ প্ৰতিনিধিয়ে অসমলৈ আহি এদিন ৰাজহুৱা শুনানিও লৈছিল। ইমানখিনি হোৱাৰ পিচতো এতিয়া নামনি সোৱণশিৰি প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা চৰকাৰী ভাৱে ঘোষণা কৰা হৈছে। দৰাচলতে কেন্দ্ৰৰ শাসকপক্ষই এই কথা অনুধাৱন কৰিব পাৰিছে যে বান্ধবিৰোধী ৰাইজৰ প্ৰতিবাদ তথা জাতীয় নেতৃত্বৰ স্থিতি ক্ৰমান্বয়ে শিথিল হৈ পৰিছে। সম্প্ৰতি বৃহৎ পুঁজিপতি গোষ্ঠীৰ কৃপাধন্য কেন্দ্ৰীয় চৰকাৰ ইমানেই সক্ৰিয় যে জনসাধাৰণৰ প্ৰতিবাদ তেওঁলোকৰ ধৰ্তব্য নহয়। অসমৰ বান্ধবিৰোধী আন্দোলন দিল্লী সীমান্তৰ কৃষকৰ অবিৰত প্ৰতিবাদ নহয় যে চৰকাৰ পিচ হুঁহকি আহিবলৈ বাধ্য হ'ভ।

অসমত ইটোৰ পিচত সিটো অসম বিৰোধী সিদ্ধান্ত কেন্দ্ৰই নিৰ্বিঘ্নে কাৰ্যকৰী কৰি গৈছে। কিন্তু ৰাইজৰ সংঘব্ধ প্ৰতিবাদ নাই। জাতীয় সম্পদসমূহৰ অধিকাৰ বৃহৎ পুঁজিপতিৰ হাতলৈ নিয়া হৈছে। কিন্তু অসমীয়া জাতিৰ ত্ৰাণকৰ্তাসকলৰ কাণসাৰ নাই। দুই-এক সংঘঠনে বিক্ষিপ্ত ৰূপত তাৰ প্ৰতিবাদ কিছে যদিও তাৰ দ্বাৰা চৰকাৰৰ নীতি পৰিৱৰ্তন হ'ব বুলি ভবাটো আকাশত চাং পতাৰ দৰে কথা। নামনি সোৱণশিৰি প্ৰকল্পত উৎপাদিত হ'ব লগা বৃহৎ বিদ্যুৎ শক্তিক লৈ কেন্দ্ৰৰ বহু পৰিকল্পনা আছে। ইতিমধ্যে দেশী-বিদেশী বহুজাতিত গোষ্ঠীসমূহেও অসম তথা উত্তৰ পূবৰ জলসম্পদত দৃষ্টি নিবদ্ধ কৰিছে। গতিকে অসমৰ জাতীয় দল-সংগঠনে অসমীয়াৰ জাতীয় আৱেগক তুহঁজুইৰ দৰে জ্বলাই কেৱল সাময়িকভাৱে পৰিৱেশ উত্তাল কৰা কথা বিবেচনা কৰিলে নহ'ব। এইক্ষেত্ৰত এক দীৰ্ঘম্যাদী তথা সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়ি অসমবাসীৰ জাতীয় অস্তিত্বৰ প্ৰশ্নসমূহ দিল্লীৰ ওচৰত সজোৰে উত্থাপন কৰাৰ উদ্যোগ ল'ব লাগিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in