চিৰা, মুৰি, দৈ, গুৰ, ICU: বাকী আৰু কিবা থাকিল নেকি বাৰু…

চিৰা, মুৰি, দৈ, গুৰ, ICU: বাকী আৰু কিবা থাকিল নেকি বাৰু…

মৃদুল কুমাৰ সন্দিকৈ

চকু পৰিল ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰীতো। চকু পৰিল দৰিদ্ৰ জনে ভোক নিবাৰণৰ বাবে ব্যৱহাৰ কৰা খাদ্য় সামগ্ৰীতো।কল্যানকামী বুলি দাবী কৰা ৰাষ্ট্ৰই দৰিদ্ৰ জনতাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা নকৰি জি এছ টিৰ নামত এনেকৈয়ে অধিক বোজা জাপি দি নতুনকৈ আৰু এটা মাধমাৰ সোধালে।

সোমবাৰ, ১৮ জুলাইৰ পৰা বহু কেইটা নিত্য ব্যৱহৃত সামগ্ৰীত জি এছ টি আৰোপ কৰিলে কেন্দ্ৰীয় চৰকাৰে। নতুন নিৰিখত এই জি এছ টি আৰোপ কৰাৰ লগে লগে সেই সামগ্ৰী সমূহৰ মূল্য এতিয়া উৰ্ধগামী হ'ব। চণ্ডীগড়ত অনুষ্ঠিত হৈছিল ৪৭ সংখ্যক জি এছ টি পৰিষদৰ বৈঠক।

সেই বৈঠকতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধিৰ বাবে পূৰ্বৰ আৰোপিত বহু সামগ্ৰী জি এছ টি নিৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। দৈ, গুড়, লাচ্চী, বাটাৰ মিল্ক, প্ৰাকৃতিক গুৰ, মুৰি, চিৰা, আখৈ, চাউল, আটা, ৰাই, বাৰ্লি, ওটচ, পেকেট যুক্ত নাৰিকল পানী, পিঠাগুড়িত চৰকাৰে বলবৎ কৰিছে ৫ শতাংশ জি এছ টি।

এল ই ডি লেম্পৰ উপৰিও ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা চিয়াহী,পেঞ্চিল , ব্লেড, চাপ্নাৰকো ৰেহাই নিদিলে ইয়াৰ পৰা। বাইচাইকেলৰ পাম্প, দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা মেছিন আদিৰ উপৰিও বেংকৰ পৰা ধন উলিয়াবলৈ ব্যৱহাৰ কৰা চেকবুকৰ বিনিময়ত এতিয়া দিব লাগিব ১৮ শতাংশ জি এছ টি।

সৌৰ হিটাৰ, মেপ, হোটেলৰ কোঠা, আই চি ইউৰ কোঠা আদিতো আৰোপ কৰা হৈছে জি এছ টি। ১০০০ ৰ পৰা ৫০০০ মূল্যৰ হোটেলৰ কোঠা বা আই চি ইউৰ বিপৰীতে ১২ শতাংশ জি এছ টি ভৰিব লাগিব। ঠিকাদাৰ সকলৰ ক্ষেত্ৰত পথ, দলং , ৰেলৱে, মহানগৰী স্মশান আদিত যি সকলে সা-সামগ্ৰী যোগান ধৰে তেওঁলোকৰ জি এছ টি ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে।

নলা-নৰ্দমা, বান্ধ,পাইপ লাইন, জল যোগান, শিক্ষা প্ৰতিষ্ঠান , চিকিৎসালয় আদিৰ ঠিকাদাৰ সকলে নতুন ১৮ শতাংশ হাৰত জি এছ টি দিব লাগিব। ই আৱৰ্জনাৰ পূৰ্বৰ জি এছ টি ৫ শতাংশ আছিল যদিও এয়া বৃদ্ধি কৰা হৈছে ১৮ শতাংশলৈ।

কেঁচা চাহপাতৰ ওপৰত প্ৰথমবাৰৰ বাবে ৫ শতাংশ জি এছ টি আৰোপ কৰা হৈছে। এয়া চৰকাৰৰ কেনে নীতি। দৰিদ্ৰ জনসাধাৰণে সকাহ বিচাৰিছে। চৰকাৰে সকাহ দিয়াৰ সলনি জি এছ টিৰ নতুন বোজাহে জাপি দিছে। দেশত অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতি। ডলাৰৰ বিপৰীতে টকাৰ মূল্য নিম্নগামী হৈয়ে আছে।

১ বছৰত টকাৰ মূল্য ৭ শতাংশ পতন হৈছে। বাঢ়িছে আমদানি কৰা ইন্ধনকে ধৰি আন সামগ্ৰীৰ মূল্য। এনে পৰিপ্ৰেক্ষিতত বজাৰৰ উৰ্ধগামী মূল্যই মানুহক জ্বলা কলা খুৱাইছে।

ধনী মানুহে চিৰা, মুৰি, গুৰ নাখায়। দৰিদ্ৰ সকলে পেটৰ ভোক নিবাৰণৰ বাবে এইবোৰ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰে। তাতো যদি জি এছ টি লৈ ৰাজঙড়াল টনকিয়াল কৰিব লগীয়া হৈছে তেনেহ'লে দেশৰ অৰ্থনৈতিক অৱস্থা কোনফালে গৈছে। চলিত বৰ্ষৰ জুনত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৭.০১ শতাংশ। মে'ত সেই হাৰ আছিল ৭.০৪ শতাংশ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতিৰ হাৰ যিকোনো মূল্যৰ বিনিময়ত ৬ শতাংশ নিয়ন্ত্ৰিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিছিল। বিশেষকৈ খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই মোডী চৰকাৰ। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাতো চৰকাৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈছে।

মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি কমিটিয়ে সুদৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱণা আছে। সেই সিদ্ধান্ত আগষ্টৰ প্ৰথম সপ্তাহত কাৰ্যকাৰী কৰিব পাৰে বুলি চৰ্চিত হৈছে। অসমতো মুদ্ৰাস্ফীতি আৰু সা সামগ্ৰীৰ মূল্য বৃদ্ধি এক ডাঙৰ সমস্যা হৈ দেখা দিছে।

অনিয়ন্ত্ৰিত এক ব্যৱস্থাই আমাক কোঙা কৰিছে। আটা, পনীৰ, দৈত আৰোপ কৰিছে ৫ শতাংশ জি এছ টি। ৫০০০ টকাৰ ওপৰৰৰ হাস্পাতালৰ কোঠাত লাগিব ৫ শতাংশ জি এছ টি। ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা মেপ আদিত আৰোপ কৰা হ'ব ১২ শতাংশ জি এছ টি।

বেংকৰ পৰা এখন চেকবুক লওঁতেই ভৰিব লাগিব ১৮ শতাংশ জি এছ টি। অৰ্থাৎ নিজৰ টকা কেইটা চেকৰ জৰিয়তে উলিয়াবলৈ বেংকে প্ৰদান কৰা চেকবুক খনৰ বাবে চৰকাৰে ১৮ শতাংশ ধন জি এছ টিৰ নামত ল'ব।

ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰা সামগ্ৰী সমূহ যেনে প্ৰিন্টিং, লিখা বা অকা চিঁয়াহী, চুৰি, কাটিং ব্লেড, পেঞ্চিল , চাপ্নাৰ, এল ই ডি লেম্ব, ড্ৰয়িং আৰু মাৰ্কিঙত ব্যৱহাৰ কৰা সামগ্ৰীত পূৰ্বতে ১২ শতাংশ জি এছ টি আছিল যদিও সেই ধনেৰে হেঁপাহ নপলাল। ইয়াত ৬ শতাংশ বৃদ্ধি কৰি ১৮ শতাংশ কৰিছে।

দৰিদ্ৰ লোক সকলে কি কৰিব? চৰকাৰৰ যি ইচ্ছা সেয়া চৰকাৰে বাধা প্ৰতিবাদ কৰিলেও কৰি যাব। ধনী পূঁজিপতি শ্ৰেণীটোক চৰকাৰে ৰঙা দলিচা পাৰি হাজাৰ হাজাৰ কোটি টকা বেংকৰ পৰা ঋণ লৈ ওলাই যাবলৈ সুবিধা কৰি দিব বা বিভিন্ন প্ৰক্ৰিয়াৰে সেই লোন মাফ কৰি দিব।

ৰাজহুৱা খণ্ডৰ সা-সম্পত্তি ইতিমধ্যে পূঁজিপতি শ্ৰেণীলৈ হস্তান্তৰ পৰ্ব আৰম্ভ হৈছে। এনেকৈয়ে চৰকাৰে দেশ বিক্ৰী কৰিছে পূঁজিপতিৰ হাতত। হিতাধিকাৰী সৃষ্টিৰে ৰাজনৈতিক চমক দি অপ্ৰয়োজনীয় ভাৱে দেশৰ ধন অপব্যয় কৰি কোনো ৰাজনৈতিক দলৰ ভৱিষ্যৎ সুৰক্ষা কৰা প্ৰৱণতাই মানুহৰ মাজত উৎপাদনশীলতাক স্তব্ধ কৰি তুলিছে।

এতিয়া কাম কৰিবলৈ মানুহে ইচ্ছা নকৰে। খেতি-পথাৰত নমা সলনি চৰকাৰে দিয়া বিনামূলীয়া চাউল, মাহে মাহে ভৰাই দিয়া ধন লৈ বাট চাই ৰয়। সেইবোৰ আঁচনি ৰূপায়ণৰ বাবে কিমান ধনৰ প্ৰয়োজন হ'ব পাৰে এবাৰ ভাৱক।সেয়েহে এহাতে অলপ দি আনখন হাতেৰে চৰকাৰে পাভ চোচা দিছে।

চিৰা, মুৰি, গুড় খোৱাও এতিয়া আধ্যা পৰিল। এই সামগ্ৰী সমূহৰ মূল্য বৃদ্ধিয়ে দৰিদ্ৰ শ্ৰেণীটোৰ ওপৰত কিমান প্ৰভাৱ পেলাব পাৰে সেয়া চৰকাৰে অনুভৱ কৰিব নোৱাৰিব। দুখীয়াক মাৰি ধনী শ্ৰেণীটোক উত্তৰণৰ বাট মুুকলি কৰি দিয়া হৈছে। দৰিদ্ৰ দেশবাসীয়ে এতিয়া কাক সুধিব- চিৰা, মুৰি খাই আধা পেটে থকা মানুহবোৰক জি এছ টিৰ নামত কিয় এই মাধমাৰ সোধালা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in