নৰেৰেকো

নৰেৰেকো

মৃদুল কুমাৰ সন্দিকৈ

অসমীয়া সংগীত জগতৰ সোণালী অধ্যায় আৰম্ভ হৈছিল কেতিয়াবাই। অসমীয়া বোলছবি সমূহৰ গীতবোৰে এই সংগীত জগতখনক বাৰুকৈয়ে সমৃদ্ধ কৰি আহিছে। ১৯৩৫ চনৰ ১৯ মাৰ্চৰ পৰা অসমীয়া বোলছবিৰ যাত্ৰা আৰম্ভ হৈছিল। জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰিচালনাৰে সেই জয়মতীতেই দিলীপ কুমাৰ শৰ্মা আৰু আৰতী শৰ্মাই গাইছিল 'লুইতৰে পানী যাবি ঐ বৈ…'।

তাৰ পাছত বহু জনপ্ৰিয় গীত ৰচনা হ'ল এই বোলছবি বোৰৰ বাবে। তেনে অসংখ্য গীত আছে যিবোৰ আজিও চিৰ সেউজ আৰু ভৱিষ্যতেও চিৰ সেউজ হৈ থাকিব। এসময়ত এটা ৰেকৰ্ডিং কৰাটো এটা ডাঙৰ কথা আছিল। আজিৰ দৰে মন গলেই গীত ৰেকৰ্ডিং সম্ভৱ নাছিল।

এইছ এম ভিৰ জৰিয়তে বহু গীত কলিকতাত ৰেকৰ্ডিং কৰা হৈছিল। এই এইছ এম ভিৰ আৰ্হিতেই অসমতো এটা স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ ৰেকৰ্ড কোম্পানী আজিৰ পৰা প্ৰায় ৪ টা দশকৰ পূৰ্বে অসমত প্ৰতিষ্ঠা কৰা হৈছিল। এই কোম্পানীটোৰ নাম আছিল 'নৰ্থ ইষ্টাৰ্ন ৰেকৰ্ড কোম্পানী'।

যিটোক চমুকৈ NORERECO অৰ্থাত 'নৰেৰেকো' বুলি জনা গৈছিল। এই কোম্পানীটো খুলিছিল ১৯৮১ চনত। প্ৰতিষ্ঠানটোৰ নাম ৰাখিছিল এসময়ৰ বিখ্যাত শব্দযন্ত্ৰী পীযুষ কান্তি ৰয়ে। ইয়াত প্ৰতীক পট কলকাতাৰ বিখ্যাত চিত্ৰ শিল্পী অ' চি গাংগুলীয়ে আঁকিছিল।

এইটোৱেই অৱশ্যে প্ৰথম ৰেকৰ্ড কোম্পানী নাছিল। ১৯৩৭ চনতে ৰাজ্যত প্ৰথমটো ৰেকৰ্ড কোম্পানী উজান বজাৰৰ শুভ চন্দ্ৰ বৰুৱাই আৰম্ভ হৈছিল। যিটোৰ নাম আছিল 'দ্যা আছাম অডিঅ'গ্ৰাফ কোম্পানী'। ইয়াৰ জৰিয়তে ৰেকৰ্ড কৰা ৰেকৰ্ড সমূহত লিখা আছিল সুৰ ভাৰতী বুলি।

সেই সময়ত অসমত গীত ৰেকৰ্ডিঙৰ বাবে কোনো সুবিধা নথকাত সুৰ ভাৰতী কোম্পানীয়ে অসমৰ গায়ক-গায়িকাৰ গীত কলকাতাত নি ৰেকৰ্ড কৰোৱাইছিল। কলম্বিয়াৰ এটা কোম্পানীৰ সৈতে গীত সমূহ ৰেকৰ্ডিঙৰ বাবে চুক্তি কৰিছিল।

নেৰেৰেকোৱে পূৰ্ণ পৰ্যায়ত অসমত গীত ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পূৰ্বে হিন্দুস্তান, মেগাফোন, চেনুলা আদিৰ জৰিয়তে অসমীয়া গীত ৰেকৰ্ডিং কৰা হৈছিল। ১৯৬৮ চনত অসমত স্থাপন কৰা হৈছিল জ্যোতি চিত্ৰবন। সেই জ্যোতি চিত্ৰবনত প্ৰথমটো গীত ৰেকৰ্ডিং হৈছিল ১৯৭২ চনত।

সেই সময়ত আকাশবাণী আছিল অতিকৈ জনপ্ৰিয়। বহু শিল্পীয়ে জ্যোতি চিত্ৰবনত গীত ৰেকৰ্ডিং কৰিছিল যদিও তেওঁলোকৰ গীত সমূহ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত এক সমস্যাই দেখা দিছিল। সেয়া আছিল আকাশবাণীত এই গীতৰ ৰেকৰ্ডসমূহ বাজিবলৈ গীতসমূহ এটা স্বীকৃতিপ্ৰাপ্ত ৰেকৰ্ড প্ৰতিষ্ঠানত ৰেকৰ্ড কৰা হ'ব লাগিব।

এইছ এম ভিয়ে পাণ বজাৰত এটা অস্থায়ী ষ্টুডিঅ' নিৰ্মাণেৰে বহু শিল্পীৰ গীত ৰেকৰ্ডিং কৰিছিল যদিও ৭০ দশকত সেই অস্থায়ী ষ্টুডিঅ' ২ বছৰ মানৰ ভিতৰতে বন্ধ হৈ পৰে। তেনে এক সময়ত নৰেৰেকো আছিল অসমৰ সংগীত জগতৰ বাবে আশাৰ বতৰা।

১৯৮১ চনত আৰম্ভ হোৱা এই ৰেকৰ্ড প্ৰতিষ্ঠানটোৱে প্ৰথমখন গীতৰ ৰেকৰ্ড বজাৰত উলিয়াই দিছিল ১৯৮২ চনত। অপূৰ্ব বেজবৰুৱাৰ আছিল এই গীতৰ ৰেকৰ্ডখন। 'কপৌ পাহি তোৰে খোপাত', 'চাহ গছৰ কোমল পাতত' আদি গীতৰ এই ৰেকৰ্ডখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।

সেই সময়ত এই গীত সমূহৰ বাণীবন্ধনত বাদ্যযন্ত্ৰী হিচাপে আছিল প্ৰভাত শৰ্মা, অনুপম চৌধুৰী, পাৰ্থ প্ৰতিম চৌধুৰী, গণেশ ডেকা, প্ৰীতম সিং, অভিনন্দন বানিক্য, জয়ন্ত গগৈ, প্ৰান্তিক ফুকন, নিতুমণি ডেকা, বিমল দাস, ৰাজকুমাৰ ৰবি দাস, ৰতন দাস, অকন মজুমদাৰ, তাৰিনী হাজৰিকা, জয় হৰি দাস আদি। সংগীত সহযোগী ব্যৱস্থাপক ৰূপে ভূপেন উজীৰে বৰ সুন্দৰকৈ গীতসমূহ সজাই পৰাই তুলিছিল।

তৰুণ দাসৰ 'আই তই নাকান্দিবি', কুইন দাস আৰু অসীম হাজৰিকাৰ আন এখন ৰেকৰ্ডে অসমৰ সংগীত প্ৰেমীৰ মাজত ধুমুহাৰ সৃষ্টি কৰিছিল। কুইন দাসৰ 'ব'হাগতে আহিবি চেনাই ঐ', অসীম হাজৰিকাৰ 'গানে গানে আজি কওঁ' আৰু দুয়োৰে কণ্ঠত 'বিৰিণা বনৰে সুহুৰি' শীৰ্ষক গীত বোৰৰ জনপ্ৰিয়তা আজিও আছে।

নৰেৰেকোতে প্ৰথম গীত বাণীবন্ধন কৰিছিল সন্ধ্যা মেনন, জীতেন ডেকায়ো। সেই গীতবোৰৰ উপৰিও সূৰ্য দাসে ইয়াৰ বেনাৰতে গাইছিল- 'মানুহ দেখিছো আজি বহু মানুহ'। কনিকা ভট্টাচাৰ্ই বাণীবদ্ধ কৰিছিল 'অ' চেনাই শুনিছানে নাই'। এইগৰাকী গায়িকাৰ সৈতে চাৰু গোঁহাইয়ে গাইছিল- 'তুমি মোৰ মৰমৰে মইনা'।

অসম আন্দোলনৰ সময়ত ইয়াৰ বেনাৰতে মুক্তি পাইছিল পংকজ দত্তৰ কণ্ঠত 'জলন্ত নিহাৰীকা পুঞ্জ'। উদ্দাত্ত কণ্ঠৰ সেই গীতৰ ভাষাই আন্দোলনকাৰীক উৎসাহিত কৰিছিল। এইবোৰ অসমৰ সংগীত জগতৰ পুৰণি দিনৰ কথা। তেতিয়া এনেদৰে গীত বাণীবন্ধ কৰাৰ আমেজেই আছিল সুকীয়া।

ৰাজ্যৰ বৰ্তমানৰ প্ৰতিষ্ঠিত শিল্পীক নতুন বাটৰ সন্ধান দিছিল নৰেৰেকোৱে। বাণীকনা ঘোষাল, ৰুণজুন ফুকন, তৃষা ৰাণী শইকীয়া, উমেশ গগৈ, সুলেখা ডেকা, কবিতা ফুকন আদিয়ে ইয়াৰ জৰিয়তেই গীতৰ ৰেকৰ্ড উলিয়াইছিল। ৰমেন চৌধুৰীৰ সংগীত পৰিচালনত বংকীম কলিতাই বাণীবদ্ধ কৰিছিল কেইবাটাও লোকগীত।

সেই সোণালী দিনবোৰ লাহে লাহে শেষ হ'ল। ৰেকৰ্ডৰ স্থান লৈছিল কেছেটে। কেছেটৰ জামানাৰো অন্ত পৰিল। বজাৰলৈ আহিল চিডি। সেই বজাৰখনৰো অন্ত পৰিল। পাইৰাছীৰ কৱলত পৰি এসময়ত অসমৰ সংগীত জগত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল।

উদ্যোগ ৰূপে গঢ়ি উঠা চিডিৰ ব্যৱসায় অধ্যায় অন্ত পৰিল। এক অনিশ্চয়তাৰ পাছত আহিল ডিজিটেল মাধ্যম। ইউটিউব, ফেচবুক আদিৰ জৰিয়তে গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ চলিল। মোবাইল কেমেৰাতে গীতৰ দৃশ্যগ্ৰহণ সম্ভৱ হ'ল। অলিয়ে-গলীয়ে ষ্টুডিঅ' হ'ল।

গীত এটা লিখা-গোৱা আৰু দৃশ্যায়নৰ কোনো সমস্যাই নাই এতিয়া। কিন্তু পুৰণি দিনৰ সেই গীতবোৰৰ দৰে আজিৰ গীতবোৰ জনপ্ৰিয় হৈও চিৰসেউজ হ'ব পৰা নাই। মিলিয়ন মিলিয়ন মানুহে গীতবোৰ চায়। কিন্তু সেই গীতবোৰ জনপ্ৰিয়তাৰ কেইটামান দিনৰ ভিতৰতে শেষ হৈ যায়।

বুকুৰ মাজত অনুৰণিত হৈ নাথাকে সেই গীতৰ সুৰ, ভাব আৰু ভাষা। গুণগুণালেই মিঠা আৱেশেৰে ভাল লাগি যোৱা গীতৰ মাদকতা এতিয়া যেন আমি বিচাৰিলেও নাপাও। হয়তো ভাল গীত সৃষ্টি হৈছে কিন্তু সেই পুৰণি গীতবোৰৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইয়াত থাকিবলগীয়া মৌলিকতা ক'ৰবাত অভাব।

তথাপিও গীত সৃষ্টি হৈয়ে আছে, হৈয়ে থাকিব। সময়ে ভাল বুলি ভবাবোৰ ৰৈ যাব, বাকীবোৰ হেৰাই থাকিব। গীতৰ কথাত জীৱনৰ আন্দোলিত মাটি আৰু বায়ু তথা চৌপাশৰ পৰিৱেশ নাথাকিলে সেই গীতবোৰ কেনেকৈ চিৰ সেউজ হ'ব?

অসমৰ সংগীত জগতৰ সোণালী ইতিহাসত নেৰেৰেকো এক অধ্যায়। কিন্তু আমি কিমানজনে জানোঁ এইবোৰ কথা? গীতৰ লগে লগে এনে এক এন্ধাৰতে ৰৈ যোৱা কথাবোৰো চৰ্চা হ'ব লাগে। অসমীয়া সংগীত জগতৰ ভাল গীত বোৰো সাহিত্য হ'ব পাৰে।

( মনজিৎ ৰাজকোঁৱৰৰ নেৰেৰোকাৰ সন্দৰ্ভত লিখা এক লেখাৰ আঁতধৰি)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in