Advertisment

কয়লাৰ ক'লা বেহা! প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ কেনেকৈ চালান কাটিছিল AMDCএ...

সকলোৱে ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচা আৰু পত্নীকো এই তদন্তৰ আওতালৈ অনাৰ বাবে দাবী জনোৱাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছিল যে, এই ঘটনাৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়াগৰাকী কোনো পধ্যেই জড়িত নহয়।

author-image
Asomiya Pratidin
New Update
ংন্ু

উমৰাংছুৰ অভিশপ্ত কয়লাখনিত সংঘটিত হোৱা ঘটনাৰ পাছতে নিতৌ দুৰ্নীতিৰ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে কি পন্থাৰে কয়লা সৰবৰাহৰ বাবে প্ৰদান কৰিছিল চালান। প্ৰয়োজনীয় অনুমতি নোহোৱাকৈয়ে অদৃশ্য শক্তিৰে বলীয়ান হৈ আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে কয়লাৰ ক'লা বেহাৰ বাবে পাৰি দিছিল ৰঙা দলিচা। অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

 


চাওঁতে চাওঁতে আজি সাতটা দিনত ভৰি দিলে উমৰাংছুৰ অভিশপ্ত কয়লাখনিত সংঘটিত হোৱা শোকাৱহ ঘটনাই। বৰ্তমানেও তিনি কিলোৰ ক'লামাটিস্থিত কয়লাখনিৰ সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৫ জন শ্ৰমিক৷ ইতিমধ্যে চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাকী ৫জনক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান। 

উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যত অবৈধ এই কয়লাখনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰক সমগ্ৰ বিষয়টোৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ দাবী জনোৱা হৈছে। সকলোৱে ডিমা হাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচা আৰু পত্নীকো এই তদন্তৰ আওতালৈ অনাৰ বাবে দাবী জনোৱাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছিল যে, এই ঘটনাৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়াগৰাকী কোনো পধ্যেই জড়িত নহয়।

মুখ্যমন্ত্ৰীয়ে এনে ঘোষণা কৰিলেও ইতিমধ্যে অসম চৰকাৰৰ খনিজ উন্নয়ন নিগমে অতি কৌশলেৰে কয়লা পৰিবহনৰ বাবে দিয়া চালান ৰাজহুৱা হৈছে। এই চালান আছে মিছেচ কে. হোজাইৰ নামত। তেওঁৰ ঠিকনা- গৰমপানী, ডিমা হাচাও। আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে দিয়া এই চালানখনৰ নম্বৰ- ২৩১২ । এই মিছেচ কে. হোজাই হৈছে মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ পত্নী।

মন কৰিব লগা যে, আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে ১৭নৱেম্বৰ, ২০২৩ত ইচ্ছ্যু কৰা এই চালানখনত কয়লা নহয়, অ বি কয়লা পৰিবহনৰ অনুমতিহে দিছে। অ বি কয়লা অৰ্থাৎ অভাৰ বাৰ্ডেন কয়লা হৈছে কয়লাৰ উপৰিভাগত থকা শিল আৰু বালিৰ সংমিশ্ৰণ। এইবোৰৰ কোনো বিশেষ বাণিজ্যিক ব্যৱহাৰ নাই। কিন্তু এতিয়া কথা হৈছে, এই কামৰ বাবে চালান দিবলৈও আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে ল'ব লাগে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ(State Environment Impact Assessment Authority) আৰু ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতি (State Expert Appraisal Committee)ৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ। 

কিন্তু লক্ষ্যণীয়ভাৱে আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে এই দুই সংস্থাৰ পৰা কোনো আপত্তিবিহীন প্ৰমাণ পত্ৰ বা তেনে অনুমোদন পত্ৰ লোৱাই নাছিল। অসমীয়া প্ৰতিদিনে সকলোবোৰ দিশ অতি নিঁখুতকৈ চোৱাৰ পাছতো চৰকাৰী ৱেবচাইটত আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে এনে আপত্তিবিহীন প্ৰমাণ পত্ৰ লোৱা তথ্য পোৱা নগ'ল। উল্লেখ কৰা প্ৰয়োজন যে, যিকোনো খনন কাৰ্যকলাপৰ বাবে এই ক্লিয়াৰেন্স বাধ্যতামূলক। কিন্তু কি অদৃশ্য শক্তিৰ ক্ষমতাৰে আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে কে হোজাইৰ নামত এই চালান প্ৰদান কৰিলে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কাৰ্বি আংলঙৰ কয়লাজান, বোকাজান, ডিমা হাচাওৰ গৰমপানীত খনন কাৰ্য্যৰ বাবে আৱেদন জনোৱাৰ পিছতো এ এম ডি চিয়ে এতিয়াও প্ৰয়োজনীয় ক্লিয়াৰেন্স লাভ কৰা নাই। ২০২৪ চনৰ ১৪ অক্টোবৰত এ এম ডি চিক টাৰ্মছ অৱ ৰেফাৰেন্স (টি অ’ আৰ) প্ৰদান কৰা হৈছিল যদিও এতিয়ালৈকে কোনো পৰিৱেশ আপত্তিবিহীন অনুমোদন প্ৰদান কৰা হোৱা নাই।

আনহাতে, কয়লা ৰাষ্ট্ৰীয় খনিজাত সম্পদ। উত্তৰ-পূবত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত চাৰিখন কয়লাখনি আছে। সেই কয়লাখনি কেইখন আছে- লিডু, টিকাক, বাৰাগলাই আৰু তিপাঙত। এই চাৰিস্থানৰ বাদে আন ঠাইত কোনেও কয়লা খনন কৰিব নোৱাৰে।  তেনেস্থলত, বাকীবোৰ স্থানত কয়লা খননৰ নামত চলি থকা অবৈধ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যনে কোনো কাৰনতে কয়লা সৰবৰাহৰ অনুমতি দিব নোৱাৰে।

কিন্তু তেওঁলোকে অভাৰ বাৰ্গেনিং কয়লাৰ নামত অবৈধ কয়লাখনিৰ পৰা খনন কৰা কয়লা এনেদৰে সৰবৰাহ কৰিবলৈ সুযোগ দিছে। অবৈধ কয়লা খনন আৰু চিণ্ডিকেটৰ অন্যতম খলনায়ক আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকগৰাকী বুলিও অভিযোগ উঠিছে। 
এ এম ডি চিৰ এম ডি এন আনন্দক ইয়াৰ বাবে জগৰীয়া আৰু মূল অভিযুক্ত কৰাৰ বহু অৱকাশ আছে। উমৰাংছুৰ শেহতীয়া ঘটনাৰ পাছত যদি সচাঁকৈয়ে সেই সন্দৰ্ভত সঠিক তদন্ত চৰকাৰে বিচাৰে তেনেহ'লে স্থানীয় কয়লা মাফিয়াসকলৰ লগতে তেওঁকো তদন্তকাৰী সংস্থাই জেৰা কৰিব লাগে।

আদালতে ৰেট হোল কয়লা মাইনিঙৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও সেয়া কাৰ্যকৰী নহ'ল। ২০১৪চনৰ ১৭এপ্ৰিলতেই ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণে এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো ২০১৮ৰ ১৩ডিচেম্বৰত মেঘালয়ত পূব জয়ন্তীয়া পাহাৰ জিলাৰ কাছান গাঁৱত এটা খনিত আৱদ্ধ হৈ ১৫জন শ্ৰমিকৰ মৃত্যু হৈছিল।  তাৰ পাছতেই ন্যায়াধীকৰণে সমগ্ৰ উত্তৰ-পূবতে ৰেট হোল মাইনিং নিষিদ্ধ কৰে। এই ৰায়ৰ বিৰুদ্ধে কিছু পক্ষই উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাত ২০১৯ৰ ৩জুলাইত উচ্চতম ন্যায়ালয়ে ন্যায়াধীকৰণৰ এই ৰায় বাহাল ৰাখিছিল। 

এনেদৰেই এতিয়া এটাৰ পাছত আন এটা দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। কেচুঁ খান্দোতে সাপ ওলোৱা সম্ভাৱনা ১০০শতাংশই আছে। প্ৰয়োজনীয় অনুমতি নথকাৰ পাছতো আছাম মিনাৰেল ডেভেলপমেন্ট কৰ্পাৰেশ্যন লিমিটেডে কেনেকৈ চালান কাটিলে সেই কথা এতিয়া তদন্তৰ আওতালৈ আহিবনে? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ উত্তৰ কি হ'ব? নে অদৃশ্য শক্তিয়ে গ্ৰাস কৰিব এই সমগ্ৰ বিষয়টো !

উমৰাংছু