সংঘৰ যোৰহাট অধিৱেশনত হেৰুৱা সামগ্ৰী ঘূৰাই পাব কেনেকৈ...

যোৰহাটৰ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰস্থলীত হেৰুৱা আৰু সেই স্থানৰ পৰা উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ সন্দৰ্ভত যোগাযোগ কৰিছিল অধিৱেশনৰ অনুসন্ধান আৰু যোগাযোগ উপ সমিতিৰ সৈতে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
vbnb

যোৰহাটত অন্ত পৰা ৯৪ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বাৰ্ষিক অধিৱেশনত আপোনাৰ কিবা সামগ্ৰী হেৰাইছে নেকি? যদি হেৰাইছে তেনেহ'লে সেই সামগ্ৰীবোৰ আপুনি ঘূৰাই পাব পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেলে আপোনাক সেই সামগ্ৰীবোৰ ঘূৰাই পোৱা ক্ষেত্ৰত সুবিধা হোৱা কৈ দিব খুজিছে এই খবৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বাৰ্ষিক অধিৱেশন মানেই লাখ লাখ ভক্তৰ সমাগম। অগণন মানুহৰ সমাগম হোৱা বাবে বহু সামগ্ৰী হৰণ-ভগন হয় এই অধিৱেশনস্থীলত। শেহতীয়াকৈ যোৰহাটত অনুষ্ঠিত হৈ গ'ল  সঙ্ঘৰ ৯৪ সংখ্যক অধিবেশন। এই অধিৱেশনৰ কালছোৱাতো ভকত বৈষ্ণৱৰ বহু সামগ্ৰী হেৰাল।

vbbv

পিছে আপুনি আপোনাৰ হেৰুৱা সামগ্ৰীক লৈ চিন্তিত হব নালাগে। ঘূৰাই পোৱাৰ সম্ভাৱনা আছে এই অধিৱেশনস্থলীত হেৰুৱা সামগ্ৰীসমূহ। অসমীয়া প্ৰতিদিন ডিজিটেলে যোৰহাটৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশনৰস্থলীত হেৰুৱা আৰু সেই স্থানৰ পৰা উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ সন্দৰ্ভত যোগাযোগ কৰিছিল অধিৱেশনৰ অনুসন্ধান আৰু যোগাযোগ উপ সমিতিৰ সৈতে।

cbcb

এই উপ সমিতিৰ সভাপতি আছিল লোহিত বৰা আৰু সম্পাদক আছিল ৰঞ্জিত দত্ত। অনুসন্ধান আৰু যোগাযোগ উপ সমিতিয়ে জানিব দিয়া মতে, যোৰহাটৰ সংঘৰ অধিৱেশনস্থলীৰ পৰা উদ্ধাৰ হোৱা বহু সামগ্ৰী তেওঁলোকৰ হাতত জমা আছে। সেই সামগ্ৰী সমূহ হ'ল-  
(১) গামোচা ৬২ খন
(২) মহিলাৰ মানিপাৰ্চ ২৭টা
(৩) সৰু পাৰ্চ ১৩টা
(৪) চশমা ৮ জোৰ
(৫) ৰূপৰ চেইন ১দাল।
(৬) টৰ্চ সৰু ১ টকা।
(৭) ৰুমাল ২খন।
(৮) পান কাৰ্ড এখন।
(৯) আধাৰ কাৰ্ড ২খন।
(১০) এটিএম ৩খন ।
(১১) শৰাই ঢকা এখন
(১২) বডি অইল এটা।
(১৩) বাইক আৰু ঘৰৰ চাবি ১০ টা।
(১৪) মহিলাৰ ঘড়ী ৪টা।
(১৫) হেলমেট ১টা।
(১৬) এডিদাছ বেগ ১ টা।
(১৭)  জেকেট ২টা।
(১৮) স্কাৰ্ফ ১৩ খন।
(১৯) মাফ্লাৰ ৬খন।
(২০) টুপী ৪টা।
(২১) চুৱেটাৰ ৪টা।
(২২) চেলেং ৭খন।
(২৩) ৰিহা ১খন।
(২৪) মেখেলা ১খন।
(২৫) সৰু জেকেট ১টা।
(২৬) সৰু বেগ ১টা।
(২৭) মাকো ১টা।

উপৰোক্ত সামগ্ৰী সমূহৰ গৰাকীয়ে অনুসন্ধান আৰু যোগাযোগ উপ সমিতিৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ সামগ্ৰী সমূহ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে উপ সমিতিৰ সভাপতি লোহিত বৰাৰ সৈতে +91 60010 80876 আৰু উপ সমিতিৰ সম্পাদক ৰঞ্জিত দত্তৰ সৈতে +91 99544 00129 নম্বৰত যোগাযোগ কৰিব পাৰে।

vbvv

অনুসন্ধান আৰু যোগাযোগ উপ সমিতিৰ সভাপতি লোহিত বৰাই জানিবলৈ দিয়া মতে, এতিয়ালৈ ২৫ বিধ সামগ্ৰী গৰাকীক ঘূৰাই দিয়া হৈছে। বাকী সমাগ্ৰী সমূহো উপযুক্ত গৰাকী ওলালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হব বুলি বৰাই জানিব দিয়ে।

যদি আপোনাৰ কোনো সামগ্ৰী যোৰহাটৰ অধিৱেশনস্থলীত হেৰাইছে তেন্তে ওপৰত উল্লেখিত মোবাইল নম্বৰ কেইটাৰ সৈতে যোগাযোগ কৰিব পাৰে।

উল্লেখ কৰা প্ৰয়োজন যে, অধিৱেশন সমূহত হোৱা জন সমাগৰ ফলত ৰাইজৰ সামগ্ৰী হেৰুৱাতো সাধাৰণ কথা যদিও অধিৱেশনৰ পাছত সমিতিয়ে লোৱা এই ধৰণৰ পদক্ষেপ শলাগ ল'বলগীয়া। পোন প্ৰথমবাৰৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰা বাবে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ