ড০ শিৱনাথ বৰ্মন

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি ড০ শিৱনাথ বৰ্মনে।
ড০ শিৱনাথ বৰ্মন

অৱশেষত জীৱন-যুদ্ধত হাৰ মানিলে বিশিষ্ট চিন্তাবিদ, সাংবাদিক ড০ শিৱনাথ বৰ্মনে। অসমীয়া সাহিত্য,সমাজ জীৱনক সকলো দিশৰ পৰাই সম্বদ্ধ কৰা এই গৰাকী বিশিষ্ট চিন্তাবিদ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ বিশেষ প্ৰতিবেদন...

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি ড০ শিৱনাথ বৰ্মনে। নেমকেয়াৰ হস্পাতালত ১৫ ডিচেম্বৰ ২০২২ৰ সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা চিন্তাবিদ গৰাকীয়ে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮১ বছৰ। চলিত বৰ্ষৰ ১০ জুলাইত স্বাস্থ্যৰ অৱনতি হোৱাত মহানগৰী নেমকেয়াৰ হস্পাতালত ভৰ্তি কৰোৱা হৈছিল ড০ বৰ্মনক।দুদিন চিকিৎসালয়ত থকাৰ পাছত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল যদিও পুনৰ অসুস্থ হৈ পৰাত নেমকেয়াৰ হস্পাতালত ডিচেম্বৰ মাহৰ পহিলা ভাগত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

অসংখ্য গুণমুদ্ধ,পত্নী অঞ্জনা বৰ্মন আৰু দুই কন্যা সংঘামিত্ৰা আৰু শুভমিত্ৰাই তেওঁক সুস্থ কৰি তুলিবলৈ অলেখ চেষ্টা কৰিছিল যদিও বৃক্ককে ধৰি বাৰ্ধক্যজনিত অন্যান্য ৰোগত আক্ৰান্ত হৈছিল তেওঁ।

শংকৰদেৱ সন্দৰ্ভত লিখা লেখাবোৰক লৈ এখন সংকলন, ধৰ্ম দৰ্শনক লৈ লিখা লেখাবোৰেৰে দুটা সংকলন, সাহিত্য বিষয়ক লেখাৰে আন দুটা সংকলন, ভাষা, শিক্ষা আৰু সমাজ বিষয়ক লেখাৰে আন এখন সংকলনৰ পৰিকল্পনা কৰিছিল তেওঁ।

বিজ্ঞান বিষয়ক,ভাষা আৰু সমাজ বিষয়ক আন দুখন সংকলনৰ কামো তেওঁ কৰি থৈ গৈছে। ভৰিটো অকনমান ভাল পালেই সেই কামত মনোনিবেশ কৰাৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ ইচ্ছা সম্পূৰ্ণ নহ'ল। অৱশ্যে অসমীয়া জাতি আৰু সাহিত্য, ভাষা, সমাজ, ধৰ্ম , বিজ্ঞান,লোক কৃষ্টি আদি বিভিন্ন ক্ষেত্ৰত বহুখিনি দি থৈ গৈছে এইগৰাকী মহীৰূহে।

শিক্ষকতাৰ পৰা সাংবাদিকতালৈকে, বুৰঞ্জীৰ পৰা বিজ্ঞানৰ দিশলৈকে তেওঁৰ ক্ষেত্ৰ আছিল যথেষ্ঠ বিশাল। ১৯৪১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদ গৰাকীৰ পিতৃৰ নাম আছিল কাশীনাথ বৰ্মন।

নলবাৰী চহৰৰ পশ্চিম চামতা অঞ্চলৰ আমলী গাঁৱত আছিল তেওঁৰ মূল ঘৰ। অৱশ্যে পিতৃয়ে যোৰহাটৰ নৰ্মাল স্কুলত শিক্ষকতা কৰাওতে সেই স্কুলৰ শিক্ষক আৱাসতে জন্ম হৈছিৱ ড০ বৰ্মনৰ।

তেওঁ মাতৃৰ নাম প্ৰয়াত ভৱানীৱালা। নাজিৰাত স্কুলীয়া শিক্ষা সাং কৰি ১৯৫৯ চনত নাজিৰৰ ল'ৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ কটন কলেজত নামভৰ্তি কৰিছিল।

১৯৬৩ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। শিৱসাগৰ মহাবিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বৰ্মনে কটন কলেজ আৰু আৰ্য মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল।

এইগৰাকী পণ্ডিত তথা চিন্তাবিদক ২০২২ বৰ্ষত 'সাদিন-প্ৰতিদিন গোষ্ঠী'য়ে 'ওজা হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা'ৰে সন্মানিত কৰিছিল।

২০০৮ চনত তেওঁ 'জনসাধাৰণ' নামৰ কাকত খনৰ সম্পাদক হিচাপে দায়িত্ব লৈছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ সংমূহৰ ভিতৰত- আইষ্টাইন আৰু পদাৰ্থ জগত, স্বদেশ-স্বমত, ন মনুষ্যৎ, লোক-কৃষ্টিৰ উৎস, অন্বেষা ,শ্ৰীমন্ত শংকৰদেৱঃকৃতি আৰু কৃতিত্ব, অসমীয়া জীৱনি অভিধান, অসমীয়া আখৰ জোঁটনিৰ কথা, শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰ সুৰীসকল, অসমীয়া ব্যাকৰণ অভিধান, ভাৰতীয় চিন্তা, অসমৰ জনজাতি সমস্যা, হেমচন্দ্ৰ বৰুৱা, সাধক আৰু সাধনা আদিকে ধৰি প্ৰায় ৩৮ খনৰো অধিক মৌলিক গ্ৰন্থ তেওঁৰ ৰচনা কৰি থৈ গৈছে।

৪ খন ইংৰাজী গ্ৰন্থ, ২ অনুবাদ কৰা গ্ৰন্থ, ২৩ খন সম্পাদিত গ্ৰন্থৰ উপৰিও ৫ খন অসমীয়া আলোচনী সম্পাদনা কৰি তেওঁ অসমীয়াৰ সাহিত্যৰ সম্ভাৰ চহকী কৰিছিল। ড০ শিৱনাথ বৰ্মনৰ মৃত্যু অসমীয়া ভাষা-সংস্কৃতি, সমাজ জীৱন , সাংবাদিকতা আদি ক্ষেত্ৰৰো অপূৰণীয় ক্ষতি ।অত্যন্ত সৰল আৰু অতি সাধাৰণ ভাৱেই জীৱন ধাৰণ কৰা ড০ বৰ্মন আছিল এজন নীৰৱ সাধক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in