পাকিস্তান মুৰ্দাবাদ...

পাকিস্তান আমাৰ বাবে এটা প্ৰচণ্ড ঘৃণাৰ নাম। পাকিস্তান আমাৰ বাবে এক দুৰ্ভাগ্যৰ প্ৰতীক। আৰু কিমান সহ্য কৰিব লাগিব আমি পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত এই বৰ্বৰতা?

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পাকিস্তান মুৰ্দাবাদ...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

পাকিস্তান আমাৰ বাবে এটা প্ৰচণ্ড ঘৃণাৰ নাম। পাকিস্তান আমাৰ বাবে এক দুৰ্ভাগ্যৰ প্ৰতীক। আৰু কিমান সহ্য কৰিব লাগিব আমি পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত এই বৰ্বৰতা?

পেহেলগামত হোৱা আক্ৰমণ পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত অতি শেহতীয়া সন্ত্ৰাসবাদৰ সংস্কৰণ। লস্কৰ-ই-তৈবা আৰু টি আৰ এফে এই বৰ্বৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। 

সমগ্ৰ দেশ আজি শোকত মৰ্মাহত। সুযোগ পালেই ভাৰতৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণ আমি প্ৰতিৰোধ কৰিব পৰা নাই সেই প্ৰশ্ন এতিয়া দেশবাসীৰ মাজত জাগ্ৰত হৈছে। 

কাশ্মীৰলৈ স্বাভাৱিক পৰিবেশ ঘূৰি অহা বুলিয়েই সাধাৰণ লোকে বিশ্বাস কৰিব লৈছিল। জম্মু কাশ্মীৰৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপে সদায় পৰ্যটকক আকৰ্ষিত কৰি আহিছে। সেয়েহে পৰ্যটকে এই ভূ-স্বৰ্গৰ সৌন্দৰ্য পান কৰিবলৈ জম্মু কাশ্মীৰলৈ দৌৰি যায়। 

সন্ত্ৰাসজনিত কাৰণত জম্মু কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰখন যি ধৰণে বিকাশ হ’ব লাগিছিল সেয়া হোৱা নাছিল। ৩৭০ প্ৰত্যাহাৰকে ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দিল্লীৰ কঠোৰ স্থিতিয়ে জম্মু কাশ্মীৰলৈ পৰ্যটন ক্ষেত্ৰৰ নতুন সুযোগ আনি দিছিল। 

দেশ, বিদেশৰ পৰ্যটকে ভৰি পৰিছিল জম্মু কাশ্মীৰ। মানুহে পাহৰিব লৈছিল পুলৱামা, কাৰ্গিল আদি কাহিনীবোৰ। তাৰ পাছত এই আক্ৰমণে জম্মু কাশ্মীৰলৈ আন এক অনিশ্চয়তাৰ বাৰ্তা কঢ়িয়াই আনিলে। 

যিমান কঠোৰ ভাষাৰে সমালোচনা আৰু গৰিহণা দিলেও এইবোৰ কাণ্ডৰ বিৰুদ্ধে দিয়া ধিক্কাৰ কম হ’ব। নতুন দিল্লীয়ে ইয়াৰ পাছত পাকিস্তানৰ ক্ষেত্ৰত লোৱা ভূমিকা লক্ষ্যণীয় হৈ পৰিব। 

চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা আৰম্ভ কৰি পাকিস্তান পাৰ হৈ অহা সন্ত্ৰাসবাদী প্ৰতিৰোধৰ ক্ষেত্ৰত সদায় সেনা আৰু চোৰাংচোৱাৰ তীক্ষ্ণ নজৰ থাকে। তাৰ মাজতে অপ্ৰত্যাক্ষিত ভাৱে এইবোৰ ঘটনা ঘটি আহিছে। 

ভাৰতৰ বাবে জম্মু কাশ্মীৰ এক অবিচ্ছেদ্য অংগ। কেনে পৰিস্থিতিত জম্মু কাশ্মীৰ ভাৰতৰ অংগ হ’বলগীয়া হৈছিল সেয়া এক ইতিহাস। কাশ্মীৰত প্ৰভূত্ব থকা পণ্ডিতসকলেই বিভিন্ন কাৰণত নিৰ্যাতনৰ বলি হৈ এক কৰুণ বাস্তৱৰ সাক্ষী হৈ ৰৈছে। 

নিজ দেশতে অনেক সমস্যাৰে ভাৰাক্ৰান্ত পাকিস্তানে কিন্তু ভাৰতক অস্থিৰ কৰাৰ চেষ্টা কৰি আহিছে। ইখনৰ পিছত সিখন যুদ্ধত পৰাস্ত হৈয়ো পাকিস্তানে কোনো শিক্ষা লোৱা নাই। বৰঞ্চ নতুন নতুন কৌশলেৰে ভাৰতৰ ভূমিত আক্ৰমণ সংঘটিত কৰি গৈছে। 

ভাৰতত সংঘটিত গৰিষ্ঠ সংখ্যক এনে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ পাকিস্তান। পৰোক্ষ, প্ৰত্যক্ষ ভাৱে চুবুৰীয়া এই দেশখনে ভাৰতৰ সৈতে শত্ৰুতা প্ৰদৰ্শন কৰি নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈয়ো সেই অভ্যাস ত্যাগ কৰা নাই। 

দেশৰ বাবে এয়া সংকটৰ সময়। ধৈৰ্য আৰু পৰিকল্পিতভাৱে পাকিস্তানক কেৱল অস্ত্ৰৰে নহয়, কূটনৈতিকভাৱে শিক্ষা দিয়াৰ সময় এয়া। শাসক, বিৰোধী সকলোৱে ৰাজনৈতিক আৰু আন ধৰ্মীয় পৰিচয় পৰিহাৰ কৰি পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী ভাৱে থিয় দিয়াৰ সময় এয়া। 

ধৰ্মীয় পৰিচয়েৰে সন্ত্ৰাসবাদীয়ে যিসকল লোকক হত্যা কৰিলে সেইসকল লোকৰ এটাই অপৰাধ আছিল তেওঁলোক ভাৰতীয়। আনন্দ, ফূৰ্তি কৰি ভ্ৰমণৰ এই সুখ লাভ কৰি থকাৰ মুহূৰ্ততে আকস্মিকভাৱে তেওঁলোকক হত্যা কৰা হ’ল। এয়াও দেশৰ বাবে এক ত্যাগ। 

সমগ্ৰ বিষয়টো ধৰ্মীয় মেৰুকৰণৰ পৰা উৰ্ধত গৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক মানসিক পৰিবেশ গঢ়ি তুলিব লাগিব। নহ’লে সন্ত্ৰাসবাদীসকলে ধৰ্মৰ নামত এনে আক্ৰমণ সংঘটিত কৰাৰ সুযোগ আৰু আবেগৰ খেলখন পূৰ্বতে খেলাৰ দৰে খেলিয়েই থাকিব। 

এই আক্ৰমণৰ পাছত বহু দৃশ্য ভাইৰেল হৈছে। মধুচন্দ্ৰিকা পালন কৰিবলৈ গৈ বিয়াৰ কেইটামান দিনৰ পাছতেই সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা স্বামীৰ নিথৰ দেহৰ কাষত ৰৈ শোকত ভাগি পৰা সেই দৃশ্যই মানুহৰ মনত অতিকৈ ৰেখাপাত কৰিছে। 

কাৰ ভুলৰ বাবে এনে হ’ল সেই হিচাপ পিছত হ’ব। কিন্তু এতিয়া পাক সন্ত্ৰাসবাদী আৰু এই বৰ্বৰতাৰ বিৰুদ্ধে মাত মতাৰ সময়। ভাৰতীয় সেনাই ইতিমধ্যে অঞ্চলটোত অভিযান চলাই আক্ৰমণৰ সৈতে জড়িত দুই সন্ত্ৰাসবাদীক নিধন খবৰো আহিছে। 

অনুসন্ধানকাৰী সংস্থাবোৰে এই আক্ৰমণৰ সৈতে জড়িত তিনি দুধৰ্ষ সন্ত্ৰাসবাদীৰ স্কেছো প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত জম্মু কাশ্মীৰত উপস্থিত হৈছেগৈ গৃহমন্ত্ৰী অমিত শ্বাহ। 

ছৌদি আৰৱ ভ্ৰমণ সামৰি দেশলৈ উভতিল প্ৰধানমন্ত্ৰী। দেশৰ কেইবাখনো চহৰত হাই  এলাৰ্ট জাৰি কৰা হৈছে। বিশ্বাসঘাটক দেশ পাকিস্তান।নিজে মৰি আনক অন্যায় আৰু হত্যা কৰা মানসিকতাৰে এই দেশখনে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী সৃষ্টি কৰা কাৰখানা  গঢ়ি তুলিছে। 

এনে দেশক এতিয়া যথোপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ সময়। সেয়েহে দেশৰ প্ৰতিজন লোকেই পাকিস্তান আৰু পাক সন্ত্ৰাসবাদী মুৰ্দাবাদ দিছে। তাৰ মাজতে কোনো কোনোৱে এই আক্ৰমণত ধৰ্মীয় ৰহণ সনাৰ প্ৰয়াস কৰিছে। 

সেই সকলোবোৰৰ উৰ্ধলৈ গৈ দেশৰ নিৰাপত্তা আৰু একতাৰ স্বাৰ্থত মাৰবান্ধি থিয় দিয়াৰ সময় এয়া। ভাৰতৰ কোটি কোটি জনতা আৰু চৰকাৰ এক হ’লে কাৰ সাধ্য আছে পাকিস্তানৰ দৰে এখন ভিক্ষাৰী দেশ তিষ্ঠি থকাৰ।  

 

পাকিস্তান জম্মু কাশ্মীৰ