/asomiyapratidin/media/media_files/2025/04/29/1NKH2hMsff1DRCJSGbE5.jpg)
উত্তৰ অসমক ধ্বংসলৈ ঠেলি মে’ৰ পৰা নামনি সোৱণশিৰি প্ৰকল্পৰ উৎপাদন আৰম্ভ কৰিব এন এইচ পি চি য়ে। বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ আওঁকাণ কৰি বিজুলী উৎপাদনৰ বাবে সাজু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। কাৰ সাহসত দলিয়াই পেলোৱা হৈছে বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ প্ৰতিবেদন...
এদিন ৰাজপথত নমা জাতীয় দল-সংগঠন এতিয়া গভীৰ নিদ্ৰাত। দুই দশক ধৰি অসম আৰু সমগ্ৰ দেশৰ জনতাই কৰা প্ৰতিবাদী আন্দোলন আৰু বিভিন্ন বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনক নস্যাত কৰি পুনৰ দুটা ইউনিটৰ জৰিয়তে নামনি সোৱণশিৰি প্ৰকল্পৰ জলবিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে এন এইচ পি চি।
২০০০ মেগা ৱাট ক্ষমতাৰ ৮টা গোটৰ এই প্ৰকল্পৰ দুটা গোটৰ জৰিয়তে মে' মাহৰ দ্বিতীয় সপ্তাহত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সাজু হোৱা ঘটনাটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো পূৰ্বৰ সকলো বিশেষজ্ঞ প্ৰতিবেদন নস্যাত কৰিলেও ২০১৭ চনত গঠিত অন্তিমখন উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিয়ে আৰোপ কৰা চৰ্তত অসম,অৰুণাচল আৰু কেন্দ্ৰীয় চৰকাৰে মানি লোৱা পাছতো এন এইচ পি চি য়ে তাকো আওকাণ কৰি নামনি ভাগৰ জনতা আৰু জীৱকুলক অনিশ্চয়তাৰ গৰ্ভলৈ ঠেলি এই কাৰ্য কৰিবলৈ লৈছে।
এই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ ফলত সৃষ্টি হ'ব পৰা সাম্ভাৱ্য বিপদলৈ পিঠি দি বিশেষজ্ঞ কমিটীৰ বহুকেইটা পৰামৰ্শ কাৰ্যকৰী নকৰাকৈ বিজুলী উৎপাদন কৰিবলৈ লোৱাৰ ফলত আগন্তুক দিনত প্ৰকল্পস্থলীৰ লগতে ইয়াৰ তলৰ অঞ্চলত বাস কৰা লোক তথা জীৱকুলৰ ভৱিষ্যত বিপন্ন হৈ পৰাতো নিশ্চিত হৈ পৰিছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ইষ্টাৰ্ণ জ’ন বিচাৰপীঠে এই প্ৰকল্পৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতি অধ্যয়নৰ বাবে ২০১৭ৰ ১৬অক্টোবৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল। সেই ৰায়দানত ২০০০মেগাৱাট বিজুলী উৎপাদন কৰিব লগা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতি অধ্যয়ন কৰিবলৈ এখন তিনিজনীয়া কমিটী গঠন কৰাৰ নিৰ্দেশ দিছিল।
ন্যায়াধীকৰণৰ নিৰ্দেশ অনুসৰি গঠন কৰা এই ৩ জনীয়া বিশেষজ্ঞ কমিটিখনৰ অধ্যক্ষ প্ৰভাস পাণ্ডে ২৬মাৰ্চ, ২০১৯ত এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিছিল ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰাণালয়ৰ সচিবৰ হাতত। যিখন প্ৰতিবেদন স্বীকাৰ কৰি লৈছিল ভাৰত চৰকাৰ,অসম চৰকাৰ,অৰুণাচল চৰকাৰ আৰু এন এইচ পি চি কৰ্তৃপক্ষই।
ক্ষেত্ৰভিত্তিক অধ্যয়ণ আৰু বিভিন্ন লোক তথা দল-সংগঠনৰ মতামত গ্ৰহণ কৰি প্ৰস্তুত কৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটোৱেই কাৰ্যকৰী নকৰাকৈ এন এইচ পি চিয়ে কেনেকৈ এই নদীবান্ধত বিজুলী উৎপাদন আৰম্ভ কৰিবলৈ আগবঢ়িছে সেয়াই এতিয়া এক গুৰুত্বপূৰ্ণ আৰু ৰহস্যজনক প্ৰশ্ন হৈ পৰিছে।
বিশেষজ্ঞ কমিটীয়ে ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ লগতে এন এইচ পি চি কৰ্তৃপক্ষক প্ৰদান কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটোৱে আছিল- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিজুলী উৎপাদনৰ কাম আৰম্ভ কৰা পূৰ্বে জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰ পানী মেনেজমেন্টৰ বাবে বিভিন্ন পক্ষৰ প্ৰতিনিধি আৰু বিশেষজ্ঞ লোকেৰে এক স্বতন্ত্ৰ অথৰিটি গঠন কৰা।
সেই অথৰিটিৰ নাম কি হ’ব পাৰে তাৰো পৰামৰ্শ এই প্ৰতিবেদনত উল্লেখ আছিল। বিশেষজ্ঞ কমিটীৰ মতে, ৰিজাৰ্ভাৰৰ পানী মেনেজমেন্টৰ বাবে চৰকাৰ আৰু এন এইচ পি চি আৰু স্থানীয় প্ৰতিনিধিৰ সহযোগত সোৱণশিৰি ইণ্ডিপেনডেন্ট ইণ্ডিগেটেড ৰিজাইভাৰ মেনেজমেন্ট অথৰিটি গঠন কৰাতো অতিকৈ প্ৰয়োজন।
চমুকৈ এছ আই আই আৰ এম এ(SIIMA) বা সোৱণশিৰিৰ ৰিভাৰ বেচিন অথৰিটি চমুকৈ এছ আৰ বি এ (SRBA) নামেৰে এই অথৰিটি ৰিজাৰ্ভাৰ মেনেজমেন্টৰ বাবে নিৰ্মীয়মান প্ৰকল্পটোৰ উৎপাদনৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বিশেষজ্ঞ কমিটিয়ে গঠন কৰিবলৈ দিয়া পৰামৰ্শ দিছিল।
এই প্ৰকল্পটোৰ ৰিজাৰ্ভাৰ অপাৰেচন যাতে সুচাৰুৰূপে কৰিব পাৰে তাৰ বাবে এই পৰামৰ্শ দিয়া হৈছিল। উচ্চ প্ৰশিক্ষিত বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰাই এই অথৰিটি গঠন কৰি যিকোনো ধৰণৰ জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ এনে ব্যৱস্থা কৰাৰ কথা বিশেষজ্ঞ কমিটীয়ে প্ৰতিবেদনত উল্লেখ কৰিছিল।
সেই প্ৰতিবেদন ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এন এইচ পি চিৰ কৰ্তৃপক্ষই গ্ৰহণ কৰি ইয়াক কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যোৱা ৬ বছৰে সেই অথৰিটি গঠন কৰা নহ’ল। বিশেষজ্ঞ কমিটীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কাৰ্যকৰী নকৰাকৈ কেনেদৰে এই প্ৰকল্পস্থলীত বিজুলী উৎপাদনৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে সেউজ সংকেত প্ৰদান কৰিলে?
কিয়নো প্ৰকল্পস্থলীত বিজুলী উৎপাদনৰ পাছত এই ৱাটাৰ ৰিজাৰ্ভাৰত যথেষ্ট সংখ্যক পানী জমা হব আৰু সেই পানী এৰি দিলে প্ৰকল্পৰ নিম্ন অংশত সৃষ্টি হ'ব পৰা পৰিস্থিতি অপৰিকল্পনীয় হ'ব।এনেকৈয়ে নামত বিশেষজ্ঞ কমিটি গঠন কৰি সেই পৰামৰ্শ লানি কাৰ্যকৰী নকৰাকৈ প্ৰকল্পৰ নিম্ন অংশত বাস কৰা বাসিন্দাক পণবন্দী কৰি লৈ এই প্ৰকল্পৰ উতপাদনৰ কাম আৰম্ভ কৰিবলৈ এন এইচ পি চি য়ে সিদ্ধান্ত লোৱাৰ পাছতো নিমাতে আছে ৰাজ্যৰ দল-সংগঠন।
আনহাতে প্ৰাকৃতিকভাৱেও এই জলবিদ্যুৎ প্ৰকল্পস্থলী এনে এক প্ৰকল্পৰ বাবে উপযুক্ত নহয় বুলি ইতিমধ্যে প্ৰমাণ হৈছে। গেৰুকামুখত নিৰ্মাণ কৰা এই প্ৰকল্পত যোৱা ৩ বছৰত ৪০ বাৰতকৈ অধিক ভয়াৱহ বান আৰু ভূমিস্খলনে নদীবান্ধ স্থলী ক্ষতি কৰি কৰিছে। যাৰ বাবে বিজুলী উৎপাদনৰ তাৰিখ কেইবাবাৰো পিছুৱাব লগা হৈছে।
৬০০০ কোটি টকীয়া এই প্ৰকল্পৰ ব্যয় এতিয়া ২২ হাজাৰ কোটি টকা চুইছেগৈ। যি স্থানত প্ৰকল্প নিৰ্মাণ কৰা হৈছে সেই স্থান প্ৰকল্প নিৰ্মাণৰ বাবে কোনো কাৰণতে উপযুক্ত নহয় বুলি বিশেষজ্ঞ সকলে কোৱাৰ পাছতো সেয়া মানি নল’লে এন এইচ পি চি য়ে। উল্লেখযোগ্য যে, এই বান্ধটোৰে সংলগ্ন পাহাৰত সঘনাই ভূমিস্খলন হয়।
ভূমিকম্প আহিলে এই জলবিদ্যুৎ প্ৰকল্পৰ সংলগ্ন পাহাৰবোৰৰ কোমল মাটি খহিঁ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বান, ভূমিস্খলন আৰু প্ৰকৃতিৰ প্ৰলয়ৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈয়ে প্ৰথমে দুটা ইউনিটত ৫০০মেগাৱাট বিজুলী উৎপাদন কৰিবলৈ আগবাঢ়িছে এন এইচ পি চি।
উল্লেখযোগ্য যে, এই প্ৰকল্পটোৰ এটা ইউনিটত ২৫০মেগাৱাটকৈ ৮টা ইউনিটত মুঠ ২০০০মেগাৱাট বিদ্যুত উৎপাদন হ'ব। এদিন এই জলবিদ্যুৎ প্ৰকল্পৰ সাম্ভাৱ্য বিপদক লৈ ৰাজপথলৈ ওলাই অহা দল-সংগঠন সমূহৰ মৌনতাৰ বাবেই এতিয়া এন এইচ পি চি কৰ্তৃপক্ষই এতিয়া যি ইচ্ছা তাকেই কৰাৰ সাহস কৰিছে। যাৰ ফল ভোগ কৰিব লাগিব গোগামুখ, ধেমাজি, ঢকুৱাখনা, মাজুলীৰ লাখ লাখ জনতাই।
ৰাজ্য চৰকাৰেও জলবিদ্যুৎ প্ৰকল্পটোৰ উৎপাদনৰ কাম আৰম্ভ কৰাতহে জোৰ দিছে। ইয়াৰ সম্ভাৱ্য বিপদৰ প্ৰতি চকু মুদা কুলিৰ ভাওঁ ধৰিছে দিছপুৰেও। এদিন এই জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপিৰ বাঘা বাঘা নেতাই। যিসকল এতিয়া ভাৰত চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী পদতো আছে। সেই সকল লোকেও এন এইচ পি চি য়ে সকলো নীতি-নিয়ম আওকাণ কৰি নামনি সোৱণশিৰিত জলবিদ্যুৎ প্ৰকল্প উৎপাদনৰ কাম আৰম্ভ কৰিব লোৱাৰ বিৰুদ্ধে নীৰৱ ভূমিকা পালন কৰিছে।