ভুভুজেলা নে ৰণশিঙা ? বিশ্বকাপ নহয় যেন ধৰ্মযুদ্ধহে...

ভুভুজেলা নে ৰণশিঙা ? বিশ্বকাপ নহয় যেন ধৰ্মযুদ্ধহে...

ফুটবলৰ ধুমুহা আহি পালে ইউৰোপ । দক্ষিণ আমেৰিকাৰ দৰে নহয় এওঁলোকৰ ফুটবল প্ৰেম । খেল পথাৰত যেন অৱতীৰ্ণ হয় কেৱল জিকিবলৈ । প্ৰতিপক্ষক গ'লেৰে ব্যতিব্যস্ত কৰি তোলাই এওঁলোকৰ কাম । খেল পথাৰত ছাম্বা, টিকি টাকাৰ পৰিৱৰ্তে ইমূৰৰ পৰা সিমূৰলৈ মৰা দীঘল পাছ, প্ৰচণ্ড ফ্ৰী কিকেৰে গোলৰক্ষকৰ সকলো অভিমান ভাঙি পেলোৱাই এওঁলোকৰ দ্বায়িত্ব । হাত দীঘল জাৰ্ছী হাফপেন্টৰ ভিতৰলৈ সোমোৱা, সোণালী চুলি, চিকচিকাই থকা ফুটবল বুটেৰে খেলপথাৰলৈ নমাই লৈ আহিল গ্লেমাৰ । ইয়াৰ পৰিৱৰ্তে দক্ষিণ আমেৰিকাৰ ফুটবলত আছিল বোকা-পানী, লেতেৰা বুট জোতা অথচ উন্মাদনা । এই উন্মাদনাৰ মাজতেই বন্দী সমগ্ৰ বিশ্বৰ আশা, ভৰষা । এই সন্দৰ্ভত জয়দীপ নাৰায়ণ দেবৰ এক বিশেষ প্ৰতিবেদন...

এটি কৃষ্ণকায় শিশু, প্ৰখৰ ৰ'দত ঘৰৰ পাছফালে থকা আম গছজোপাত ওলমি থকা আম এটি বাইচাইকেল কিকৰ সহায়েৰে চিঙি অনাৰ প্ৰচণ্ড জেদে দহি গৈছিল শিশুটিক । তাৰ সৈতেই ঘৰৰ ওচৰ পাজৰৰ এলেকা সমূহত কাপোৰ মেৰিয়াই মেৰিয়াই তৈয়াৰ কৰা ব'লৰে ফুটবল খেলি ফুৰে লগৰীয়াৰ সৈতে । কিন্তু ফুটবল খেলিবলৈ নাই জোতা । ফটা ছিটা পুৰণা উৱঁলি যোৱা জোতাৰেই জিকিলে স্থানীয় টুৰ্নামেন্ট । সেই শিশুটিয়েই হ'ল ফুটবলৰ সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈ পেলে । এনেকুৱাই আছিল দক্ষিণ আমেৰিকাৰ বাবে ফুটবল । যেন খেল নহয়, জীৱন । এটা ধৰ্ম । এই ধৰ্মৰ উন্মাদনাত বন্দী বিশ্বৰ শ শ কোটি লোক ।

পেলেৰ কিছুকাল পিছতেই বিশ্বই লাভ কৰিছিল আন এজন খেলুৱৈৰ খেল চোৱাৰ সৌভাগ্য । নীলা বগা আচঁ পৰা জাৰ্ছী পৰিধান কৰি কেকোৰা চুলিৰে প্ৰতিপক্ষৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এইজন খেলুৱৈয়ে । বৰ্তমানৰ দৰে কঠোৰ নাছিল ফুটবলৰ নিয়ম । স‍ামান্য ভুলতেই দেখুওৱা নহৈছিল হালধীয়া অথবা ৰঙা কাৰ্ড ।

সেই সময়তেই এইজন খেলুৱৈৰ ওচৰ চাপিব বিচৰা নাছিল কোনো ডিফেণ্ডাৰ । কিয়নো ওচৰলৈ অহা ডিফেণ্ডাৰ আনটো মূহুৰ্ততেই ছিটিকি পৰে । এনে পৰাক্ৰমী খেলুৱৈ আছিল সৰু ফুটীয়া নীলা বগা জাৰ্ছীৰ খেলুৱৈ জন । আনকি বিশ্বকাপত হাতেৰে বলটো প্ৰতিপক্ষৰ নেটলৈ ঠেলি পঠিয়াই হেণ্ড অৱ গ'ডৰ বাবে কুখ্যাত হৈ পৰিছিল এই খেলুৱৈজন । কি বেগ, কি যুঁজাৰু মানসিকতা । যেন আগ্নেয়গিৰিৰ পৰা ওফৰি অহা এটা স্ফুলিংগহে । এই গৰাকী আছিল শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ মাৰাডোনা । যি মাৰাডোনাৰ নামত বলিয়া সমগ্ৰ বিশ্ব ।

তাৰ পাছত ফুটবলৰ ধুমুহা আহি পালে ইউৰোপ । দক্ষিণ আমেৰিকাৰ দৰে নহয় এওঁলোকৰ ফুটবল প্ৰেম । খেল পথাৰত যেন অৱতীৰ্ণ হয় কেৱল জিকিবলৈ । প্ৰতিপক্ষক গ'লেৰে ব্যতিব্যস্ত কৰি তোলাই এওঁলোকৰ কাম । খেল পথাৰত ছাম্বা, টিকি টাকাৰ পৰিৱৰ্তে ইমূৰৰ পৰা সিমূৰলৈ মৰা দীঘল পাছ, প্ৰচণ্ড ফ্ৰী কিকেৰে গোলৰক্ষকৰ সকলো অভিমান ভাঙি পেলোৱাই এওঁলোকৰ দ্বায়িত্ব । হাত দীঘল জাৰ্ছী হাফপেন্টৰ ভিতৰলৈ সোমোৱা, সোণালী চুলি, চিকচিকাই থকা ফুটবল বুটেৰে খেলপথাৰলৈ নমাই লৈ আহিল গ্লেমাৰ । ইয়াৰ পৰিৱৰ্তে দক্ষিণ আমেৰিকাৰ ফুটবলত আছিল বোকা-পানী, লেতেৰা বুট জোতা অথচ উন্মাদনা ।

এই সকলোবোৰৰ মাজতেই আহিল ফিফা বিশ্বকাপ । অৱতীৰ্ণ হ'ল প্ৰত্যেকটো দলেই । কি ইউৰোপ, কি দক্ষিণ আমেৰিকা ! যি দলেই সৰ্বস্ব উজাৰি প্ৰদৰ্শন কৰিব খেল, সেই দলৰ শিৰতেই দেখা যাব বিশ্বকাপৰ খিতাপ জয়ৰ সন্মান ।

কেৱল ৩৯ লাখ নাগৰিক ! ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ সমানেই জনসংখ্যা । এই ৩৯ লাখ জনসংখ্যাৰ এখন দেশৰ ১১ গৰাকী খেলুৱৈয়ে এফালৰ পৰা স্তব্ধ কৰি আহিছে ফুটবল প্ৰেমী দেশ সমূহৰ বিশ্বকাপৰ খিতাপ জয়ৰ সপোন । এই চিৰ তৰুণ খেলুৱৈ কেইজনৰ নেতৃত্বত আাছে আকৌ এজন ৩৭ বছৰীয়া খেলুৱৈ । ২০১৮ চনৰ ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সক তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াইও পৰাস্ত হৈছিল দলটো । অৱশ্যে তাৰ অন্তৰালত আছিল বহু কাৰণ । প্ৰথম বাৰলৈ বিশ্বকাপৰ ফাইনেললৈ যাবলৈ সক্ষম হোৱা দলটোৰ ওপৰত নিশ্চিতকৈ আছিল চাপ । সেই চাপ পূৰ্বে তাৰকা খেলুৱৈ মেছি, নেইমাৰেও সহ্য কৰিব নোৱাৰি অসফল হৈছিল উন্নত প্ৰদৰ্শন কৰাত । তেনেস্থলত ক্ৰ'ৱেছিয়া কোন কূটা ? হয়, ৩৯ লাখ জনসংখ্যাৰ দেশৰ পৰা অহা ১১ জন খেলুৱৈৰ দলটো ক্ৰ'ৱেছিয়াই । যি ক্ৰ'ৱেছিয়া সম্প্ৰতি হৈ পৰিছে শক্তিশালী দল সমূহৰ ত্ৰাসৰ কাৰণ ।

এই ক্ৰ'ৱেছিয়াৰ ফুটবল জগতত উত্থানৰ আখ্যান কিমান পুৰণি ?

ক্ৰ'ৱেছিয়াৰ ফুটবল জগতত প্ৰৱেশ বহু নতুন । ১৯৯৪ চনত ক্ৰ'ৱেছিয়াই প্ৰথম খনি আনুষ্ঠানিক খেলত অৱতীৰ্ণ হৈছিল এষ্টোনিয়াৰ বিৰুদ্ধে । প্ৰথম খন খেলৰ ২ বছৰ পাছতেই অৰ্থাৎ ১৯৯৬ চনত ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰগতি লাভ কৰিছিল । ইয়াৰ ওপৰিও ১৯৯৮ চনত বিশ্বকাপৰ ছেমি ফাইনেলত উপস্থিত হৈছিল ক্ৰ'ৱেছিয়া ।

ফুটবল জগতৰ বিশ্বশক্তি স্বৰূপ দক্ষিণ আমেৰিকা আৰু ইউৰোপীয়ান দল সমূহৰ মাজত কিদৰে আনুষ্ঠানিক ফুটবল খেলিবলৈ আৰম্ভ কৰা ৪ বছৰৰ ভিতৰতেই ক্ৰ'ৱেছিয়াই ছেমি ফাইনেল পালেগৈ সেইয়া আছিল এক আশ্বৰ্যৰ বিষয় । কিন্তু এইয়া আছিল উত্থানৰ আৰম্ভণিহে । ৰচিবলৈ আছিল বহু ইতিহাস ।

ক্ৰ'ৱেছিয়া হৈছে পূব ইউৰোপৰ দেশ । এই দেশে দেখিছে বহু যুঁজ । সেই দেশৰ প্ৰতিজন লোকেই একোজন যোদ্ধা । তেনে এখন দেশৰ ১১ জন খেলুৱৈয়ে নিশ্চয়কৈ দিব মৰণ-পণ যুঁজ । ইয়াৰ ওপৰিও দলটিৰ দলনায়ক লুকা মদ্ৰিছ অভিজ্ঞ বিগত বিশ্বকাপৰ অভিজ্ঞতাৰে । কিন্তু শেহতীয়া খেল কেইখনত পেনাল্টী শ্বুট আউটৰ জৰিয়তে বিজয় লাভ কৰা ক্ৰ'ৱেছিয়াৰ এই যাদু জানো চলিব আগন্তুক খেল কেইখনত ?

ক্ৰ'ৱেছিয়াৰ সন্মুখত কেৱল মাত্ৰ দুখন খেল এতিয়া । ছেমি ফাইনেলত সন্মুখীন হ'ব মাৰাডোনাৰ দেশ আৰ্জেন্টিনাৰ । নাই মাৰাডোনা, কিন্তু আছে মাৰাডোনাৰ উত্তৰসূৰী লিয়নেল মেছি । একেই সৰুফুটীয়া, দীঘল চুলিৰ খেলুৱৈ । কিন্তু এইবাৰ প্ৰতিপক্ষ চিন্তিত নহয় ওফৰি যোৱাৰ ভয়ত । এইবাৰ শংকিত কোন মূহুৰ্তত মেছিয়ে প্ৰতিপক্ষৰ বেহু ভাঙি ব'ল ঠেলি পঠিয়াই নেটলৈ । কিয়নো এইজন যাদুকৰৰ ভৰিত বল থকা প্ৰত্যেকটো ক্ষণেই বিপদ প্ৰতিপক্ষৰ বাবে । তেনেস্থলত মেছিক ব'লৰ পৰা দূৰৈত ৰাখিব পাৰিলেই যেন খেল ইতিমধ্যেই ক্ৰ'ৱেছিয়াৰ দখলত ।

আজি নিশা সাৰে থাকিব সমগ্ৰ বিশ্ব । ফুটবলৰ জ্বৰত আক্ৰান্ত এই বিশ্বৰ দৃষ্টি বন্দী মেছিৰ দুভৰিত । হয়তো ভগ্ন হৃদয়েৰে মেছিৰ সৈতেই আৰ্জেন্টিনা প্ৰেমীয়ে বিদায় দিব এইবাৰৰ বিশ্বকাপক, নহ'লে ১৮ ডিছেম্বৰলৈ সাৰে থাকিব এই সপোন ।

পৰৱৰ্তী প্ৰজন্মই কিম্বদন্তি ফুটবলাৰ বুলি উল্লেখ কৰিব মেছিৰ নাম । ব্ৰিটিছ ঘোষক পীটাৰ দ্ৰুৰীৰ মাতত ভাঁহি আহিব ৯০ মিনিটৰ যুদ্ধৰ শেষত লেকেচিয়াই লেকেচিয়াই খেল পথাৰৰ বাহিৰলৈ হাত দুখন দাঙি সকলো দৰ্শকক ধন্যবাদ জনোৱা মেছিৰ প্ৰশংসা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in