/asomiyapratidin/media/media_files/2025/03/30/C2UdcmhSdTcvxOwoZNE3.png)
আৰ এছ এছৰ ১০০ বছৰ
এটা সৰু কোঠাত কেৱল মাত্ৰ ১২জন লোকেৰে আৰম্ভ হোৱা এটা সংগঠন। যি সংগঠনে হাজাৰ ঘাত প্ৰতিঘাত পাৰ কৰি ভৰি দিলে ১০০ বছৰত। ১৯২৫ চনৰ বিজয়া দশমীৰ দিনটোত মহাৰাষ্ট্ৰত জন্ম লাভ কৰিছিল সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এতিয়া বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন। ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ হিন্দু লোকক সকলক একত্ৰিত কৰা এই সংগঠনটো সম্প্ৰতি দেশৰ ৰাজনীতিৰ পৰা সামাজিক স্থিতিলৈ, সকলোতে শিপাই আছে। এই সন্দৰ্ভত ৰিম্পী গগৈৰ এক প্ৰতিবেদন-
আৰ.এছ.এছৰ ইতিহাস
চন ১৯০৭। বংগত স্বাধীনতাৰ সেনানীসকলে অনুশীলন সমিতি নামৰ এটা সংগঠনৰ জন্ম দিছিল। সেইসময়ত নাগপুৰৰ কেশৱৰাম বলৰাম হেডগেৱাৰ নামৰ এজন স্বাধীনতা সংগ্ৰামীয়ে এই সংগঠনত যোগদান কৰিছিল। সেই সময়ছোৱাত হেডগেৱাৰে ডাক্তৰীৰ পঢ়া-শুনা কৰি আছিল। ব্ৰিটিছ বিৰোধী কাৰ্যকলাপৰ বাবে তেতিয়া জে'ল খাটিছিল হেডগেৱাৰে। তেনে সময়ছোৱাতে দাদাভাই নৰোজীয়ে বাল গংগাধৰ তিলক কংগ্ৰেছত যোগদান কৰাইছিল। বাল গংগাধৰ তিলকৰ সৈতে হেডগেৱাৰো যোগদান কৰিল কংগ্ৰেছ দলত। দীৰ্ঘসময় ধৰি কংগ্ৰেছৰ হৈ কাম কৰিছিল হেডগেৱাৰে।
পিছে ১৯১৭ চনত তুৰ্কীত খালিফাৰ সাম্ৰাজ্যৰ পতনৰ পাছত সমগ্ৰ ভাৰততে ইয়াৰ প্ৰতিবাদ হল। মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছেও ইয়াৰ বিৰোধ কৰিছিল। কিন্তু এই আন্দোলনক মুঠেও ভাল পোৱা নাছিল হেডগেৱাৰে। হেডগেৱাৰৰ মতে এইয়া আছিল মুচলমান তুষ্টিকৰণৰ ৰাজনীতি। কিন্তু ইমানৰ পাছতো তেওঁ কংগ্ৰেছৰ সৈতেই জড়িত হৈ আছিল।
অৱশ্যে তেওঁ ভিতৰি ভিতৰি এনে এটা সংগঠনৰ কল্পনা কৰিছিল, যি সংগঠনে ভাৰতীয়সকলৰ মাজত অনুশাসন, ঐক্য আৰু শক্তিশালী হিন্দু পৰিচয়ৰ সৃষ্টি কৰিব। এনে ধ্যান-ধাৰনা লগত লৈ তেওঁ ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত নাগপুৰত জন্ম দিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ। পিছে সংঘ জন্ম হোৱাৰ কিছুদিনৰ আগৰে পৰা তেওঁ মহাৰাষ্ট্ৰৰ কেইবাখনো গাঁৱত বহুলোকক যোগ, সূৰ্য নমস্কাৰ, লাঠী চালনা আদিৰ প্ৰশিক্ষণ দিছিল। লাহে লাহে প্ৰদেশখনত আৰএছএছৰ কেইবাটাও শাখা গঠন কৰা হয়। নাশিক, পুনে, অমৰাৱতী আদি ঠাইত সংঘই নিজৰ শক্তি বৃদ্ধি কৰিলে। সময়ৰ লগে লগে মহাৰাষ্ট্ৰৰ উপৰিও মধ্য ভাৰতৰ কেইবাখনো প্ৰদেশলৈ সংঘই বিস্তাৰ লাভ কৰিলে।
১৯৩০ চনত হেডগেৱাৰে এনে এগৰাকী ব্যক্তিক লগ পালে, যিগৰাকী ব্যক্তিয়ে পৰৱৰ্তী সময়ত সংঘৰ ৰূপ সলনি কৰি দিলে। সেই ব্যক্তিগৰাকীৰ নাম আছিল মাধৱ সদাশিৱ গোলৱালকাৰ। সেই সময়ছোৱাত তেওঁ বানাৰাস হিন্দু বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰৱক্তা আছিল। ১৯৪০ চনত হেডগেৱাৰৰ মৃত্যুৰ পাছত গোলৱালকাৰক সৰ্ব সন্মতিক্ৰমে আৰ.এছ.এছৰ দায়িত্ব দিয়া হয়। গোলৱালকাৰৰ নেতৃত্বতে সমগ্ৰ ভাৰততে আৰএছএছৰ শিপা বিয়পি পৰে।
আৰ এছ এছৰ সাংগঠনিক কাম কাজ কেনেকৈ চলে-
সমগ্ৰ বিশ্বতে সদস্য থকা পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন চলোৱাটো নিশ্চয়কৈ সহজ কাম নহয়। কিন্তু আৰ এছ এছৰ মজবুত সাংগঠনিক ভেঁটি আৰু কঠোৰ নীতি-নিয়মৰ বাবে এইয়া সম্ভৱ হৈ উঠিছে। আৰ এছ এছৰ সদস্য সকলক ১১ টা ভাগত ভাগ কৰা হয়।
১. কেন্দ্ৰ
২. ক্ষেত্ৰ
৩. প্ৰান্ত
৪. বিভাগ
৫. জিলা
৬. টালুকা
৭. নগৰ
৮. খণ্ড
৯. ব্লক
১০. গ্ৰাম
১১. শাখা
ইয়াৰে ৫ প্ৰকাৰৰ শাখা পোৱা যায়-
ক) প্ৰভাত শাখা
খ) সন্ধ্যা শাখা
গ) নিশা শাখা
ঘ) মিলন শাখা (সপ্তাহত ২ বাৰ লগ হয়)
ঙ) সংঘী মণ্ডলী (মাহিলী হোৱা সভা)
উল্লেখযোগ্য যে, সম্প্ৰতি আৰ এছ এছৰ সদস্যৰ সংখ্যা কোটিৰ ঘৰত। কেৱল উত্তৰপ্ৰদেশতে ৮০০০তকৈ অধিক ব্ৰান্স আছে। আনকি কেৰালাৰ দৰে ৰাজ্যত আছে প্ৰায় ৫০০০ ব্ৰান্স আছে। আনহাতে বিশ্বৰ ৪০খন দেশক আৰ এছ এছৰ শাখা আছে। ভাৰতৰ বাহিৰত আৰ এছ এছৰ ৫৭ হাজাৰ শাখা আছে। আনহাতে ইয়াৰ বাহিৰেও আৰ এছ এছৰ কেইবাটাও উইংছ আছে- যেনে ভাৰতীয় জনতা পাৰ্টী, বজৰং দল, হিন্দু জাগৰণ মঞ্চ ইত্যাদি।
ভাৰতীয় স্বাধীনতা আন্দোলনত আৰ এছ এছৰ অৱদান-
গঠন হোৱাৰ পিছৰে পৰা আৰ এছ এছে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত যোগদান কৰাৰ বিৰোধিতা কৰিছিল। নিজকে সামাজিক আন্দোলন হিচাপে চিত্ৰিত কৰি হেডগেৱাৰে সংগঠনটোক তেতিয়াৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া ৰাজনৈতিক সংগঠনসমূহৰ সৈতে কোনো ধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক ৰখাৰ পৰাও আতৰাই চলিছিল। আৰ এছ এছে গান্ধীয়ে মুছলমানসকলৰ সৈতে সহযোগিতা কৰাৰ ইচ্ছাক নাকচ কৰিছিল।
ভাৰতীয় স্বাধীনতা আন্দোলনৰ পৰা আৰ এছ এছক আঁতৰাই ৰখাৰ হেডগেৱাৰৰ পৰম্পৰা অনুসৰি ব্ৰিটিছ বিৰোধী বুলি ধৰিব পৰা যিকোনো ৰাজনৈতিক কাৰ্যকলাপ সাৱধানে পৰিহাৰ কৰা হৈছিল। আৰ এছ এছৰ জীৱনীকাৰ চি পি ভিশিকৰৰ মতে হেডগেৱাৰে কেৱল হিন্দু সংগঠনৰ কথাহে কৈছিল আৰু চৰকাৰৰ ওপৰত কোনো প্ৰত্যক্ষ মন্তব্য এৰাই চলিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ঘোষণা কৰা "স্বাধীনতা দিৱস" সেই বছৰ আৰ এছ এছে উদযাপন কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক পৰিহাৰ কৰা হৈছিল। ভাৰতীয় জাতীয় আন্দোলনৰ ত্ৰিৰংগক পৰিহাৰ কৰা হৈছিল।
১৯৩০ চনৰ এপ্ৰিল মাহত গান্ধীয়ে আৰম্ভ কৰা ‘সত্যাগ্ৰহ’ত হেডগেৱাৰে ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰিছিল যদিও আৰ এছ এছক আন্দোলনত জড়িত কৰা নাছিল। তেওঁ সত্যগ্ৰহত আৰ এছ এছে অংশগ্ৰহণ নকৰে বুলি সকলোতে তথ্য প্ৰেৰণ কৰিছিল। কিন্তু ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰিব বিচৰাসকলক নিষিদ্ধ কৰা হোৱা নাছিল।
ইফালে ১৯৩৪ চনত কংগ্ৰেছে নিজৰ সদস্যসকলক আৰ এছ এছ, হিন্দু মহাসভা বা মুছলিম লীগত যোগদান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।
সমাজলৈ আৰ এছ এছৰ অৱদান-
আৰম্ভণিৰে পৰা সংগঠনটোৱে সমাজৰ বাবে বিভিন্ন কাম-কাজ কৰি আহিছে। আনকি ভিন্ন দুৰ্যোগৰ সময়ত জনতাৰ কাষত থিয় দি আহিছে আৰ এছ এছে। উদাহৰণস্বৰূপে, ভাৰতৰ সৈতে কাশ্মীৰক চামিল কৰাৰ সময়ত জৱাহৰলাল নেহৰুৰ অনুৰোধত গোলৱালকাৰে তেতিয়াৰ কাশ্মীৰৰ ৰজা হৰি সিঙৰ সৈতে কথা পাতিছিল। আনকি গোৱা আৰু দদৰা নগৰ হাৱেলীক ভাৰতৰ সৈতে চামিল কৰাৰ ক্ষেত্ৰটো সংগঠনটোৱে অন্যতম মুখ্যভূমিকা গ্ৰহণ কৰিছিল। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত আঘাটপ্ৰাপ্ত সেনাক চোৱা -চিতা কৰাৰ লগতে সেনা-বাহিনীলৈ খাদ্য প্ৰেৰণ কৰিছিল। সংগঠনটোৰ এই প্ৰদক্ষেপক সমগ্ৰ দেশে প্ৰশংসা কৰাৰ লগতে ১৯৬৩ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল। ২৬ জানুৱাৰী ১৯৬৩ চনত আৰ এছ এছৰ ৩০০০ সদস্যই এই পেৰেডত অংশ লৈছিল।
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে আৰ এছ এছৰ সহায় বিচাৰিছিল। এই যুদ্ধত আঘাটপ্ৰাপ্ত জোৱানক আৰ এছ এছে তেজ দিছিল। আনকি কাশ্মীৰৰ ৰাস্তাৰ পৰা বৰফ আঁতৰোৱা কামো সংঘৰ সদস্যই কৰিছিল। ১৯৭১ চনৰ চাইক্লনৰ পৰা ভূপাল গেছ ট্ৰেজেদীলৈকে যেতিয়াই দেশৰ প্ৰয়োজন হৈছে তেতিয়াই দেশবাসীৰ কাষত থিয় দিছে সংগঠনটোৱে।
আৰ এছ এছক নিষিদ্ধ ঘোষনা-
ভাৰতীয় ৰাজনীতিৰ সৈতে আৰ এছ এছ দশক দশক ধৰি উতপ্ৰোতভাৱে জড়িত হৈ আহিছে। বিভিন্ন সময়ত দেশবাসীক সহায় কৰি অহাৰ পাছতো সংঘৰ গাত কেইবাটাও চেকা আছে। আনকি স্বাধীনতাৰ পাছত তিনিবাৰকৈ সংগঠনটোক নিষিদ্ধ ঘোষনা কৰা হৈছে। ব্ৰিটিছৰ শাসন কালতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ নিষিদ্ধ ঘোষিত হৈছিল।
প্ৰথমে ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ লগত পূৰ্বৰ সংঘৰ সদস্য জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পাছত
দ্বিতীয়বাৰ ১৯৭৫-৭৭ চনৰ আপাতকালৰ সময়ত
তৃতীয়বাৰ ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসৰ পাছত
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বিৰোধিতা
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰথম অৱস্থাত ত্ৰিৰংগক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া নাছিল। আৰ এছ এছৰ পৰা অনুপ্ৰাণিত আলোচনী অৰ্গেনাইজাৰে "ৰাষ্ট্ৰীয় পতাকা" শীৰ্ষক সম্পাদকীয়ত ভাগৱ ধ্বজক ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। আনকি ১৯৪৭ চনৰ ২২ জুলাইত ভাৰতৰ সংবিধান সভাৰ দ্বাৰা ত্ৰিৰংগক ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰাৰ পিছত সংবিধান সভাৰ সিদ্ধান্তক বিৰোধ কৰিছিল।
আৰ এছ এছ আৰু হিন্দুত্ববাদী ৰাজনীতিৰ উত্থান (১৯৮০-১৯৯২)
বিশেষকৈ বিজেপিৰ উত্থান আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবী জনোৱা ৰাম জন্মভূমি আন্দোলনৰ লগে লগে আৰ এছ এছৰ মতাদৰ্শই মূলসুঁতিৰ টান লাভ কৰিছিল। ১৯৯২ চনত বাবৰি মছজিদ ভাঙি পেলোৱাৰ ফলত দেশজুৰি অশান্তিৰ সৃষ্টি হয় আৰু আৰ এছ এছৰ ওপৰত পুনৰ নিষেধাজ্ঞাৰ সৃষ্টি হয়। কিন্তু এই আন্দোলনৰ বিতৰ্ক চলি থকাৰ সময়তে হিন্দুত্ববাদী ৰাজনীতিক সফলতাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই লৈ গৈছিল। ইয়াৰ দ্বাৰাই বিজেপিৰ সম্প্ৰসাৰণৰ মঞ্চ তৈয়াৰ কৰা হৈছিল।
ৰাজনৈতিক আধিপত্য আৰু একত্ৰীকৰণ (১৯৯৩-২০১৪)
বিৰোধিতাৰ সন্মুখীন হোৱাৰ পাছতো আৰ এছ এছে ভাৰতীয় ৰাজনীতি আৰু শাসন ব্যৱস্থাত প্রভাৱ অব্যাহত ৰাখিছিল৷ ১৯৯৮ চনত অটল বিহাৰী বাজপেয়ীৰ অধীনত বিজেপিৰ ক্ষমতালৈ অহাৰ সময়ত শাসন ব্যৱস্থা আৰু মতাদৰ্শগত সংযমৰ মিশ্ৰণ দেখা গৈছিল। কিন্তু ২০০২ চনৰ গুজৰাট কাণ্ডৰ দৰে ঘটনাই পুনৰবাৰ আৰ এছ এছক চৰ্চালৈ আনিছিল। আনকি সংঘৰ বিৰুদ্ধে সাম্প্ৰদায়িক পক্ষপাতিত্বৰো অভিযোগ উঠিছিল। ২০১০ চনৰ ভিতৰত আৰ এছ এছে বিজেপিৰ ভিতৰত নিজৰ প্ৰভাৱ শক্তিশালী কৰি তুলিছিল, নৰেন্দ্ৰ মোডীৰ দলৰ নেতা হিচাপে উত্থানত সমৰ্থন কৰিছিল। আজীৱন আৰ এছ এছৰ সদস্য মোডীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ ফলত আৰ এছ এছৰ বহু দীৰ্ঘদিনীয়া মতাদৰ্শগত লক্ষ্য শাসনৰ ওচৰলৈ লৈ যায়।
মোদী যুগত আৰ এছ এছ (২০১৪-২০২৫)
১) ২০১৯ ৩৭০ নং অনুচ্ছেদ বাতিল: জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ অন্ত পেলোৱা, আৰ এছ এছৰ দশক দশক পুৰণি দাবী।
২)নাগৰিকত্ব সংশোধনী আইন (CAA): সমালোচকসকলে বৈষম্যমূলক বুলি গণ্য কৰে যদিও হিন্দু শৰণাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বাবে আৰ এছ এছে সমৰ্থন কৰে।
৩)ৰাম মন্দিৰ নিৰ্মাণ (২০২৪): নব্বৈৰ দশকৰ আন্দোলনৰ লক্ষ্য পূৰণ কৰা এক ঐতিহাসিক মুহূৰ্ত।
নীতি গঢ় দিয়াৰ ক্ষেত্ৰত আৰ এছ এছে যথেষ্ট সফলতা লাভ কৰাৰ বিপৰীতে ধৰ্মীয় মেৰুকৰণৰ ক্ষেত্ৰত ইয়াৰ অনুভূত ভূমিকাৰ বাবেও সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু মোহন ভাগৱতৰ নেতৃত্বত সংগঠনটোৱে জাতিগত সমস্যাৰ সমাধান আৰু বৈচিত্ৰময় সম্প্ৰদায়ৰ সৈতে জড়িত হৈ নিজৰ ভাবমূৰ্তি কোমল কৰাৰ চেষ্টা কৰিছে।
আগন্তুক যাত্ৰা: বিৱৰ্তন নে প্ৰতিৰোধ?
১০০টা বছৰ উত্থান-পতনৰ মাজেৰে আগবাঢ়িল আৰ এছ এছ। আৰ এছ এছে একবিংশ শতিকাৰ দ্বিতীয় দশকত ভৰি দিয়াৰ লগে লগে ই এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সন্মুখীন হৈছে- শাসন আৰু তৃণমূল পৰ্যায়ৰ সংগঠনৰ জৰিয়তে ভাৰতৰ ভৱিষ্যত গঢ় দি থাকিবনে, নে ক্ৰমান্বয়ে বৈচিত্ৰ্যপূৰ্ণ আৰু বিশ্বায়িত ভাৰতৰ প্ৰতি সঁহাৰি জনাই ইয়াৰ বিকাশৰ দিশত আগুৱাব?
অৱশ্যে ইয়াৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে, আজিলৈ আৰ এছ এছ ভাৰতীয় ঐতিহ্যৰ ৰক্ষক হৈয়েই আছে, হৈ থাকিব।