/asomiyapratidin/media/media_files/2025/01/28/Y71nmkWspQzlvGaSB8Vg.png)
পেন্সন সঞ্চালকালয়ত দুৰ্নীতিৰ বেহা-মেলা। সঞ্চালক বিকাশ দাসৰ কু-ৰ্কীতিৰ কাহিনী কৈ থাকিলেও ওৰকে নপৰে। অতি কৌশলেৰে পেন্সনৰ নামত একাংশ দালালক লৈ কি কৰি আছে তেওঁ সেই সন্দৰ্ভত তথ্য সহকাৰে প্ৰথমখন প্ৰতিবেদনৰ পাছত এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ দুৰ্নীতি দস্তাবেজৰ সবিশেষ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এইখন প্ৰতিবেদনত...
পেন্সন সঞ্চালকালয়ত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। পেন্সন সঞ্চালকালয়ৰ খোদ সঞ্চালক বিকাশ দাসৰ ছত্ৰছায়াত এই অনিয়ম সংঘটিত হোৱাৰ তথ্য ফাদিল হোৱা পাছতে সমগ্ৰ বিষয়টো উপযুক্ত তদন্তৰ দাবী কৰিছে বিভিন্নজনে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেন্সন সঞ্চালকালয়ৰ দালালৰাজ আঁতৰ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ইয়াৰ বিপৰীত স্থিতিত অৱতৰণ কৰি সঞ্চালক বিকাশ দাসে এচাম ঘনিষ্ঠ লোকৰ জৰিয়তে এই অনিয়ম সংঘটিত কৰি গৈছে।
এজন সাধাৰণ নিম্নবৰ্গৰ সহায়কৰ পৰা প্ৰথমে FAO আৰু পৰৱৰ্তী সময়ত পেন্সন সঞ্চালকালয়ৰ সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ কৰা বিকাশ দাসৰ দুৰ্নীতিৰ দস্তাবেজ অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰিছেহি।
সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰা পাছৰে পৰা পেন্সনৰ নামত কিছু নিৰ্দিষ্ট ফাইল নিষ্পত্তিকৰণৰ বাবে সঞ্চালক দাসে কি ধৰণৰ দুৰ্নীতি সংঘটিত কৰে সেই বিষয়ে ইতিমধ্যে প্ৰথমখন প্ৰতিবেদনত তথ্য সহকাৰে প্ৰকাশ কৰা হৈছে।
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সেই সমগ্ৰ অনিয়ম সন্দৰ্ভত তদন্ত কৰিলে সকলো কথা স্পষ্ট হৈ পৰিব। কি কাৰণত এজন নিৰ্দিষ্ট ব্য়ক্তিৰ হাতত সঞ্চালক দাসৰ নিৰ্দেশ মৰ্মে পিপিঅ' সমূহ তুলি দিয়া হয় সেই কথা তদন্ত কৰিলে ইয়াৰ সৈতে জৰিত চক্ৰটোৰ কাম-কাজৰ সবিশেষ জানিব পাৰিব।
আনহাতে, দুৰ্নীতিৰ সদাগৰ স্বৰূপ এই বিষয়া গৰাকীৰ আয় বৰ্হিভূত সম্পত্তিৰ হিচাপ মুখ্যমন্ত্ৰী তদাৰকী কোষে ল'লে তেওঁ কিমান নিকা গম পাব। কৰিমগঞ্জৰ এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বিকাশ দাস এতিয়া ৰাজ্যৰ এগৰাকী ধনৱন্ত বিষয়া।
গুৱাহাটী মহানগৰীৰ চাৰ্ভেত তেওঁৰ আছে এটা কোটীটকীয়া বিলাসী ফ্লেট। সেই ফ্লেটৰ তলতে ভূমি মহলত এটা বিশাল অংশ ক্ৰয় কৰি তেওঁ পত্নীৰ নামত খুলি থৈছে এখন বিলাসী বিউটী পাৰ্লাৰ। শ্বাহ কেয়াৰ লেডিজ বিউটী পাৰ্লাৰখন আছে তেওঁৰ পত্নীৰ নামত। ইয়াৰ উপৰিও মহানগৰীৰ শ্ৰীনগৰৰ পথত তেওঁৰ দুটা বিলাসী ফ্লেট আছে। যি দুটী ফ্লেট সম্প্ৰতি ভাড়া দি থৈছে।
শিলচৰ টাউনত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে তেওঁৰ ঘৰ-মাটি। শিলচৰ চহৰৰ সমীপৰ আশ্ৰম ৰোডত তেওঁ নিৰ্মাণ কৰি আছে কেবামহলীয়া ব্যৱসায় মাল্টি কমপ্লেক্স। ইয়াৰ উপৰিও কৰিমগঞ্জ চহৰৰ মাজমজিয়াৰ বিভিন্ন স্থানত তেওঁ মাটি ক্ৰয় কৰি থৈছে। কৰিমগঞ্জ চহৰৰ ডাক বাংলা ৰোডত আছে বৃহৎ অট্টালিকা।
আত্মীয় স্বজনৰ নামত তেওঁ গঢ়িছে এই সম্পত্তিৰ পাহাৰ। চাকৰি জীৱনত বহু অভিযোগত অভিযুক্ত এইজন বিতৰ্কিত বিষয়া। অসম সচিবালয়ত বিত্ত বিভাগৰ বিত্তীয় বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত ১৫ হাজাৰ টকা লৈ হাতে-লোটে ধৰা পৰিছিল বিকাশ দাস।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত SIPRD স্কীমৰ অধীনত সংঘটিত কোটি টকাৰ কেলেংকাৰীতো তেওঁৰ নাম সাঙুৰ খাইছে। গুৱাহাটী মহানগৰ কোষাগাৰ বিষয়া হৈ থাকোতে লগৰে এগৰাকী কোষাগাৰ বিষয়াৰ চহী জাল কৰি লক্ষাধিক টকা মোকলাই দি আত্মসাৎ কৰা অভিযোগতো তেওঁ অভিযুক্ত আছিল।
অসম চৰকাৰৰ তেওঁ কোষাগাৰ সঞ্চালকালয়ৰ ২০২২ চনত বিকাশ দাস যুটীয়া সঞ্চালক হিচাপে নিয়োজিত হৈ আছিল। সেই সময়ত এগৰাকী মহিলা কৰ্মচাৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল তেওঁ।
এইজন দুৰ্নীতিগ্ৰস্ত বিষয়াকে পেন্সন সঞ্চালকালয়ৰ সঞ্চালক পদত অধিষ্ঠিত কৰা পাছত তেওঁ এতিয়া ইয়াতো অতি সংগোপনে এই দুৰ্নীতিৰ বেহা মেলিছে। দিছপুৰে এই বিষয়াজন সন্দৰ্ভত উপযুক্ত তদন্ত কৰিলে তেওঁৰ সেই কু-কীৰ্তি কাহিনী তথ্য সহকাৰে উন্মোচিত হ'ব।
সমান্তৰালভাৱে দুৰ্নীতি নিবাৰক শাখাই বিষয়াজনৰ সন্দৰ্ভত অনুসন্ধান চলালে তেওঁৰ অবৈধ সম্পত্তিৰ তথ্য জানিব পাৰিব। এতিয়া সকলো নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। আনকি তেওঁৰ অধিনষ্ঠ বিষয়া-কৰ্মচাৰীয়েও বিচাৰিছে এই বিষয়াজনৰ সন্দৰ্ভত উপযুক্ত তদন্ত।