/asomiyapratidin/media/media_files/2025/01/28/OQ6JYJXTNIDDM6gPnfv0.png)
নৰ্থ বেংক মহাবিদ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ যুগল শইকীয়াৰ বিৰুদ্ধে কিয় নীৰৱ শিক্ষামন্ত্ৰী। ঢকুৱাখনাত থাকিও এই অনিয়ম কিয় দেখা নাই বিধায়ক নৱ দলেয়ে। আৰু কিমান দুৰ্নীতি হ'লে ব্য়ৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে। অতিষ্ঠ ঘিলামৰাবাসী। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
নৰ্থ বেংক মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষ যুগল শইকীয়া সন্দৰ্ভত টু এটা শব্দ প্ৰকাশ কৰা নাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰহস্যজনকভাৱে এই বিতৰ্কিত আৰু দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মাত মতা নাই স্থানীয় বিধায়ক নৱ কুমাৰ দলেয়ে।
নৰ্থ বেংক মহাবিদ্যালয়ত লুটপাত চলাই ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ মাজলৈ ঠেলি দিয়া অধ্যক্ষ যুগল শইকীয়াই আৰু প্ৰায় এমাহৰ পাছতে অৱসৰ গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়খনৰ কল্যাণ তথা আন্তঃগাঁথনিৰ বাবে অহা ধন আত্মসাত কৰি চাহ বাগান খোলা শইকীয়াই চুবুৰীয়া ৰাজ্য অৰুণাচল-অসম সীমান্তৰ মাটি বেদখল কৰাৰো গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।
অভিযোগৰ ভিত্তিত সেই তদন্ত চলাই আছে গোগামুখ থানাই। জানিব পৰা মতে, চতুৰ যুগল বৰাই অৰুণাচলৰ এজন লোকৰ পৰা সেই মাটি কৌশলেৰে লৈ তাত চাহ বাগান খুলি মহাবিদ্যালয়ৰ নিয়োজিত এজন চকীদাৰক ব্যক্তিগত কামত লগাইছে।
ইফালে মহাবিদ্যালয়ত সংঘটিত বিত্তীয় আৰু নিযুক্তি কেলেংকাৰীৰ তদন্ত চলি আছে যদিও অধ্যক্ষজনক অপসাৰিত নকৰাত এই প্ৰক্ৰিয়াটোত বাধা দিবলৈ তেওঁ উঠিপৰি লাগিছে। মহাবিদ্যালয়খনত সংঘটিত বিত্তীয় কেলেংকাৰী কেবা কোটি টকাৰ হ'ব বুলি জানিব পৰা গৈছে।
এনে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীয়ে তেওঁৰ দুৰ্নীতিৰ কাহিনী লুকুৱাবলৈ তেওঁৰে বিশ্বস্ত কৰ্মচাৰীৰ জৰিয়তে বহু তথ্য প্ৰমাণ পৰ্যায়ক্ৰমে নষ্ট কৰি আছে বুলিও জানিব পৰা গৈছে। ইফালে সন্মুখত উচ্চতৰ মাধ্যমিক পৰীক্ষা আছে যদিও সেই পৰীক্ষাৰ অন্ত পৰাৰ পূৰ্বে অধ্যক্ষ যুগল শইকীয়াই অৱসৰগ্ৰহণ কৰিব।
সেয়েহে এই পৰীক্ষা সমূহ পৰৱৰ্তী সময়ত কোনে পৰিচালনা কৰিব তাৰ দায়িত্বও এতিয়ালৈকৈ তেওঁ কাৰো হাতত অৰ্পন কৰা নাই। সেয়েহে মহাবিদ্যালয়খনত এই পৰীক্ষা অনুষ্ঠিত কৰাক লৈও অনিশ্চয়তাত ভূগিছে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মহাবিদ্যালয় সপ্তাহ অতি গুৰুত্বপূৰ্ণ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰত জানুৱাৰীৰ শেষৰ ভাগত কলেজ সপ্তাহ অনুষ্ঠিত কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে যদিও যুগল শইকীয়াই ধনৰ অভাৱ বুলি কৈ কলেজ সপ্তাহ অনুষ্ঠিত কৰাত বাধা হৈ ঠিয় দিছে।
অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলে অনুসন্ধান কৰি ইয়াৰ বাবে পৰ্যাপ্ত ধন থকাৰ কথা পোহৰলৈ অনাত অধ্যক্ষ যুগল শইকীয়াই ছাত্ৰ-ছাত্ৰী সকলক কলেজ সপ্তাহ অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলৈ বাধ্য হয়। অনুমতি দিলেও তেওঁ কলেজ সপ্তাহত কোনো সহযোগ নকৰাৰ কথা মুকলিকৈ ঘোষণা কৰিছে।
ঐতিহ্যমণ্ডিত নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে সংঘটিত কৰা দুৰ্নীতি খবৰৈ প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আছে যদিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এৰাই চলিছে এই বিষয়টো। অথচ তেওঁলৈকেও যুগল শইকীয়াৰ দুৰ্নীতিৰ সকলো তথ্য সহ ইয়াৰ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে।
বিধায়ক নৱ কুমাৰ দলেৰো নাই এইবোৰলৈ কাণসাৰ। একাংশৰ অভিযোগ মতে, নৱ দলেয়ে তেওঁৰ নিজৰ মানুহ বুলি যুগল শইকীয়াক ৰক্ষণা-বেক্ষণ দিছে। বিধায়ক গৰাকীৰ এনে মৌনতাক লৈও স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইফালে একেই উচ্চ শিক্ষা সঞ্চালকে যুগল শইকীয়াক নাকি লগাব পৰা নাই যদিও এনপিএচ বিৰোধী আন্দোলনত ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱাৰ সাধাৰণ অভিযোগতো কিন্তু তিনিখন মহাবিদ্যালয়ৰ অধীক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
একেই উচ্চ শিক্ষা সঞ্চালকালয়ে একাধিক অভিযোগ পোৱা পাছতো যুগল শইকীয়া বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত আছে। স্থানীয় দল সংগঠনে এই বিতৰ্কিত অধ্যক্ষ গৰাকীক অচিৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।