/asomiyapratidin/media/media_files/2025/06/05/7zU6g98unBCMX3prcpyf.jpeg)
মেঘালয়ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত নিহত হোৱা গোলাঘাটৰ যুৱতী নম্ৰতা বৰাক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি? কি হৈছিল এই সমগ্ৰ কাণ্ডত? অসমীয়া প্ৰতিদিন ডিজিটেল এক অনুসন্ধানমূলক প্ৰতিবেদন...
মেঘালয়ৰ ৰিভয় জিলাৰ চাংৱাংলাত ৪ জুনৰ পুৱতি নিশা এক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ৰহস্যজনক এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল গোলাঘাটৰ কমাৰ গাঁৱৰ এগৰাকী যুৱতী। তেওঁৰ নাম নম্ৰতা বৰা। আলকাজাৰ বাহনেৰে শ্বিলঙৰ পৰা উভতাৰ সময়ত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰা ফলত এই দুৰ্ঘটনা সংঘটিক হোৱা বুলি জানিব পৰা গৈছে।
কি গৈছিল নম্ৰতা মেঘালয়লৈ?
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে পুৱা ৬ বজাত নম্ৰতাৰ ঘৰলৈ তেওঁৰ লগৰে এগৰাকী বান্ধবীয়ে ফোন কৰিছিল। পৰিয়ালক জনাইছিল নম্ৰতাৰ দুৰ্ঘটনা হোৱা বুলি। কিন্তু পৰিয়ালৰ লোকে পৰৱৰ্তী সময়ত জানিব পাৰিলে মেঘালয়ত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
জে বি আইন মহাবিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লৈ নম্ৰতাই মহানগৰীত অধিৱক্তাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। সেয়েহে নম্ৰতা মহানগৰীৰ ৰুক্মিনী গাঁৱৰ নেহা এপাৰ্টমেন্টত আন দুজনী বান্ধৱীৰ সৈতে বাস কৰিছিল।
নিশা প্ৰায় ১.৪৫ বজাত এই এপাৰ্টমেন্টৰ পৰা নম্ৰতা ওলাই গৈছিল। তেওঁৰ লগত থকা দুই বান্ধবীয়ে জনা নাছিল এই কথা। নম্ৰতাৰ সৈতে মেঘালয়লৈ যোৱা আন সকল আছিল মহম্মদ ইছমাইল হক চৌধৰী, আনায়াতুল ৱাডুদ, প্ৰজ্ঞা দিহিঙীয়া, মৃগাংক বৰা আৰু গায়ত্ৰী বৰা।
ইয়াৰে আনায়াতুল ৱাডুদ পশ্চিম বিলাসীপাৰা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ। আনায়াতুল ৱাডুদ এআইইউডিএফৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি। এক সূত্ৰই জানিব দিয়া মতে, বৰাপানীত সূৰ্যোদয়ৰ দৃশ্য চাবলৈ গৈছিল তেওঁলোক।
পৰিয়ালৰ লোকে অৱশ্যে এই কথা মানি লোৱা নাই। নিৰ্জু প্ৰকৃতিৰ আছিল নম্ৰতা। তেওঁৰ সৈতে এই সকল যুৱকৰ কি সম্পৰ্ক সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
দুৰ্ঘটনাৰ খবৰ পোৱা পাছৰ কাহিনী
দুৰ্ঘটনাৰ খবৰ পোৱা পাছতে নম্ৰতাৰ পৰিয়ালৰ লোকে গুৱাহাটীক থকা এগৰাকী যুৱতীৰ সৈতে যোগাযোগ কৰিছিল। এইগৰাকী যুৱতী নম্ৰতাৰ সম্বন্ধীয়। তেওঁ গৈ নম্ৰতাৰ ফ্লেট পাইছিলগৈ পুৱাই। ৩ জনী যুৱতী থকা সেই ফ্লেটটোত আছিল ৩ টা বেডৰুম।
প্ৰতিগৰাকীয়ে ক'ৰবালৈ গ'লে নিজৰ বেডৰুমটো বন্ধ কৰি যায়। কিন্তু নম্ৰতাই খুলি থৈ গৈছিল তেওঁৰ কোঠাটো। খোলা অৱস্থাত থকা কোঠাটোৰ ভিতৰত সোমাই তেওঁ প্ৰত্যক্ষ কৰিছিল নম্ৰতাই ব্যৱহাৰ কৰা আইফোনটো তাতেই আছে।
কি পৰিস্থিতিত নম্ৰতাই তেওঁৰ আইফোনটো এৰি থৈ গৈছিল আৰু কোঠাটো খোলা অৱস্থাত আছিল সেয়া এক ডাঙৰ প্ৰশ্ন হৈছে পৰিয়ালৰ বাবে।
মেঘালয়ৰ যোৱা আগতে আইপিএলৰ ফাইনেল চাইছিল
৩ জুন ২০২৫ ত অনুষ্ঠিত হোৱা আইপিএলৰ চূড়ান্ত খেল চাইছিল নম্ৰতাই। খেলৰ ফলাফলৰ সন্দৰ্ভতো নম্ৰতাই তেওঁৰ ইনচ্টাৰ একাউন্টৰ পৰা দিছিল আপডেট। আৰ চি বি ইনচ্টাত লিখি শ্বেয়াৰ কৰিছিল নম্ৰতা বৰাই। মধ্যৰাত্ৰিলৈ চলা সেই খেল উপভোগ কৰা পাছত নম্ৰতা গৈছিল এইকেইজন লোকৰ সৈতে।
তাৰপূৰ্বে নিশা ১২ বজালৈ মাকৰ সৈতে কথা পাতিছিল নম্ৰতাই। মেঘালয়লৈ যোৱাৰ কথা নম্ৰতাই এবাৰো কোৱা নাছিল মাক-দেউতাকক। কোনোবাই নম্ৰতাৰ মোবাইলত ফোন কৰি তাৰ পাছত তেওঁক এইদৰে পুৱতি নিশা উলিয়াই নিছিল নেকি সেয়াও আন এক তদন্তৰ বিষয় বুলি পৰিয়ালে দাবী কৰিছে।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল কিয়?
এই দুৰ্ঘটনা সংঘটিত হোৱা পাছতে নম্ৰতাৰ সৈতে থকা যুৱক-যুৱতী কেইগৰাকী পলায়ন কৰিছিল। স্থানীয় লোকেহে নম্ৰতাক লৈ গৈছিল চিকিৎসালয়লৈ। লক্ষ্যণীয় যে, নম্ৰতা বহিছিল গাড়ীখনৰ পিছৰ আসনত।
তেওঁ বহা চিটৰ সমীপৰ গাড়ীৰ দুৱাৰখনতহে ক্ষতি হৈছিল। যদি ৰখাই থোৱা ট্ৰাকত খুন্দা মৰা হৈছিল তেন্তে পিছফালৰ এই অংশতে কেৱল ক্ষতি হ' ল কিয়? এই দুৰ্ঘটনাৰ পাছত মেঘালয়ৰ পৰা পলাই অহা গাড়ীখন খানাপাৰাতহে বশিষ্ট আৰক্ষীয়ে জব্দ কৰিছিল।
যদি তেওঁলোকৰ নম্ৰতাৰ সৈতে সৌহাৰ্দ্য আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল তেন্তে কিয় নম্ৰতাক সেই অৱস্থাত এৰি এই যুৱক-যুৱতী দলটোৱে পলায়ন কৰিছিল? আৰক্ষীয়ে এই সন্দৰ্ভতো যাৱতীয় অনুসন্ধান কৰাতো প্ৰয়োজন হৈ পৰিছে।
এজাহাৰ দাখিল নংপু থানাত
নম্ৰতাৰ পৰিয়ালে নংপু থানাৰ যান-বাহন শাখাৰ ওচৰত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। এই এজাহাৰত উল্লেখ কৰা হৈছে AS01 EV 9578 নম্বৰৰ বাহনখনত মেঘালয়লৈ গৈ দুৰ্ঘটনাত পতিত হোৱা কথা।
এজাহাৰত উল্লেখ থকা মতে, নম্ৰতাৰ সৈতে হাস্পতাললৈ গৈছিল তেওঁলোকৰ সৈতে মেঘালয়লৈ গৈছিল মৃগাংক বৰুৱা আকু প্ৰজ্ঞা দিহিঙীয়া। বাকী এআইইউডিএফৰ পুত্ৰ আনায়াতুল ৱাড়ুদ,মহম্মদ ইছমাইল হক চৌধুৰী আৰু গায়ত্ৰী বৰা পলায়ন কৰিছিল।
এই এজাহাৰ দাখিল কৰিছে ঋষভান্দন বৰাই। তেওঁ উল্লেখ কৰা মতে, তেওঁৰ ভগ্নীৰ এই মৃত্যু ৰহস্যজনক।
দিছপুৰ থানাতো দাখিল কৰিব আন এখন এজাহাৰ
সমগ্ৰ কাণ্ডৰ সন্দৰ্ভত দিছপুৰ থানাৰ ওচৰত আন এখন এজাহাৰ দাখিল কৰিব নম্ৰতাৰ পৰিয়ালে। শোকাহত হৈ পৰা নম্ৰতাৰ পিতৃ-মাতৃৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে। সেয়েহে সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্তৰ বাবে পৰিয়ালে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে।
মেঘালয় আৰক্ষীয়ে কি কয়?
সমগ্ৰ ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে কিছু তথ্য প্ৰকাশ কৰিছে। জানিবলৈ দিয়া মতে, পুৱা ৫ বাজি ৩৩ মিনিটত নংপু আৰক্ষীৰ পৰা মেঘালয় আৰক্ষীয়ে এই দুৰ্ঘটনাৰ খবৰ পাইছিল পিচিআৰযোগে।
ঘটনা খবৰ পোৱা পাছতে নংপু আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শকে ঘটনাস্থলীত অভিযান চলাইছিল। পুৱা ৪ বাজি ৪৪ মিনিটত সংঘটিক হৈছিল এই ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখনত ৫ জন লোক থকাৰ কথা উল্লেখ কৰিছে।
প্ৰথমটো গোচৰ ওকালতি কৰিব নাপালে নম্ৰতাই
ওকালতি বৃত্তিৰ সৈতে জড়িত নম্ৰতা আছিল এগৰাকী শিকাৰু অধিৱক্তা। জীৱনৰ প্ৰথমটো গোচৰ বুধবাৰে ওকালতি কৰা কথা আছিল নম্ৰতাৰ। নিয়তিয়ে সেই সুযোগ নিদিলে নম্ৰতাক।নিথৰ দেহ হৈ ঘৰলৈ উভতিল এই গৰাকী যুৱতী অধিৱক্তা।
নম্ৰতাৰ ঘৰত তেওঁৰ মৃত্যুৰ খবৰ পোৱা পাছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ। কিছুদিন পূৰ্বে নম্ৰতাৰ মাতৃৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। নম্ৰতাৰ পিতৃ ৰমেন বৰা এগৰাকী শিক্ষক। এজন সুদক্ষ কুইজ মাষ্টাৰ হিচাপে নাম আছে পিতৃৰ। তেওঁ অসুস্থ। তাৰ পাছত এই খবৰে নম্ৰতাৰ পৰিয়ালটোক শোক সাগৰত ডুবাই পেলাইছে।