/asomiyapratidin/media/media_files/2025/01/27/nQNeD4mqy3DzHLtb2DdM.png)
বাহিৰত বৰ কঠোৰ,নিয়মৰ কথা কৈ দৃষ্টি আকৰ্ষণ কৰিব খোজে মুখ্যমন্ত্ৰীৰ। কিন্তু ভিতৰি ৰাজ্যৰ পেঞ্চন সঞ্চালকালয়ত চলি আছে কি? সঞ্চালক বিকাশ দাসে দালাল লৈ বহি আছে এই কাৰ্যালয়ত। অতি সংগোপনে চলাই গৈছে কমিছনৰ বজাৰ। দিছপুৰ গাতে লাগি থকা এই কাৰ্যালয়ত সঞ্চালক বিকাশ দাসে কেনেদৰে সংঘটিত কৰিছে দুৰ্নীতি, এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন...
ৰাজ্যৰ পেঞ্চন সঞ্চালকালয়ত চলি আছে চৰম দুৰ্নীতি আৰু অনিয়ম। বৰ্তমানৰ সঞ্চালক বিকাশ দাসৰ পৃষ্ঠপোষকতাতে দালালৰ চিণ্ডিকেট চলিছে এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোত। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু আৰু কঠোৰ নিৰ্দেশকো আওকাণ কৰি অতি গোপন আৰু পৰিকল্পিতভাৱে পেঞ্চন সঞ্চালকালয়ত সঞ্চালকগৰাকীয়ে এই দালালীৰ জৰিয়তে মাহে কোটি কোটি টকা অৱসৰপ্ৰাপ্ত একাংশ বিষয়া-কৰ্মচাৰৰীৰ পৰা সংগ্ৰহ কৰি আহিছে।
নিয়ম অনুসৰি বৰ্তমান কোনো বিষয়া-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে কৃতজ্ঞতা এপৰ জৰিয়তে পেঞ্চনৰ বাবে অনলাইন আৱেদন কৰিব লাগে। এই আৱেদন কৰাৰ পিছত পেঞ্চন সম্পৰ্কীয় কাগজ-পত্ৰ এই কাৰ্যালয়লৈ আহে আৰু অতি কমেও পেঞ্চনৰ এটা ফাইল সম্পূৰ্ণ কৰোতে দুমাহৰ সময় প্ৰয়োজন হয়।
অসমীয়া প্ৰতিদিন ডিজিটেলে সঞ্চালক বিকাশ দাসক এই সন্দৰ্ভত কোনো এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ কাম সম্পূৰ্ণ কৰি পিপিঅ' অৰ্ডাৰলৈকে কিমান সময়ৰ প্ৰয়োজন হয় সেই বিষয়ে জানিব বিচৰিছিল।
তেওঁ নিজ মুখে জনাইছিল যে, অতি কমেও দুমাহ সময় ইয়াৰ বাবে প্ৰয়োজন হয়। অৰ্থাৎ পেঞ্চনৰ ফাইল পুটআপ কৰি প্ৰথমে ডিলিং এছিটেন্টৰ জৰিয়তে প্ৰাথমিক কাম-কাজ কৰাৰ পাছত সেই ফাইল ফাইনেনচিয়েল এডভাইজাৰে এপ্ৰোভ কৰিব লাগে। তাৰ পিছত ডিঅ'পি এপ্ৰোভ আৰু পেঞ্চন পেমেন্ট অৰ্ডাৰ জেনেৰেট হয়।
সেই পিবিঅ' অৰ্ডাৰ স্বাক্ষৰিত হোৱা পাছত সেইখন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনে বা তেওঁ নিকট আত্মীয়ই তথ্য-প্ৰমাণ দাখিল কৰি সংগ্ৰহ কৰি লয়। এই নিয়মেৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ পেঞ্চনৰ ফাইল নিষ্পত্তিকৰণ কৰা হৈ আহিছে।
সঞ্চালক বিকাশ দাসে ৩ আগষ্টৰ ২০২৩ ত এক নিৰ্দেশনা জাৰি কৰিছিল। নং ডিপি/১১৪/৯৯/৪১৭ নিৰ্দেশনাত এই কথা উল্লেখ কৰিছিল যে,প্ৰথম অহাজনক প্ৰথম সেৱা আগবঢ়াব লাগিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ন্যায়ালয়ৰ নিৰ্দেশৰ কথা দোহাই দি তেওঁ এই নিৰ্দেশ জাৰি কৰি নিজে এই নিয়ম সামান্য কৰি গৈছিল। বিশেষ কিছু পেঞ্চন ফাইল সঞ্চালক বিকাশ দাসে উদ্যোগ লৈ ৪ ৰ পৰা ১০ দিনৰ ভিতৰত নিষ্পত্তিকৰণ কৰি একাংশ দালালৰ জৰিয়তে কমিছনৰ বজাৰ মেলিছে তেওঁ।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত সঞ্চালক দাসৰ দ্বাৰা সংঘটিত এই অনিয়ম আৰু দুৰ্নীতিৰ সবিশেষ তথ্য আহি পৰিছে। বৰ্তমান ২০২৪ ৰ নৱেম্বৰ মাহত পেঞ্চনৰ বাবে আৱেদন জনোৱা ফাইলৰ কাম-কাজ সম্পূৰ্ণ হোৱা নাই। কিন্তু তাৰ মাজতে সঞ্চালক বিকাশ দাসে এনে কিছু পেঞ্চন ফাইলৰ কাম কমিছনৰ বিনিময়ত অতি কম সময়ৰ ভিতৰতে কৰি দিছে।
উদাহৰণস্বৰূপে নৱেন্দু চক্ৰৱৰ্তী নামৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষকজনৰ পেঞ্চন প্ৰোপোজেল নম্বৰ আছিল- DIK/2024-25-Kritagyata-42। লাষ্টগেটত থকা পেঞ্চন সঞ্চালকালয়ৰ কাৰ্যালয় পাইছিল এই ফাইলটো।
ডিলিং এছিটেন্টৰ হাতলৈ ফাইলটো সঞ্চালক বিকাশ দাসে বিশেষ উদ্যোগ লৈ ৫ ডিচেম্বৰ ২০২৪ ত প্ৰেৰণ কৰিছিল। মাত্ৰ এদিনৰ ভিতৰতে তেওঁ এই ফাইলটোৰ কাম কৰি দিবলৈ নিৰ্দেশ দি ৬ ডিচেম্বৰ ২০২৪ ত ফাইনেঞ্চিয়েল এডভাইজাৰৰ অনুমোদন লৈ ৬ ডিচেম্বৰ ২০২৪ ত ডিঅ'পি এপ্ৰোভ কৰাইছিল।
উক্ত ফাইলটো পিপিঅ' নম্বৰ K021329 জেনেৰেট কৰা হৈছিল ৭ ডিচেম্বৰ ২০২৪ ত। উক্ত পিপিঅ' ৯ ডিচেম্বৰ ২০২৪ ত চহী কৰে সঞ্চালক বিকাশ দাসে। নং পেঞ্চন ADP/PPO/GPO/2024/K021329 নম্বৰৰ এই পিপিঅ' মাত্ৰ ৪ দিনৰ ভিতৰত প্ৰস্তুত হৈ গৈছিল কেৱল কমিছনৰ বিনিময়ত।
এইদৰে সূৰ্যকুমাৰ ডাম নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰো পেঞ্চনৰ ফাইল ৫ ডিচেম্বৰ ২০২৪ ত ডিলিং এছিছটেন্টৰ হাতলৈ গৈছিল। এই ফাইৱৰ কামো এদিনৰ ভিতৰতে সম্পূৰ্ণ কৰি ৯ ডিচেম্বৰ ২০২৪ ত ফাইনেল পিপিঅ'ত প্ৰস্তুত হৈছিল।
নিজুমূল হুছেইন চৌধুৰি পেঞ্চনৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিল বিকাশ দাসে একে উদ্যোগ লৈ সেই ফাইলৰ কামো ৪ দিনৰ ভিতৰতে সম্পূৰ্ণ কৰি ফাইনেল পিপিঅ'ত নিজে চহী কৰি দিছিল। অসমীয়া প্ৰতিদিন ডিজিটেলে নিজাকৈ চলোৱা এক অনুসন্ধানত এনেদৰে বিকাশ দাসে ৪ ৰ পৰা ১০ দিনৰ ভিতৰত ফাইনেল পিপিঅ' প্ৰস্তুত কৰি চহী কৰা অলেখ তথ্য পোহৰলৈ আহিছে।
এই তথ্য সমূহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেঞ্চন সঞ্চালকালয়ত কি চলি আছে সেই বিষয়ে অধিক জানিব খুজিলে এক তদন্তৰ নিৰ্দেশ দিলে হ'ল। অতি শেহতীয়াকৈ কমিছনৰ বিনিময়ত বিকাশ দাসে ফাইনেল পিপিঅ' প্ৰস্তুত কৰি দালালৰ জৰিয়তে ধন সংগ্ৰহ কৰা কেইটামান পিপিঅ' নম্বৰ হ'ল- KO21121,KO21117,KO21116,KO2118,KO2119,KO21120 আদি।
এই পিপিঅ' প্ৰস্তুত হোৱা পেঞ্চন প্ৰোপোজেল নম্বৰ সমূহ আছিল ক্ৰমে- DIK/2024-25/KRITAGYATA/0053, DIK/2024-25/KRITAGYATA/0036,DIK/2024-25/KRITAGYATA/0045, DIK/2024-25/KRITAGYATA/0038,DIK/2024-25/KRITAGYATA/0037, DIK/2024-25/KRITAGYATA/0043, DIK/2024-25/KRITAGYATA/0040।
এনে আৰু অধিক তথ্য আছে য'ত দেখা পোৱা গৈছে বৰাক,ডিমাহাচাও জিলাৰ পেঞ্চনৰ বহুবোৰ ফাইল অতি কম সময়ৰ ভিতৰত সমাধান কৰি পিপিঅ' দি দিয়া হৈছে। অথচ সমান্তৰালভাৱে আন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলে যোৱা ২-৩ মাহ ধৰি তেওঁলোকে পিপিঅ' লাভ কৰা নাই।
জানিব পৰা মতে, একো একোটা পেঞ্চনৰ ফাইল এই কম দিনৰ ভিতৰত চূড়ান্ত কৰি দিবলৈ সঞ্চালক বিকাশ দাসে তেওঁৰ কিছু মানুহ পেঞ্চন সঞ্চালকালয়ত বহাই ৰাখিছে। বৰাকৰ এই কেছবোৰ চাবলৈ দালালৰ চৰ্ডাৰ ৰূপত আছে শ্ৰী শৰবিন্দু দাস ওৰফে সঞ্জু। আনহাতে ডিমাহাচাওৰ হাফলঙৰ বাবে এই কাম কৰে ৰজতকান্তি কৌৰ নামৰ দালালজনে।
এই দুয়োজন সঞ্চালক বিকাশ দাসৰ অতি ঘনিষ্ঠ ব্যক্তি। ইফালে ফাইলৰ কামবোৰ কাৰ্যালয়ত আনে নজনাকৈ কৰাবলৈ কৰিমগঞ্জৰে জয়দেৱ নামৰ কনিষ্ঠ সহায়ক গৰাকীক তেওঁ ব্য়ৱহাৰ কৰে। সঞ্চালক দাসে কোনো এজন কৰ্মচাৰীক এখন নিৰ্দিষ্ট জিলাৰ পেঞ্চনৰ কাম এমাহ বা দুমাহতকৈ বেছি সময় কৰিবলৈ নিদিয়ে।
কিন্তু জয়দেৱ নামৰ কনিষ্ঠবল জনক তেওঁ কৰিমগঞ্জ,কাছাৰ আৰু হাইলাকান্দি আদি পেঞ্চনৰ ফাইলৰ নামত প্ৰায় ডেৰ বছৰ দিন দি আহিছে। সেই নিয়ম কেৱল জয়দেৱৰ ক্ষেত্ৰত হে প্ৰযোজ্য। চতুৰ বিকাশ দাসে ২৪/৭/২০২৩ ত এক নিৰ্দেশযোগে জয়দেৱক দিয়া এই দায়িত্ব ৪ অক্টোবৰ ২০২৪ ত কিছু সলনি কৰি কৰিমগঞ্জৰ দায়িত্ব তেওঁক দি কাছাৰ আৰু হাইলাকান্দিৰ দায়িত্ব তেওঁৰে ঘনিষ্ঠ নাৰায়ণ সৰকাৰক অৰ্পন কৰিছিল।
এনেকৈ অতি সংগোপনে আৰু কৌশলেৰে একাংশ বৰাকৰ কৰ্মচাৰী লৈ পেঞ্চন সঞ্চালকালয়ৰ বিকাশ দাসে এই লুন্ঠন চলাই গৈছে। অসমীয়া প্ৰতিদিন ডিজিটেলে অনুসন্ধানকালত জানিব পৰা মতে, কোনো কাৰণতে এজন পেঞ্চনাৰৰ পিপিঅ' অন্য লোকক দিয়াৰ নিয়ম নাই।
আমি সেই পিপিঅ' সংগ্ৰহ কৰা ব্যক্তি সকলৰ বাবে থকা ৰেজিষ্টাৰ বহি পৰীক্ষা কৰোতে দেখা পোৱা গ'ল ৯/১২/২০২৪ ৰ পৰা ১১/১২/২০২৪ লৈ বহুবোৰ পিপিঅ' অকতৃত্বশীলভাৱে দালালৰ হাতত তুলি দিয়া হৈছিল। সেই পিপিঅ' বোৰৰ ভিতৰত পিপিঅ' নম্বৰ 2024/K021116,2024/K02117,2024/K021118, 2024/K021119,2024/K0211120,2024/K011121,2024/K021328/2024/K021329, 2024/K02421330 এই ৯ টা পিপিঅ' একেলগে শৰবিন্দু দাস ওৰফে সঞ্জুৱে সংগ্ৰহ কৰিছিল।
পঞ্জীয়ন বহিত এই কথাও লিখি থোৱা আছে যে, সঞ্চালকৰ মৌখিক নিৰ্দেশ মৰ্মে অনীতিগতভাৱে দালালৰ হাতত এই পিপিঅ' সমূহ প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে ১১/১২/২০২৪ তো একেদৰে মৌখিক নিৰ্দেশত সঞ্জুক আন দুজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পিপিঅ' দিয়া হৈছিল এই দালাল জনক।
ইয়াতে বুজিব পাৰি বাহিৰত কঠোৰ দেখুৱালেও সঞ্চালক বিকাশ দাসে ভিতৰি ভিতৰি কি কৰি আছে? মন কৰিবলগা যে, বৰাকত এই পেঞ্চনৰ দালালী জাল মেলা বিকাশ দাসৰ অতীতো অতি ভয়ানক। প্ৰথমে বিত্ত বিভাগৰ বিত্তীয় বিষয়া হিচাপে অসম সচিবালয়ত কৰ্মৰত সময়তে ২০১৬ ত ১৬০০০ টকা উৎকোচ লৈ তেওঁ ধৰা পৰিছিল।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত কোটি টকাৰ কেলেংকাৰীতো তেওঁৰ নাম উচ্চাৰিত হয়। নামে বেনামে বহু সম্পত্তি ঘটা এই গৰাকী বিষয়াৰ সম্পত্তিৰ তালিকাও অতি দীঘলীয়া। গুৱাহাটীত দুটা বিলাসী ফ্লেট,কোটি টকীয়া বিলাসী বিউটীপাৰ্লাৰ,শিলচৰত নিৰ্মীয়মান অৱস্থাত থকা মাল্টিপ্লেক্স আদি বহু সম্পত্তিৰ পাহাৰ গঢ়িছে তেওঁ।
চতুৰ এই বিষয়াজনে কি চতুৰালীৰে মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰি দুৰ্নীতি সংঘটিত কৰি গৈছে সেই তদন্তৰ নিৰ্দেশ দিয়ক মুখ্যমন্ত্ৰীয়ে। তেতিয়াই গম পাব বিকাশ দাস নামৰ এই বিষয়াগৰাকীয়ে কৰি আছে কি?
তেওঁৰ দুৰ্নীতিৰ বিষয়ে সঞ্চালকালয়ৰ আন বিষয়া-কৰ্মচাৰীক সুধিলে সকলো তথ্য ফাদিল হ'ব। সাধাৰণতে পিপিঅ' যুটীয়া সচিবে চহী কৰে যদিও দালাৰ জৰিয়তে ধনৰ বিনিময়ত কৰা পেঞ্চনৰ কামবোৰৰ তদাৰক তেওঁ নিজে কৰে। আনকি পিপিঅ' বোৰতো নিজে চহী কৰে বিকাশ দাসে।
ধৰা পৰাৰ ভয়ত অতি সতৰ্কতাৰে এই দালালৰাজ মেলি ইমান কম দিনৰ ভিতৰত পেঞ্চনৰ কাম কৰি দিয়াৰ বিনিময়ত দালালৰ জৰিয়তে বিকাশ দাসে লয় হেনো ৪০-৫০ হাজাৰ টকা।