/asomiyapratidin/media/media_files/2025/02/22/VsmMN7ezmwb461ywxk75.jpg)
২০১৮ৰ 'এডভান্টেজ আছাম'ৰ প্ৰথম সংস্কৰণৰ পাছত অসমত বিদেশী বিনিয়োগৰ পৰিমাণ বাঢি়ছিলনে? প্ৰায় ৫বছৰৰ পাছত অনুষ্ঠিত কৰিবলৈ লোৱা এডভান্টেজ আছাম-২.০ক লৈ কি কি আশা কৰিছে অসম চৰকাৰে? এডভান্টেজ আছাম-২.০ৰ প্ৰস্তুতি কেনেদৰে চলিছে? প্ৰধামমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালা শেঠীয়ে অংশ ল'বলগীয়া এডভান্টেজ আছাম-২.০ৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
আকৌ উদুলি-মুদুলি গুৱাহাটী। মাঁদলৰ শব্দ আৰু ঝুমুৰই নৃত্যত কপিঁছে মহানগৰী। অসমৰ চাহ উদ্যোহৰ বৰ্ণিল ইতিহাসক উদযাপনৰ লগতে ৰাজ্যৰ বিনিয়োগৰ ক্ষেত্ৰখনত ব্যাপক ৰূপান্তৰৰ আশাৰে আৰম্ভ হ'বলগীয়া এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি এতিয়া তুংগত। সৰুসজাই ষ্টেডিয়ামৰ লগতে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰতো চলিছে মহাআয়োজন।
যোৱা ২৮জানুৱাৰী, ২০২৫ত এই প্ৰচেষ্টাৰ শুভাৰম্ভণি হিচাপে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত ভূমি পূজাৰ কাৰ্য সম্পন্ন কৰিছিল ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই। তাৰ পিছৰে পৰাই থমকি ৰোৱা নাই কাম। ২৫ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হবলগীয়া এই বিশাল সন্মিলনত বিশ্বৰ ৬০ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে উচ্চ আয়ুক্তসকল অংশগ্ৰহণ কৰিব । প্ৰথমবাৰৰ বাবে একেলগে অসমলৈ আহিব ৬০খন দেশৰ ৰাষ্ট্ৰদূত। লগতে এডভাণ্টেজ অসমৰ (২.০) দ্বিতীয় সংস্কৰণ ব্যৱসায়িক সন্মিলনখনত বিশ্বৰ পাচখন ৰাষ্ট্ৰৰ উদ্যোগপতিসকল অংশগ্ৰহণ কৰিব ।
দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালা শেঠী আদিয়ে সন্মিলনখনত অংশগ্ৰহণ কৰিব । ইফালে এই সন্মিলনৰ আগেয়ে অসমৰ বাবে অহা এটা ভাল খবৰ যে অষ্ট্ৰেলিয়া দূতাবাসে অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলক অসম ভ্ৰমণৰ বাধা নিষেধ আঁতৰ কৰিছে । মাত্ৰ AFSPA আইন থকা অসমৰ তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলা কেইখনৰ বাহিৰে বাকী সকলো জিলাত অষ্ট্ৰেলিয়াৰ পৰ্যটকসকলক অসম ভ্ৰমণ কৰিব পাৰিব বুলি অষ্ট্ৰেলিয়া দূতাবাসে সদৰী কৰিছে।
সন্মিলনত ইউৰোপিয়ান দেশ, ইটালি, কিউৱা, জাপান, কোৰিয়া, ভূটান, মালেছিয়া , ছিংগাপুৰ, থাইলেণ্ড আদি দেশৰ দুতাবাস, ৰাষ্ট্ৰদূত আৰু উচ্চ আয়ুক্তসকলে সন্মিলনত অংশগ্ৰহণ কৰিব । সন্মিলনৰ প্ৰথম দিনা অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতিৰ সভা হ'ব । সভাত অসমৰ উদ্যোগপতি হৈ অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই বক্তৃতা দিব । আনহাতে বাহিৰৰ উদ্যোগপতি হিচাপে দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালাশেঠী আদিয়ে ভাষণ দিব ।
সন্মিলনৰ বিকশিত অসম, এক্ট ইষ্ট পলিচি, ছেমিকণ্ডাক্টৰ, হাইড্ৰ'কাৰ্বন, ভূটান আৰু ভাৰত সহযোগিতা, পথ, জলপথ, ৰেলপথ যাতায়ত, আৰ্থিক বিনিয়োগ আদি বিষয়ত পৃথকে পৃথকে অধিবেশন হ'ব । এই অধিৱেশনত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আদিয়ে ভাষণ দিব। অসমৰ চাহ, বাহ, আয়ুৰ্বেদিক আৰু কৃষি উদ্যোগ আদি মূল বিষয় হিচাপে এখন অধিবেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছে যে, সম্মিলনত বুজাবুজি চুক্তিৰ বাবে আহিছে ১৫১২খন আবেদন।
উল্লেখ কৰা প্ৰয়োজন যে, অসমত ২০১৮ চনৰ চাৰি আৰু পাঁচ ফেব্ৰুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অত্যন্ত জাকজমকতাৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে "এডভান্টেজ আছাম অর্থাৎ বিশ্ব বিনিয়োগ সন্মিলন" শীর্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছিল । উক্ত অনুষ্ঠানত জাপান, বাংলাদেশ, ভূটানকে ধৰি দক্ষিণ-পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখন উদ্বোধন কৰি সন্মিলনৰ পাছত অসমত তথা উত্তৰ পূৰ্বাঞ্চলত নতুন দিগন্তৰ সূচনা হ'ব বুলি আশা ব্যক্ত কৰিছিল ।
'এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ । ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ । তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা । ‘এডভান্টেজ আছাম’ৰ যোগেদি অসমত এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ লোৱা হৈছিল । কিন্তু বাস্তৱত সেয়া সম্ভৱ নহ'ল । পূৰ্বতে অসম বিধানসভাত দিয়া তথ্য মতে ২০১৮ চনত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল ৬২ কোটি টকা আৰু ২০১৯ চনত হয়গৈ ৮০ কোটি টকা৷ ২০২০ চনত এই পৰিমান ৫৯ কোটি টকা আৰু ২০২১ চনৰ মার্চ মাহলৈ ২৬ কোটি টকা হয় ।
সেই সময়ত চৰকাৰে এডভান্টেজ আছামৰ যোগেদি এক লাখ কোটি টকাৰ বিদেশী বিনিয়োগ হ'ব বুলি ব্যাপক প্ৰচাৰ চলাইছিল । কিন্তু এডভান্টেজ আছামৰ পাছৰ বিগত সময়ত অসমত বিদেশী বিনিয়োগ আহিল মাত্ৰ ১৯২ কোটি টকা । আশা কৰা ধৰণেৰে অসমত ধন বিনিয়োগ কৰাৰ বাবে বিনিয়োগকাৰীসকল আগবাঢ়ি নাহিল । যাৰ বাবে আজিও প্ৰত্যক্ষ বিনিয়োগৰ তালিকাত অসমৰ স্থান শেষৰ ফালেই ৰৈ গ'ল ।
শেহতীয়াকৈ লোকসভাত কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য মতে, ২০১৯ চনৰ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ছেপ্টেম্বৰলৈকে অসমত প্রত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) হৈছে মাত্র ২২.৬৮ নিযুত মার্কিন ডলাৰ । অৰ্থাৎ প্ৰায় ১৯২কোটি টকা । অসমত বিনিয়োগৰ এই ছবিখনৰ বিপৰীতে এই সময়ছোৱাতে আকৌ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট, দিল্লী, তামিলনাডুৰ দৰে ৰাজ্যত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
তথ্য মতে, বিদেশী বিনিয়োগৰ তালিকাৰ প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰত উক্ত সময়ছোৱাত ৮২,৬৩৮.০৮ নিযুত মার্কিন ডলাৰ, কৰ্ণাটকত ৫৪,৫৭৩.৭৩ নিযুত ডলাৰ, গুজৰাটত ৪৩,১৪৯.৯৫ নিযুত ডলাৰ, দিল্লীত ৩৪,৯২০.৪৮ নিযুত ডলাৰ, তামিলনাডুত ১২,৫৬০.৫২ নিযুত ডলাৰ, হাৰিয়ানাত ১১,০৪২.৯২ নিযুত ডলাৰ, তেলেংগানাত ৯৩১৪ নিযুত ডলাৰ, ঝাৰখণ্ডত ২৬৬৭.১০ নিযুত ডলাৰ, ৰাজস্থানত ২৪৯২.৩৩ নিযুত ডলাৰ, পশ্চিম বংগত ১৭২৩ নিযুত ডলাৰ, উত্তৰ প্ৰদেশত ১৭০০.৬৩ নিযুত ডলাৰ আৰু কেৰালাত ১২৮৮.৯৩ নিযুত মার্কিন ডলাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে ।
উল্লেখ্য যে ৩৩ খন ৰাজ্যৰ এই তালিকাত অসমৰ স্থান হৈছে ২৬ সংখ্যক । আনহাতে, এই সময়ছোৱাত সমগ্ৰ দেশত প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ হৈছে ২৬২,৫৩৭.৯০ নিযুত মার্কিন ডলাৰ । লক্ষণীয় বিষয় যে অসমৰ দৰেই অৱস্থা উত্তৰ পূবৰ আন ৰাজ্য কেইখনৰো । এই সময়ছোৱাত মণিপুৰত মাত্র ০.০০০৬ নিযুত মার্কিন ডলাৰ, নগালেণ্ডত ০.০৬ নিযুত ডলাৰ, মেঘালয়ত ১.১৭ নিযুত ডলাৰ, ত্ৰিপুৰাত ১.২৩ নিযুত ডলাৰ, অৰুণাচল প্ৰদেশত ৭.০৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে । ইফালে, ওড়িশাত ১৭২.৩২ নিযুত মার্কিন ডলাৰ, বিহাৰত ২১৫.৫৭ নিযুত ডলাৰ, হিমাচল প্ৰদেশত ২৯৮.৩১ নিযুত ডলাৰ, মধ্য প্ৰদেশত ৫৯৪.২৯ নিযুত ডলাৰ, অন্ধ্ৰ প্ৰদেশত ১০৮৫.৫৯ নিযুত ডলাৰ,পঞ্জাৱত ১১৯৭.৯৩ নিযুত মার্কিন ডলাৰ বিনিয়োগ হৈছে ।
সেয়া যি কি নহ'লেও এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত দ্বিতীয়বাৰৰ বাবে এডভান্টেজ আসাম ২.০ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । প্ৰথমবাৰৰ প্ৰায় ব্যৰ্থতাৰ পাছত দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এডভান্টেজ আছামক সফল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ অভিযান চলোৱা দেখা গৈছিল ।
নিজেই দেশে-বিদেশে গৈ বিনিয়োগকাৰীসকলক সাক্ষাৎ কৰি আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মন্ত্ৰীসকলকো প্ৰচাৰ আৰু নিমন্ত্ৰণ দিয়াৰ বাবে পঠাইছে । এইবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলন উদ্বোধন কৰিব । এই সন্মিলনলৈ ১৬খন দেশৰ তিনিশৰো অধিক বিনিয়োগকাৰী আহিব বুলি তেওঁ কয় । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত বিদেশী বিনিয়োগকাৰীৰ সৈতে হ’ব বিশেষ সন্মিলন । সেই সন্মিলনতে বিনিয়োগকাৰীৰ সৈতে হ’ব বিনিয়োগৰ বহু কেইখন চুক্তি স্বাক্ষৰ ।
এইবাৰৰ এডভাণ্টেজ আছামৰ কাৰ্যসূচীত ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড, ভূটান আৰু ইউৰোপীয় দেশে অসমক সহযোগিতা আগবঢ়াব । উল্লেখ্য যে চুবুৰীয়া দেশ ভূটানৰ পৰা এইবাৰ এডভাণ্টেজ আছামৰ কাৰ্যসূচীলৈ বিনিয়োগকাৰীক আমন্ত্ৰণৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাছতে দিল্লী, মুম্বাইকে ধৰি কেইবাটাও স্থানত দেশৰ প্ৰসিদ্ধ উদ্যোগী আৰু বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছিল ।
এনেকৈয়ে এতিয়া এডাভান্টেছ আছাম-২.০ৰ বাবে সাজু হৈছে অসম চৰকাৰ। এই এডভান্টেজ আছাম ২.০ৰ সময়ত অসমে প্রায় এক লাখ কোটি টকা বিনিয়োগৰ প্রস্তাৱ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ উপৰিও ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কেন্দ্ৰই বৃহৎ বিনিয়োগ ঘোষণা কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী।
এই সন্মিলনৰ প্ৰস্তুতিৰ মাজতে ক্ষুদ্ৰ বিনিয়োগকাৰীৰ পৰাও ১২,৯০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনফালে বিশ্বৰ ৬০ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে উচ্চ আয়ুক্তসকলে ২৩ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিছত ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ নৃত্য উপভোগ কৰিব আৰু ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব বুলিও সদৰি কৰিছে অসম চৰকাৰে।
২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈ সন্ধিয়া ঝুমৈৰ বিনন্দিনী প্ৰত্যক্ষ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। এই প্ৰদৰ্শনীত অসমৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰা ‘প্ৰাইড অৱ আছাম’ আৰু জাগীৰোডত অৰ্ধপৰিবাহী উদ্যোগ, এন আৰ এলত বাঁহৰ পৰা ইথানলৰ সামগ্ৰী নিৰ্মাণ, নামৰূপৰ নতুন ইউৰিয়া ইউনিট প্ৰদৰ্শন কৰা ‘ফিউচাৰ অৱ আছাম’ শীৰ্ষক দুটা বিশেষ গেলাৰী থাকিব। এই প্ৰদৰ্শনী দৰ্শনৰ পিছতে ২৫ ফেব্ৰুৱাৰীত দিনৰ ১০.৪৫ বজাত তেওঁ এডভান্টেজ আছাম ২.০ উদ্বোধন কৰিব। ঔদ্যোদিক ক্ষেত্ৰত এনেদৰেই এক বিশাল লক্ষ্য লৈ আগবাঢ়িছে অসম চৰকাৰ। প্ৰস্তুতিও এতিয়া শেষ পৰ্যায়ত...