পট পৰিৱৰ্তন...

এতিয়া বিধানসভাৰ অংশ নহয়  প্ৰাক্তন অধ্যক্ষ ৰাম নিৱাছ গোৱেল আৰু অৰবিন্দ কেজৰিৱাল। কিন্তু সেইখন বিধানসভালৈ আজি অধ্যক্ষ হিচাপে উভতি আহিল এসময়ত গতিয়াই বাহিৰ কৰা বিজেন্দৰ গুপ্তা।

author-image
Asomiya Pratidin
New Update
মৱৱম

সেইদিনা দিল্লী বিধানসভাত কেবাগৰীক বিৰোধী নেতাই তেওঁক নিজৰ স্থানৰ পৰা উঠাই আনি সদনৰ পৰা গতিয়াই বাহিৰ কৰি দিছিল। ফালি-চিৰি গৈছিল নেতাগৰাকীয়ে পৰিহিত বগা কুৰ্তা-পাইজামা। জ্যেষ্ঠ বিজেপি নেতাগৰাকীৰ সৈতে সংঘটিত হোৱা সেই ঘটনাই আজি বিশেষভাৱে চৰ্চা লাভ কৰিছে। কাৰণ ১০ বছৰ পাছত দিল্লী বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছে সেইগৰাকী বিজেপি নেতা বিজেন্দাৰ গুপ্তা। ৰাজনীতিত বিজেন্দাৰ গুপ্তাৰ পট পৰিৱৰ্তন সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

Advertisment

কোনোবাই কোৱা শুনিছিলো খেলিব জানিলে ৰাজনীতি হেনো আটাইতকৈ আমোদজনক খেল আৰু সেই কথাকে প্ৰমাণ কৰিছে দিল্লীয়ে। যেন এক নাটকীয় পৰিৱৰ্তন! ১০ বছৰ পূৰ্বে দিল্লী বিধানসভাত বিশৃংখলতাৰ সৃষ্টি হৈছিল ৷ বিৰোধীয়ে সৰ্বশক্তিৰে প্ৰতিহত কৰাৰ চেষ্টা চলাইছিল বিজেপি নেতা বিজেন্দৰ গুপ্তাক। কেবাগৰীক বিৰোধী নেতাই তেওঁক নিজৰ স্থানৰ পৰা উঠাই আনি সদনৰ পৰা গতিয়াই বাহিৰ কৰি দিছিল।ফালি-চিৰি নেতাগৰাকীয়ে পৰিধান কৰি থকা বগা কুৰ্তা-পাইজামা।

২০১৫ চনৰ ৩০ নৱেম্বৰৰ কথা। সদনত সেইদিনা আপ আৰু বিজেপিৰ নেতা সকলৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল। সেই সময়ৰ বিধান সভাৰ অধ্যক্ষ ৰাম নিৱাছ গোৱেলে বিজেন্দাৰ গুপ্তাক ৪ বজালৈ সদন ত্যাগ কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশনা মানি নোলোৱাৰ ফলত নেতাগৰাকীক বিৰোধীয়ে তানি-আজুৰি সদনৰ পৰা বাহিৰ কৰাৰ চেষ্টা কৰিছিল। 

বিজেপি নেতৃত্বই আপৰ নেতা সকলক এই কাৰ্যত বাধা প্ৰদান কৰিছিল। আচবাবত খামুচি ধৰিও নিজক আক্ৰমণৰ পৰা ৰক্ষা কৰাত অপাৰগ হৈছিল বিজেন্দাৰ গুপ্তাা। সেই ঘটনাই বিশেষ চৰ্চা লাভ কৰিছিল। তেওঁক গতিয়াই বাহিৰ কৰা ফ'টো ভাইৰেল হৈ পৰিছিল। আপৰ শাসন কালত তেনে দৃশ্য সমূহ সহজলভ্য হৈ পৰিছিল।

কিন্তু কেজৰিৱালৰ ঢৌৰ মাজতেই ২০১৫ আৰু ২০২০ চনত জয়ী হৈছিল বিজেন্দৰ গুপ্তা। আমোদজনক কথাটো হ’ল এতিয়া বিধানসভাৰ অংশ নহয়  প্ৰাক্তন অধ্যক্ষ ৰাম নিৱাছ গোৱেল আৰু অৰবিন্দ কেজৰিৱাল। কিন্তু সেইখন বিধানসভালৈ আজি অধ্যক্ষ হিচাপে উভতি আহিল এসময়ত গতিয়াই বাহিৰ কৰা বিজেন্দৰ গুপ্তা।

উল্লেখ কৰা প্ৰয়োজন যে, বনিয়া সম্প্ৰদায়ৰ গুপ্তাই একেৰাহে তৃতীয়বাৰৰ বাবে আপৰ প্ৰদীপ মিত্তলক ৩৭ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰি ৰোহিনী বিধানসভাৰ আসনত জয়লাভ কৰে। বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে থকা বিজেপিৰ প্ৰবীণ নেতাগৰাকীয়ে দিল্লী বিজেপি ইউনিটৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

১৯৬৩ চনৰ ১৪ আগষ্টত জন্মগ্ৰহণ কৰা বিজেন্দৰ গুপ্তাই শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পাছতে ১৯৮০ চনত জনতা বিদ্যাৰ্থী মৰ্চাৰ সৈতে ৰাজনীতিত খোজ পেলায়। ১৯৯৫ চনত বিজেপিৰ যুৱ শাখাৰ সভাপতি নিয়োগ কৰা হয়  গুপ্তাক।

অৱশ্যে প্ৰথমখন লোকসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল বিজেন্দৰ গুপ্তা, ২০০৯ চনত চান্দনী চ’কৰ পৰা কংগ্ৰেছৰ কপিল ছিবালৰ হাতত পৰাস্ত হৈছিল তেওঁ। চাৰি বছৰৰ পাছত ২০১৩ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ হাততো পৰাস্ত হয় গুপ্তা।

কিন্তু ব্যৱসায়ী সমাজৰ মাজত প্ৰভাৱ বিস্তাৰ কৰা গুপ্তাই ২০১৫ চনত ৰোহিনী আসন লাভ কৰি এগৰাকী প্ৰভাৱশালী নেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ২০২০ আৰু ২০২৫ চনত এই আসনখন অক্ষুণ্ণ ৰাখি এতিয়া বিধানসভাৰ অধ্যক্ষ হিচাপে ৰাজনৈতিক জীৱনৰ আন এক যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বিজেন্দাৰ গুপ্তা।

chayanika saikia বিজেন্দৰ গুপ্তা