চিতাভস্মৰে খেলো মাসান হোলী...

মহাদেৱৰ সকলো ভক্তই কাশীৰ মণিকৰ্ণিকা ঘাটত সমবেত হৈ মাসান হোলী খেলে। কাৰণ সেই স্থানলৈ খোদ মহাদেৱ শিৱ হোলী খেলিবলৈ আহে বুলি ধৰ্মীয় বিশ্বাস আছে।

New Update
sdf

যিখন দেশত 'ফাকুৱা' ক ৰঙৰ উৎসৱ হিচাপে পালন কৰা হয় সেইখন দেশতে ৰঙৰ অবিহনেও উলহ-মালহেৰে পালন কৰা হয় এই উৎসৱ ।  ৰং, গুলাল-আবিৰ আৰু ফুল অবিহনে ইজনে সিজনক চিতাভস্ম সানি হোলী উদযাপন কৰে। বাৰাণসীত আবিৰৰ পৰিৱৰ্তে চিতাভস্মৰে খেলা হয় মাসান হোলী। মৰিশালিত কোনে আৰু কিয় খেলে মাসান হোলী, পঢ়ক চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদনত...

Advertisment

প্ৰতিখন চহৰৰ দৰে বাৰাণসীৰো আছে এক সুকীয়া পৰিচয়। মোক্ষ প্ৰাপ্তিৰ আশাত জীৱনত এবাৰলৈ হ'লেও বাৰাণসী দৰ্শনৰ ইচ্ছা কৰে সকলোৱে। যিখন চহৰত মৃত্যুও উৎসৱৰ দৰে উদযাপন কৰা হয় সেই চহৰখনত হোলীকো অতি বিশেষ ধৰণে উদযাপন কৰে মহাকালৰ ভক্ত সকলে। বাৰণসীত মাসান হোলী খেলে মহাকালৰ ভক্ত ঋষি,সন্তৰ লগতে নাগাসাধু সকলে। 

ফাগুন মাহৰ পূৰ্ণিমা তিথিত বসন্তোৎসৱ হিচাপে হোলী উদযাপন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই  উৎসৱৰ বিভিন্ন ৰং দেখিবলৈ পোৱা যায়। ঠাই বিশেষে হোলীৰ মাদকতাও ভিন্ন। মথুৰা, বৃন্দাবনকে ধৰি সমগ্ৰ দেশবাসীয়ে ৰং,আবিৰ আৰু ভিন্ন ৰঙী ফুলেৰে ভক্তি ৰসত নিমজ্জিত হয়।

এই সকলো বোৰৰ বিপৰীতে বাৰাণসীত মৃত্যুক উদযাপনৰ উদ্দেশ্যে চিতাভস্মৰে হোলী খেলে ভগৱান শিৱৰ ভক্তসকলে। ইয়াক মাসান হোলী বুলি কোৱা হয়। মহাদেৱৰ সকলো ভক্তই কাশীৰ মণিকৰ্ণিকা ঘাটত সমবেত হৈ মাসান হোলী খেলে। কাৰণ সেই স্থানলৈ খোদ মহাদেৱ শিৱ হোলী খেলিবলৈ আহে বুলি ধৰ্মীয় বিশ্বাস আছে।

আজি বাৰাণসীত পালন কৰা হ'ব মাসান হোলী। মাসান মানে হৈছে শ্মশান। এই হোলী হৰিশচন্দ্ৰ আৰু মণিকৰ্ণিকা ঘাটত অনুষ্ঠিত হয় আৰু ৰঙৰ সলনি মৃতকৰ জুইকুৰাৰ ছাই ব্যৱহাৰ কৰা হয়। কাশীক মোক্ষৰ ভূমি বুলি গণ্য কৰা হয়। ইয়াত মৃত্যু দুখ নহয় আত্মাৰ মুক্তিৰ উদযাপন। 

এই বিশ্বাসৰ বাবেই মণিকৰ্ণিকা ঘাটত মৃত্যুৰ ভয় নাথাকে, বৰঞ্চ ভক্তি আৰু উদযাপনৰ অনুভূতিহে পৰিলক্ষিত হয়। মণিকৰ্ণিকা ঘাট হৈছে পৃথিৱীৰ একমাত্ৰ দাহস্থলী য’ত জুইকুৰা কেতিয়াও নুমাই নাযায়। ইয়াত হাজাৰ হাজাৰ বছৰ ধৰি অবিৰতভাৱে জ্বলি থকা জুই কুৰা মহাদেৱে নিজেই জ্বলোৱা বুলি কোৱা হয়।

বিশ্বাস কৰা হয় যে,ৰংভৰী একাদশীৰ দিনা মহাদেৱে মা পাৰ্বতীক বিয়া কৰাই কাশীলৈ আনিছিল। দেৱতাসকলে ফুল, ৰং, আবিৰৰ লগতে প্ৰদীপ আৰু আৰতিৰে মহাদেৱ আৰু মা গৌৰীক আদৰণি জনাইছিল। সকলোৱে তেওঁৰ সৈতে ৰং-আবিৰেৰে হোলী খেলিছিল। কিন্তু সেই উপভোগৰ পৰা বঞ্চিত হৈছিল ভূত, আঘোৰী, সাধু, নাগাবাবা সকল।

সেয়ে ৰংভৰী একাদশীৰ পিছদিনা মহাদেৱে বঞ্চিত সকলো আঘোৰী, সাধুৰ সৈতে মাসান হোলী খেলিছিল।সেই দিনটোতে মহাদেৱে শ্মাশানৰ ছাই ব্যৱহাৰ কৰি হোলী খেলাৰ পৰম্পৰা আৰম্ভ কৰিছিল। এই পৰম্পৰা তেতিয়াৰ পৰাই চলি আহিছে আৰু আজিও ইয়াক ভগৱান শিৱৰ প্ৰতি ভক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

মাসান হোলীৰ লগত আন এক ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে। এই দিনটোতে মহাদেৱ শিৱই যমৰাজক পৰাস্ত কৰিছিল। তাৰ পিছত নিজৰ বিজয় উদযাপনৰ বাবে চিতাৰ ছাইৰে হোলী খেলিছিল। বিশেষকৈ আঘোৰী সাধুসকলে এই অনন্য হোলীত অংশগ্ৰহণ কৰে।

আজিৰ দিনটোতে শিৱ শোভাযাত্ৰা কৰি নাগা সাধু, তান্ত্ৰিক আৰু আঘোৰী সাধুসকলে কাশীৰ ৰাজপথেৰে মণিকৰ্ণিকা ঘাটত উপস্থিত হয়। সাধুসকলে নিজৰ শৰীৰত অন্ত্যেষ্টিক্ৰিয়াৰ ছাই সানি ভগৱান শিৱক পূজা কৰে। তেওঁলোকৰ মতে এয়া মৃত্যুৰ উদযাপন। মৃত্যুৰ দ্বাৰাহে মুক্তি লাভ কৰিব পাৰি। তেওঁলোকৰ মতে চিতাভস্মই মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰি জ্ঞান আহৰণত সহায় কৰে।

আঘোৰী সাধুসকলে আজিৰ দিনটোত প্ৰসাদ হিচাপে ভাং সেৱন কৰে। এই উদযাপনৰ নিয়ম অনুসৰি সাধাৰণ মানুহে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে কাৰণ ই কেৱল তান্ত্ৰিক পৰম্পৰা পালন কৰা সাধুসকলৰ বাবেহে। তান্ত্ৰিক দীক্ষা অবিহনে ইয়াত অংশগ্ৰহণ কৰাটো অনুষ্ঠানৰ নিয়মৰ বিৰুদ্ধে বুলি গণ্য কৰা হয়।

লোককথা অনুসৰি মাসান হোলী মহাশিৱৰাত্ৰীৰ পাছত পালন কৰা হয়। এই সময়ছোৱাত শ্মশান ঘাটত  কেৱল মন্ত্ৰ-জপ, ডম্বৰু আৰু শংখধ্বনি শুনিবলৈ পোৱা যায়। যাৰ ফলত পৰিৱেশটো অত্যন্ত ৰহস্যময় হৈ পৰে। অদৃশ্য শক্তিয়েও ভাগ লৈ আনন্দ আৰু ভক্তিৰে এই অনন্য হোলী উদযাপন কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, মাসান হোলী সাধু সকলে পালন কৰা মাত্ৰ এক উৎসৱ নহয় বৰঞ্চ এয়া এক আধ্যাত্মিক যাত্ৰা, যিয়ে এজন ব্যক্তিক মৃত্যুৰ ভয় নোহোৱাকৈ মুকলিকৈ জীৱন-যাপন কৰাৰ বাৰ্তা দিয়ে। সেয়ে এই হোলী ৰঙৰ প্ৰতীক নহয়।

মাসান হোলী