/asomiyapratidin/media/media_files/2025/04/25/fZ8DeVGClV25qwlCJNpL.jpg)
পেহেলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত চৰম উত্তেজনাই বিৰাজ কৰিছে। যুদ্ধৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কাৰণ ভাৰতে যদি ব্যৱস্থা লয় তেন্তে পাকিস্তানে প্ৰত্যুত্তৰ দিয়াতো নিশ্চিত। দুয়োখনে পাৰমাণৱিক অস্ত্ৰ চালিত দেশ,এনে পৰিস্থিতিত দুয়োখন দেশৰ সামৰিক শক্তি সন্দৰ্ভত চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...
ভাৰত-পাকিস্তানৰ মাজত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ । যিকোনো মুহূৰ্ততে হ'ব পাৰে অঘটন। স্থলসেনা, নৌসেনা, বায়ু-সেনাই দেখুৱাইছে শক্তি। যদি এই সময়ত যুদ্ধ হয়, তেন্তে কাৰ কিমান শক্তি আছে, সেয়াও এতিয়া চৰ্চা চলিছে। সৈনিক আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে ভাৰত। ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৬৮১২১০ কোটি টকা অৰ্থাৎ ৭৭.৪ বিলিয়ন ডলাৰ। সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে পাকিস্তানে বিশ্বৰ ভিতৰতে ১২ নম্বৰ স্থান লাভ কৰিছে।
ভাৰতৰ সক্ৰিয় সৈনিক শক্তি প্ৰায় ১৪.৫৫ লাখ হোৱাৰ বিপৰীতে ভাৰতৰ সংৰক্ষিত বাহিনীৰ শক্তি ১১.৫৫ লাখ। ভাৰতত ২৫ লাখ ২৭ হাজাৰ অৰ্ধসামৰিক জোৱান আছে। ভাৰতৰ প্ৰতিৰক্ষাৰ আন এক শক্তিশালী স্তম্ভ দেশখনৰ বায়ুসেনা। ভাৰতৰ প্ৰায় ২২২৯খন বিমান আছে। য’ত আছে ৬০০ৰো অধিক যুঁজাৰু বিমান, ৮৩১খন সহায়ক বিমান, আৰু প্ৰায় ৯০০খন হেলিকপ্টাৰ।
প্ৰধান যুদ্ধ বিমানসমূহৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, মিগ-২৯, আৰু থলুৱাভাৱে নিৰ্মিত চুখয় ছু-৩০এমকেআই। ভাৰতত ব্ৰহ্মছ, ৰুদ্ৰাম, আৰতি, নিৰ্ভয় আৰু আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দৰে অত্যাধুনিক ক্ষেপণাস্ত্ৰো আছে।
ভাৰতৰ প্ৰধান ধ্বংসাত্মক অস্ত্ৰৰ কথা ক’বলৈ গ’লে টি-৯০ ভীষ্ম, অৰ্জুন টেংক, ব্ৰহ্মছ মিছাইল, পিনাকা ৰকেট চিষ্টেম আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ। ভাৰতৰ ৩১টা স্ক্ৱাড্ৰনত ৬০৬খন যুদ্ধ বিমান আছে আৰু অনাগত বছৰবোৰত তেজছ Mk1 আৰু Mk1Aৰ দৰে আৰু অধিক বিমান সংস্থাপন কৰাৰ সম্ভাৱনা আছে।
অৱশ্যে আগন্তুক ৪-৫ বছৰত মিগ-২১ বাইছন, চেপেকেট জাগুয়াৰ, মিগ-২৯ আদি পুৰণি বিমানসমূহ পৰ্যায়ক্ৰমে সেৱা বন্ধ কৰি দিয়া হ’ব। পাকিস্তানৰ ৩৮৭খন যুদ্ধ বিমান আছে আৰু ইয়াৰ বহৰত চীন, ফ্ৰান্স আৰু আমেৰিকাৰ বিমান আছে। পাকিস্তানত অধিক আক্ৰমণাত্মক হেলিকপ্টাৰ আছে যদিও ভাৰতত ভালে সংখ্যক বিশেষ মিছন, আকাশী টেংকাৰ আৰু পৰিবহণ বিমান আছে।
৪,৬১৪খন টেংকেৰে বিশ্বজুৰি ষষ্ঠ স্থানত আছে ভাৰত, আনহাতে পাকিস্তানৰ হাতত আছে ৩,৭৪২ খন টেংক। ভাৰতত আছে ১,৫১,২৪৮খন সাজসজ্জিত বাহন, যিটো পাকিস্তানৰ তুলনাত তিনিগুণ বেছি। যুদ্ধক্ষেত্ৰলৈ পদাতিক বাহিনীক দ্ৰুতভাৱে নিয়োগ কৰাত সাজসজ্জিত বাহনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই কেৱল অগ্নিশক্তি বৃদ্ধি কৰাই নহয় যুদ্ধৰ সময়ত উন্নত কৌশল নিশ্চিত কৰিবলৈ অভিযানৰ গতি বৃদ্ধি কৰে।
ভাৰতৰ তুলনাত পাকিস্তানৰ সামৰিক শক্তি বহু পৰিমাণে কম। পাকিস্তানৰ ৬.৫৪ লাখ সক্ৰিয় সৈন্যৰ বিপৰীতে পাকিস্তানৰ বায়ুসেনাৰ ৩২৮খন যুদ্ধ বিমান, ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰকে ধৰি ১৩৯৯খন বিমান আছে।
পাকিস্তানৰ নৌসেনাৰ ৮খন চাবমেৰিন আছে, আনহাতে দেশখনৰ হাতত কোনো বিমানবাহী জাহাজ নাই। পাকিস্তানৰ হাতত থকা অন্যতম মূল অস্ত্ৰ হৈছে ৪০০ কিলোমিটাৰ দূৰত্বৰ ফাটাহ-দ্বিতীয় ৰকেট ব্যৱস্থা, যিয়ে মিছাইল প্ৰতিৰক্ষাক বাইপাছ কৰিবলৈ সক্ষম।
অৱশ্যে পাকিস্তানৰ হাতত থকা যুদ্ধ বিমানসমূহৰ ভিতৰত চীনৰ জে-১০চি যুদ্ধ বিমান আৰু জে এফ-১৭ যুদ্ধ বিমান আছে। পাকিস্তানী বিশেষজ্ঞসকলে ইয়াক ভাৰতীয় ৰাফেল যুদ্ধ বিমানতকৈ অধিক সক্ষম বুলি গণ্য কৰে।
কিন্তু পাকিস্তানৰ যুদ্ধ বিমানে এই পৰ্যন্ত কোনো যুদ্ধত অংশগ্ৰহণ কৰা নাই, আনহাতে ভাৰতে বহু যুদ্ধত অংশগ্ৰহণ কৰি নিজৰ গুৰুত্ব প্ৰমাণ কৰি দেখুৱাইছে। দুয়োখন সেনাবাহিনীৰ তুলনা কৰিলে দেখা যায়, যুদ্ধত ভাৰতে নিশ্চিতভাৱে অধিষ্ঠিত হ’ব, কিন্তু পাকিস্তানে যে ভাৰতৰ বহু ক্ষতি কৰিব পাৰে সেয়া অস্বীকাৰ কৰিব নোৱাৰি।
যুদ্ধৰ শেষলৈকে পাকিস্তানৰ অৰ্থনীতিৰ পতন ঘটিব। ভাৰতৰ সৈতে পূৰ্বৰ যুদ্ধৰ সময়ত পাকিস্তানৰ বাবে আটাইতকৈ ডাঙৰ আঘাত আছিল ইয়াৰ অৰ্থনীতিত। এই যুদ্ধৰ ফলত পাকিস্তানৰ অৰ্থনীতিত ইমানেই ঋণাত্মক প্ৰভাৱ পৰিব যে দেশত দুৰ্ভিক্ষই দেখা দিব।
উল্লেখ কৰা প্ৰয়োজন যে, পাক সৈন্যই হওঁক বা সন্ত্ৰাসবাদী,যি আসুৰিক মনোভাৱেৰে যুদ্ধক্ষেত্ৰত নামে তাৰ তুলনাত ভাৰতীয় সৈন্য যথেষ্ট সুস্থিৰ-শান্ত। তৎসত্বেও পাকিস্তানৰ ভাৰতৰ বিৰুদ্ধে এসপ্তাহতকৈ অধিক সময় যুঁজ দিয়াৰ ক্ষমতা নাই।
পাকিস্তানে প্ৰথম অৱস্থাত আক্ৰমণাত্মকভাৱে যুদ্ধ কৰিব যদিও ২ বা ৩ দিনলৈকে অধিক সময় তিষ্ঠি থাকিব নোৱাৰিব। কাৰণ ভাৰতীয় সৈন্যৰ সামৰিক শক্তিয়ে পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ইয়াৰ অস্ত্ৰ-শস্ত্ৰৰ ভঁৰালসমূহ তাৎক্ষণিকভাৱে ধ্বংস কৰিব পাৰিব।
ইফালে পেহেলগাম কাণ্ডৰ পাছত পাকিস্তানৰ পৰিচিত বিশেষজ্ঞ সকলে ভাৰতক ভাবুকি দিবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ প্ৰতিৰক্ষা বিশ্লেষক তাৰিক ৰছিদে কয় যে, মই যেতিয়া অপাৰেচন মেনেজাৰ আছিলো, তেতিয়া আমাক নির্দেশ দিয়া হৈছিল যে যদি ভাৰতৰ পৰা এটা গুলী আহে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰত ১০টা গুলী নিক্ষেপ কৰিব লাগিব... শান্ত নোহোৱালৈকে গুলী চলাব লাগিব। আমাৰ উত্তৰ টিট ফৰ টেট।
আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে কয় যে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পাকিস্তানে বিনিয়োগ নাপাব বুলি বহুতে আশংকা কৰিছে। কিয়নো যি দেশত সন্ত্ৰাসবাদীয়ে অবাঞ্চিত আৰু অনাকাঙ্খিত পৰিস্থিতিৰ উদ্ভৱ প্ৰায়ে কৰি থাকে, সেই দেশত বিশ্বৰ কোনো ৰাষ্ট্ৰই, কোনো ক্ষেত্ৰতে বিনিয়োগ কৰিবলৈ সাহস গোটাব নোৱাৰে।
সন্ত্ৰাসজৰ্জৰ ৰাষ্ট্ৰৰ প্ৰতি সকলোৱে আতংকিত হৈ থাকে। সেয়ে নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি সকলো দিশতে সন্ত্ৰাসবাদৰ প্ৰভাৱ পৰাৰ অৱকাশ থাকে। কথাবোৰ এনেকৈও চিন্তা কৰি চাব পাৰি- যদি ১৩ লাখ ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী গোটসমূহক ভয় খুৱাব নোৱাৰে, তেন্তে এই সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সশস্ত্ৰ বাহিনীকো পৰাস্ত কৰিব পাৰে ! এনে সন্ত্ৰাসবাদীয়ে দেশখনৰ ভাগ্য কাঢ়ি নিব পাৰে।