সমাজ এখনত বহু ইতিবাচক-নেকিবাচক ঘটনা ক্ৰমেৰে পাৰ হ'ল ২০২২...

মাজত মাত্ৰ কেইটামান মুহুৰ্ত বাকী। তাৰ পাছতে আহিব নতুন বছৰ। বছৰ আহে বছৰ যায়। নতুনত্ব একো নাই। কিন্তু প্ৰতিটো বছৰৰ লগে লগে সলনি হয় সময়।
সমাজ এখনত বহু ইতিবাচক-নেকিবাচক ঘটনা ক্ৰমেৰে পাৰ হ'ল ২০২২...

মাজত মাত্ৰ কেইটামান মুহুৰ্ত বাকী। তাৰ পাছতে আহিব নতুন বছৰ। বছৰ আহে বছৰ যায়। নতুনত্ব একো নাই। কিন্তু প্ৰতিটো  বছৰৰ লগে লগে সলনি হয়  সময়। সেই সময়ৰ লগত জড়িত থাকে এটা মানৱ জীৱন। আৰু মানৱ জীৱন কিছু পৰিমাণে এতিয়াও নিৰ্ভৰ কৰে  সমাজ এখনৰ ওপৰত। অন্য বিষয়ৰ দৰে সলনি হয় সমাজো। ২০২২ বৰ্ষত সমাজ খনৰ কি উত্থান পতন হ’ল সেই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন...

সমাজ জীৱনত  জড়িত হৈ থাকে ব্যক্তি বিশেষৰ পৰা আৰম্ভ কৰি ব্যক্তিৰ লগত জড়িত সকলো অনুষ্ঠান। এই অনুষ্ঠানৰ ভিতৰত নামঘৰো অন্যতম। এখন সুস্থ সমাজ গঢ়াত নামঘৰৰ ভূমিকা অন্যতম।

 নৱবৈষ্ণৱ ধৰ্মলৈ জাগৰণ অনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ আৰু নামঘৰৰ এক সুকীয়া বৈশিষ্ট আছে। ই অসমীয়া জন জীৱনৰ সাংস্কৃতিক সম্পদ। নামঘৰত  কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক, বৌদ্ধিক, সকলো দিশৰে উত্তৰণ ঘটাই আধ্যাত্মিক চিন্তা চৰ্চাৰ পাঠ শিকোৱা হয়।

ৰাজ্যত প্ৰায় ১৫ হাজাৰ নামঘৰ আছে।এই নামঘৰ সমূহেও কিছু পৰিমাণে সমাজ এখন সঠিক পথত গতি কৰাত সহায় কৰে। কিছুদিন পূৰ্বে উত্তৰ গুৱাহাটীত অনুষ্ঠিত হোৱা নামঘৰ সমাৰোহে এক বিশেষ উদাহৰণ দি থৈ গ’ল। আউনিআটী সত্ৰৰ উত্তৰ গুৱাহাটী শাখা সত্ৰত আয়োজন হৈছিল এই সমাৰোহ। ২০০০ নাগাৰা, ২০০০  শংখ,  ২০০০ উৰুলী ধ্বনিৰে ভক্তিৰস বিয়পি পৰিছিল।

 ২০২২ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা ৰাস উৎসৱে এক বিশেষ উদাহৰণ দি গ’ল। এইবাৰ ৰাস নতুন উদ্যমেৰে আকৌ আৰম্ভ হয়। মাজতে ই স্তিমিত হৈ পৰিছিল যদিও এইবাৰ পুনৰ ৰাসৰ প্ৰতি আকৰ্ষিত  হোৱা দেখা যায় জনতা।

আমাৰ সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা আন এটা ঘটনা হিচাপে আমি হেমকোষৰ ‘ব্ৰেইল সংস্কৰণ’ প্ৰকাশ পোৱাৰ কথা ক’ব  পাৰো।  দৃষ্টিশক্তিহীন লোকৰ বাবে মোকলাই দিয়া এই ব্ৰেইল  অভিধান খনে এক ইতিবাচক উদাহৰণ দি থৈ গ’ল। নেত্ৰহীন লোক সৰ্বাধিক ভাৰতত থকা বুলি কোৱা হয়। অসম তথা উত্তৰ পূৱত নেত্ৰহীন লোক প্ৰায় ৩৩ লাখ মান আছে। কিন্তু ইয়াৰ মাত্ৰ ৩ লাখ মান লোকেহে শিক্ষাৰ পোহৰ লাভ কৰিবলৈ সক্ষম হয়।

কিয়নো উপযুক্ত পাঠক্যম নাই।নাই দৃষ্টিহীন লোক সকলৰ বাবে কোনো অভিধান। এই কথাৰ ওপৰতে লক্ষ্য কৰি ‘’সাদিন প্ৰতিদিন গোষ্ঠী’’ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ ব্যৱস্থাপনাত প্ৰকাশ কৰা হয় হেমকোষৰ ব্ৰেইল সংস্কৰণ।

এই অভিধানখন ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত উন্মোচন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানক উন্মোচন কৰা এই অভিধান খন ইতিমধ্যে ৰাজ্যৰ বিশ্ব  বিদ্যালয়, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাজ্যিক পুথিভঁৰাল আদিত বিতৰণ কৰা হয়। হেমকোষৰ ব্ৰেইল সংস্কৰণ সমাজৰ মংগলৰ বাবে এক যুগান্তকাৰী সিদ্ধান্ত হিচাপে ইতিহাসত স্থান লাভ কৰিব।

ইয়াৰোপৰি ২০২২ চনত মাজুলীত এখন সাংস্কৃতিক বিশ্ববিদ্যালয়  স্থাপন কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তই সমাজত এক নতুন মাত্ৰা প্ৰদান কৰিব।

 কেৱল ইমানেই নহয়, সমাজ জীৱনৰ বাবে শুভ কাৰক হিচাপে চিহ্নিত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।

ইয়াৰোপৰি  আজিৰ যুৱ প্ৰজন্ম নতুন উদ্যম আৰু প্ৰগতিশীল ভাৱধাৰাৰে আগবঢ়া পৰিলক্ষিত হয়। যুৱ প্ৰজন্ম কৃষিৰ পৰা আৰম্ভ কৰি  সংস্কৃতি,  নৃত্য, গীত আদি সকলোতে মনোনিবেশ কৰা দেখা যায়। অসমৰ বহু ল’ৰা- ছোৱালীয়ে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গৈ নাম উজলাই তোলা পৰিলক্ষিত হয়।

২০২২ চনত সমাজ জীৱনত যে কেৱল ভাল কথায়েই সংঘটিত হৈছে তেনে নহয়। বহু নেতিবাচক দিশো দেখা যায়।শংকৰ সংঘক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সাহিত্য সভা যেনেদৰে এজন লোকে চলোৱা বুলি কোৱা হৈছিল শংকৰ সংঘৰ বাবুল বৰাৰ প্ৰতিও এনে অভিযোগ উত্থাপন হৈছিল। তৃতীয় বাৰলৈ একেজন ব্যক্তিয়ে পদাধিকাৰ হোৱা ঘটনাতো ৰাইজে সহজ ভাৱে লোৱা নাই।

শংকৰদেৱ বিশ্ববিদ্যালয়তো বিতৰ্কৰ সৃষ্টি  হৈছিল। হীতেশ ডেকাই দুৰ্নীতিৰ অভিযোগ তুলি উপচাৰ্যৰ পদ ত্যাগ কৰিছিল। চৰকাৰে পাছত অৱশ্যে বিষয় সমূহত চৰকাৰে মনোনিবেশ কৰাত কিছু ঠিকলৈ আহিছে সকলো।

 সত্ৰ মহাসভাৰো ভাঙোন দেখা গৈছে।চৰকাৰে সত্ৰ সমূহক বহু সাহায্যও দিছিল। যাৰ বাবে নিশাৰ ভিতৰতে বহু সত্ৰ স্থাপন হৈছিল। ইয়াৰ সমান্তৰালভাৱে কিছুদিন পূৰ্বে এজন ডেকা সত্ৰাধিকাৰে হত্যা কৰিছিল এজন ভকতক। এই ঘটনাই সমগ্ৰ সমাজতে এক বেয়া প্ৰভাৱ পেলাই থৈ গ’ল।এই ঘটনা মৰ্মান্তিক। এই সন্দৰ্ভত এতিয়ালৈকে সত্ৰ মহাসভাই কোনো মন্তব্য প্ৰদান কৰা নাই কিন্তু এনে ঘটনাৰ পুনৰাবৃত্তি হ’লে সত্ৰ মহাসভাই বাকৰুদ্ধ হৈয়ে থাকিবনে কিবা সিদ্ধান্ত লব সেয়া হ’ব লক্ষণীয়।

এই বছৰটোতেই মৃত্যু হয় বুঢ়া সত্ৰাধিকাৰ বশিষ্ট দেৱ শৰ্মাৰ। তেওঁৰ মৃত্যু অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক সমাজৰ বাবে বেদনাদায়ক। বৰপেটাৰ লোক সংস্কৃতিৰ অন্যতম বাটকটীয়া বা প্ৰগতিশীল ব্যক্তি গৰাকীৰ মৃত্যুৱে কেৱল বৰপেটাতে নহয় সমগ্ৰ অসমৰ এক ক্ষতি স্বৰূপ।হয়তো তেওঁৰ উপযুক্ত উত্তৰাধিকাৰী সহজে পোৱা সম্ভৱ নহয়।

সত্ৰৰ ক্ষেত্ৰত বহু সময়ত সংকট অহা পৰিলক্ষিত হয়। নতুনকৈ বেংগলক ভগাই কমতাপুৰ ৰাজ্য গঠন কৰা ঘটনাই আন এক বিপৰ্যয়ৰ ইংগিত দিছে। যদি এনেকুৱা হয় তেন্তে দুখনকৈ সত্ৰ অসমৰ মানচিত্ৰৰ পৰা হেৰাই বেংগলৰ অংগ হৈ পৰিব।

ইয়াৰোপৰি অসমৰ সমাজ ব্যৱস্থাত আৰু বহু এনে ধৰণৰ ঘটনা সংঘটিক হয়। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিয়ে সমাজত বেয়া প্ৰভাৱ পেলালোৱে তাৰ বিপৰীতে হাজাৰতা কাৰণ আছে যিয়ে সুস্থ সমাজ এথন গঢ়াত সহায় কৰিব।

এটা কথা সঁচা, যে মানৱীয়তা কমি গৈছে। মানুহে মানুহক ভাল পাবলৈ ভাবিব লগীয়া হৈছে। এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে প্ৰেম, বিশ্বাস আদি প্ৰশ্নবোধক হৈ পৰিছে।

কিন্তু ইমানৰ পাছতো আমি এখন সুস্থ সমাজৰ কল্পনা কৰাৰ যোগ্য। আমাৰ প্ৰতিজনৰ এটা এটা পদক্ষেপে সমাজৰ ঠাল ঠেঙুলি হৈ প্ৰকাণ্ড বট গছ হোৱাত সহায় কৰিব।

এতিয়া সকলোতকৈ বেছি দায়িত্ব আছে যুৱ প্ৰজন্মৰ হাতত। সমাজ অকলে পৰিচালিত কৰিব নোৱাৰি। হাতে হাত ধৰি আমি আগবাঢ়িব লাগিব। তদুপৰি সৃষ্টিশীল মনোভাৱকে ধৰি নতুন উদ্যমেৰে আগবাঢ়িলে হয়তো এই সমাজ প্ৰগতিৰ পিনে গতি কৰিব...

আৰু পঢ়ক: নৱবৰ্ষত ২৩.৫৮% বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in