কৃষি, বজাৰ আৰু উদ্যোগিক ক্ষেত্ৰত মহিলা...

দেশ সলনি হৈছে। সলনি হৈছে সমাজ ব্যৱস্থা। ইয়াৰ লগে লগে সলনি হৈছে সমাজত পুৰুষ মহিলাৰ ওপৰত থকা ধ্যান ধাৰণা। দেশত পুৰষৰ তুলনাত নাৰীৰ সংখ্যা বৃদ্ধি পাইছে।
কৃষি, বজাৰ আৰু উদ্যোগিক ক্ষেত্ৰত মহিলা...

দেশ সলনি হৈছে। সলনি হৈছে সমাজ ব্যৱস্থা। ইয়াৰ লগে লগে সলনি হৈছে সমাজত পুৰুষ মহিলাৰ ওপৰত থকা ধ্যান ধাৰণা। দেশত পুৰষৰ তুলনাত নাৰীৰ সংখ্যা বৃদ্ধি পাইছে। কেৱল জনসংখ্যাৰ অনুপাতৰ দিশতেই নহয়, এতিয়া সকলো ফালেই নাৰীয়ে পুৰুষক অতিক্ৰম কৰি যোৱাৰ পথত। নাৰীক অতীতৰ পৰা অৱদমন কৰি অহা হৈছে আৰু প্ৰতি গৰাকী নাৰীয়ে ইয়াৰ প্ৰত্যুত্তৰ দি আগবাঢ়িছে। কৃষি-, বজাৰ, উদ্যোগ আদি ক্ষেত্ৰত নাৰীৰ অৱদান যথেষ্ঠ। সেই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন-

ভাৰতীয় সমাজ ব্যৱস্থাই নাৰীক নির্মমভাবে অৱদমন কৰি আহিছিল হেজাৰ বছৰ ধৰি। পুৰুষতান্ত্রিক ব্যৱস্থাই নাৰীক হীন দৃষ্টিৰে চাইছিল আৰু সকলো ধৰণৰ সামাজিক, ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। সতীদাহ, বালা বিবাহ, বিধবা বিবাহত প্রতিবন্ধকতা আৰোপ কৰা আদি  ঘটনা সৌ সিদিনালৈকে বৰ্তি আছিল।

স্বৰাজোত্তৰ আধুনিক ভাৰত ৰাষ্ট্ৰই বহু আইন-কানুন তৈয়াৰ কৰি সমঅধিকাৰ প্রদানেৰে সমাজত নাৰীৰ মর্যাদা প্রতিষ্ঠাৰ প্ৰয়াস কৰি আহিছে। হ'লেও বাস্তৱক্ষেত্ৰত ৰাষ্ট্ৰৰ এই প্রয়াসে পৰিপূর্ণতা লাভ কৰিবলৈ এতিয়াও বহু দূৰ বাকী।

পুৰুষতান্ত্রিকতা বলবৎ আজিও আছে। ফলত বিভিন্ন ধৰণে নিগৃহীত, শোষিত-বঞ্চিত হৈ থকা বহু নাৰীয়ে নিজৰ নাৰী জীৱনটো অভিশাপ বুলি খেদ আক্ষেপ কৰাৰ বাদে গত্যন্তৰ নোহোৱা হৈছে। ভাৰতীয় পৰিয়ালত কন্যা সন্তান এতিয়াও একাংশৰ বাবে এলাগীস্বৰূপ।

কিন্তু এতিয়া সময় সলনি হৈছে বহু খিনি। সকলো বাধা ঠেলি আগবাঢ়িছে নাৰী। নাৰীক লৈ চৰকাৰে অনা বিভিন্ন আঁচনিৰ লগতে এগৰাকী নাৰীৰ অপ্ৰাণ চেষ্টাই নাৰীৰ সামাজিক অৱস্থাৰ ছবিখন আশাপ্রদ কৰি তোলাত সহায় কৰিছে। শিক্ষাৰ প্ৰসাৰ আৰু কর্মসংস্থাপনৰ সুযোগ সৰ্বায়ক হৈ পৰাৰ ফলতো নাৰীয়ে সামাজিক অৱদমনৰ পৰা মুক্ত হোৱাৰ উপায় বিচাৰি পাইছে।

ইয়াৰ লগে লগে সমাজত পুৰুষৰ বিপৰীতে নাৰীয়ে নিজক সামাজিক সত্তাৰূপে প্রতিষ্ঠা কৰাত সফল হৈছে বহুখিনি। কার্যতঃ এনেবোৰ কাৰণতে সমাজ বা পাৰিবাৰিক মূল্যবোধৰ ওচৰত নাৰী আৰু আজি অবলা হৈ থকা নাই। আজিৰ নাৰীয়ে প্ৰমাণ কৰি দেখুৱাব পাৰিছে যে সমাজ বা পৰিয়ালত নাৰীও পুৰুষৰ সমানে সামর্থ্যবান।

ইয়াৰ বাবে হয়তো নাৰীৰ যে জন্মৰ হাৰ বৃদ্ধি পাইছে আৰু ই যে পুৰুষৰ সংখ্যাকো অতিক্রম কৰিব পাৰিছে, সেয়া দেশৰ সামাজিক পৰিস্থিতিত ইতিবাচক বুলিয়ে ধৰি ল'ব লাগিব।

অৱশ্যে সকলো যেন কেৱল ইতিবাচক ঘটনায়ে সংঘটিত হৈছে তেনে নহয়। নাৰী সবলীকৰণৰ বাবে বহু আঁচনি হাতত লৈ আহিছে চৰকাৰ সমূহে। নাৰী সকল নামি পৰিছে সাহিত্য, অৰ্থনীতি আদিৰ পৰা আৰম্ভ কৰি খেতি বাতি, উদ্যোগ আদি সকলোতে।

নাৰী এগৰাকীৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে পৰিয়াল বা এখন সমাজৰ দায়িত্ব অধিক। ইয়াৰ উদাহৰণ হিচাপে আমি দ্বিতীয় মহাসমৰৰ কথা ক'ব পাৰো। যেতিয়া পুৰুষ সকল যুদ্ধৰ কামত নিযোজিত হৈ পৰিছিল তেতিয়া আমেৰিকা-ইউৰোপৰ উদ্যোগ সমূহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল।

 সেই সময়তে প্ৰয়োজন হৈছিল যুদ্ধত ব্যৱহাৰ কৰিব লগীয়া সা সামগ্ৰী। যাৰ বাবে গঠন কৰা হৈছিল দা ৱাৰ মেন কমিছন । এই কমিচনত শ্ৰমিক হিচাপে নিয়োজিত কৰিছিল নাৰী সকলক। তেতিয়াৰ পৰা ইউৰোপ আৰু আমেৰিকাৰ উদ্যোগবোৰত নাৰীক পুৰুষতকৈ অধিক পৰিশ্ৰমী আৰু কাৰ্যক্ষম হিচাপে গণ্য কৰি আহিছে। 

অন্য দেশৰ কথা বাদেই দিলো। আমি আমাৰ যদি উত্তৰ পূৱৰ ৮ ৰাজ্যৰ কথা মন কৰো তেতিয়াই গ'ম পাঁও নাৰীৰ ভূমিকা। উত্তৰ পূৱৰ একাংশ ৰাজ্যত নচলে পুৰুষতান্ত্ৰিকতা। তাত মহিলা সকলে খেতি চলাই, ব্যৱসায় চলাই বা সকলো কাম কৰে। অসমো সম্পূৰ্ণ ব্যতিক্ৰম নহয়।

উনবিংশ শতিকাৰ প্ৰথমখিনিত এক বৃহৎ পৰিৱৰ্তনৰ হৈছিল। ঔদ্যোগিকৰণে নিযুক্তি, কামৰ ধাৰণা সলনি কৰা, আৰু বুম আৰু বাষ্টৰ অৰ্থনৈতিক চক্ৰৰ বাবে নতুন সুযোগ আনিছিল। এই সময়ছোৱাত, মহিলাৰ ভূমিকা সলনি কৰি দিছিল। উদ্যোগিক ক্ষেত্ৰখনত মজুৰি উপাৰ্জন কৰাৰ এক সুযোগ লাভ কৰিছিল মহিলা সকলে। তেতিয়াৰ পৰাই প্ৰায় আৰম্ভ হৈছিল প্ৰক্ৰিয়া।

ভাৰতত নাৰী সবলীকৰণে প্ৰসাৰ লাভ কৰাত অৱশ্যে সময় লাগিছে। ভাৰতত কেৱল ১৮.৬ শতাংশ কৰ্মৰত বয়সৰ মহিলা শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। যি পুৰুষতকৈ তিনিগুণ কম। পিৰিয়ডিক লেবাৰ ফৰ্চ জৰীপ (পিএলএফএছ) ২০২০-ৰ তথ্য এয়া।

বিশ্ব বেংকৰ মতে, আনুষ্ঠানিক অৰ্থনীতিত ভাৰতীয় মহিলাৰ অংশগ্ৰহণ বিশ্বৰ ভিতৰত সৰ্বনিম্ন। অৰ্থনীতি বৃদ্ধি হৈছে, শৈক্ষিক দিশত উন্নতি হৈছে, উৰ্বৰতাৰ হাৰ হ্ৰাস পাইছে, আৰু কিন্তু অৰ্থনীতিক ক্ষেত্ৰত মহিলাৰ অংশ গ্ৰহণ কমিয়ে আছে।

২০১৯-২০ বৰ্ষত ভাৰতৰ আনুষ্ঠানিক উৎপাদন উদ্যোগত নিযুক্ত ৮ মিলিয়ম শ্ৰমিকৰ ভিতৰত ১.৬ মিলিয়ন (১৯.৭ শতাংশ) মহিলা আছে।, বাৰ্ষিক উদ্যোগ জৰীপ (এএছআই)ৰ তথ্যত এয়া প্ৰমাণ হৈছে।

এ.এছ.আই.-য়ে কেৱল "পোনপটীয়াকৈ নিযুক্ত" শ্ৰমিকসকলৰ বাবে লিংগ-পৃথকীকৰণ তথ্যহে প্ৰদান কৰে। ই নিৰ্মাণ প্ৰক্ৰিয়াত পোনপটীয়াকৈ নিয়োজিত শ্ৰমিক সকলৰ বিচাৰ কৰে কিন্তু চুক্তিত নিয়োগ কৰা শ্ৰমিক আৰু "ক্লাৰিকেল, পৰ্যৱেক্ষক, পৰিচালনা, বিক্ৰী, ৱাৰ্ড কৰ্মচাৰী"ত জড়িত লোকসকলক বাদ দিয়ে।

সমগ্ৰ ভাৰতৰ ১.৬ মিলিয়ন মহিলা শ্ৰমিকৰ ভিতৰত ০.৬৭ মিলিয়ন মহিলা কেৱল তামিলনডুৰ। দৰাচলতে, উদ্যোগিক ক্ষেত্ৰখনত কাম কৰা মহিলাৰ প্ৰায় তিনি-চতুৰ্থাংশ (৭২শতাংশ) তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু কেৰালাৰ আদিৰ।

ৰাজ্য অনুসৰি মণিপুৰ এনেকুৱা এখন ৰাজ্য য'ত পুৰুষ মহিলা সম পৰিমাণে উদ্যোগিত ক্ষেত্ৰত নিয়োজিত হৈ আছে। ২০১৯-২০ বৰ্ষত মণিপুৰত মহিলা শ্ৰমিকৰ পৰিমাণ আছিল ৫০.৮%। তাৰ পাছতে আছিল কেৰালা (৪৫.৫ শতাংশ), কৰ্ণাটক (৪১.৮ শতাংশ) আৰু তামিলনাডু (৪০.৪ শতাংশ) ।ইয়াৰ বিপৰীতে চট্টীশগড়ত ইয়াৰ সংখ্যা সকলোতকৈ কম আছিল ২.৯ শতাংশ।

আনাহাতে মুখ্য উদ্যোগিক ক্ষেত্ৰ সমূহত পুৰুষ মহিলাৰ পৰিমাণ সমান বুলি ক'ব পাৰি। ধপাঁত উদ্যোগত মহিলাৰ পৰিমাণ বেছি আছে। ২০১৯-২০ বৰ্ষ অনুসৰি মহিলা শ্ৰমিকৰ আধা সংখ্যক পোছাক, বস্ত্ৰ আৰু চামৰা উদ্যোগত নিযুক্তি লাভ কৰিছিল। আন ২২ শতাংশ খাদ্য আৰু ধপাত উদ্যোগত নিযুক্ত আছিল।

কম পৰিমাণে হ'লেও উদ্যোগিক ক্ষেত্ৰখনত নাৰীৰ আগবাঢ়ি আছে। সমান্তৰালকৈ কৃষি ক্ষেত্ৰতো নাৰীৰ ভূমিকা অধিক। ভাৰতত কৃষিত প্ৰায় ৮০ শতাংশ গ্ৰাম্য মহিলা নিয়োজিত আছে।

কৃষিক্ষেত্ৰত গ্ৰাম্য মহিলাৰ অৰিহনাই অৰ্থনৈতিক বিকাশৰ দিশত দৃষ্টান্তমূলক পৰিৱৰ্তন আনিব পাৰে। ই দৰিদ্ৰতা, পুষ্টিহীনতা দূৰ কৰাতো সহায় কৰিব ।

ভাৰত হৈছে এক কৃষিভিত্তিক অৰ্থনীতি। ভাৰতত কৃষি আৰু আনুষঙ্গিক খণ্ডৰ কাৰ্যকলাপত নিয়োজিত মুঠ কৰ্মশক্তিৰ প্ৰায় ৫৪.৬ শতাংশ (লোকপিয়ল ২০১১ অনুসৰি )। মহিলাসকল কৃষি আৰু আনুষঙ্গিক খণ্ডৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপত ব্যাপকভাৱে নিয়োজিত হৈ আছে।

গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ এই ক্ষেত্ৰ সমূহত অংশগ্ৰহণৰ হাৰ নগৰীয়া মহিলাৰ অংশগ্ৰহণৰ হাৰতকৈ বেছি। নগৰত বাস কৰা মহিলা ৩৫.১৩ শতাংশৰ বিপৰীতে (এম.ও.এছ.পি.আই., ২০১৭) গ্ৰাম্য অঞ্চলৰ মহিলা ৪১.৪ শতাংশ।

গ্ৰাম্য অঞ্চলত বিশেষকৈ জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰ কৰা মহিলাৰ শতাংশ অধিক। ভাৰতৰ পশুধন ক্ষেত্ৰত ৭০ শতাংশ মহিলা নিয়োজিত হৈ আছে। চাহ খেতিৰ ক্ষেত্ৰত কৃষি খণ্ডত মহিলাৰ অংশগ্ৰহণৰ হাৰ প্ৰায় ৪৭ শতাংশ ; কপাহ খেতিত প্ৰায় ৪৭ শতাংশ ; ৪৫ শতাংশ আছে তেল বীজ বৃদ্ধি, আৰু ৩৯ শতাংশ পাচলি উৎপাদনত।

মহিলা সকলৰ বৃহৎ অৱদানৰ পাছতো গুৰুত্বপূৰ্ণ দিশ বা বজাৰৰ প্ৰৱেশাধিকাৰ কম। এই বৈষম্য সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰাই আহে। গৱেষণাত প্ৰায়েই প্ৰকাশ পাই আহিছে যে বজাৰত মহিলাৰ প্ৰৱেশৰ পৰিমাণে কম হোৱা বাবে মহিলা কৃষকসকলৰ অৰ্থনৈতিক কল্যাণৰ লগতে দেশৰ সামগ্ৰিক কৃষি উৎপাদন দুয়োটাকে প্ৰভাৱিত কৰে।

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই মতে যদি মহিলাসকলে পুৰুষৰ দৰে বজাৰত প্ৰৱেশাধিকাৰ লাভ কৰে, তেন্তে খেতিপথাৰত উৎপাদন ২০ ৰ পৰা ৩০ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হব।

ভূমি হৈছে কৃষিৰ বাবে এক মৌলিক সম্পদ। ৮ শতাংশতকৈ কম মহিলা কৃষকৰ মাটি থকাৰ বাবে তেওঁলোকে নিজৰ মাটি নোহোৱাকৈ কাম কৰে। এই সমস্যা ভাৰতৰ লগতে আন কৃষি নিৰ্ভৰশীল দেশতো হয়। কৃষিক্ষেত্ৰত মহিলাৰ সৱলীকৰণ, সমান প্ৰৱেশাধিকাৰ আৰু সুযোগ নিশ্চিত কৰাৰ দ্বাৰা ভাৰতৰ গ্ৰাম্য অৰ্থনীতিত এক আধাৰশিলা পৰিৱৰ্তন ঘটিব লাখ লাখ লোকৰ জীৱন উন্নত হ'ব।

শেষত আমি কব লাগিব যে, নাৰীৰ আগবাঢ়িব লাগিব। সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সকলো বাধা নেওচি নাৰী আগবাঢ়ি আহিব লাগিব। পুৰুষৰ সমানে সমানে নাৰী আগবাঢ়িলেহে এক সুন্দৰ ভৱিষ্যতৰ পিনে গতি কৰিম আমি। সকলো ক্ষেত্ৰতে নাৰীৰ অগ্ৰগতি এক আশাৰ ৰেঙণি। আশা মাঁথো এটাই এই আশাৰ ৰেঙণিয়ে উজ্বলাই তুলিব সমগ্ৰ বিশ্ব আৰু গতি কৰিব উন্নতিৰ চৰম শিখৰলৈ...

কৃষি, বজাৰ আৰু উদ্যোগিক ক্ষেত্ৰত মহিলা...
ইমান সম্পত্তি ! অ' চি উৎপল বৰাৰ আলাউদ্দিনৰ চাকি নাছিল ! থানাত হাত পাতি বহিহে আছিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in