/asomiyapratidin/media/media_files/2025/01/16/YuUHoqTfZ6do1Wgb07Ax.jpg)
মহাকাশ ক্ষেত্ৰত আন এক সফলতা অৰ্জন ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ । বিভিন্ন দেশক চেৰ পেলায় আন এক অভিলেখ ৰচিলে ভাৰতে । মহাকাশত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰি ভাৰতে পুনৰবাৰ সকলোকে আচৰিত কৰি তুলিলে। বৃহস্পতিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স অভিযানৰ অধীনত দুটা উপগ্ৰহ সফলতাৰে ডকিং কৰি বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। সবিশেষ সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন...
এই ক্ষেত্ৰত বিশ্বৰ বহু দেশে চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু ভাৰত এই ক্ষেত্ৰত ব্যতিক্ৰম । বিভিন্ন বাধা–বিঘিনি অতিক্ৰম কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ মহাকাশ গৱেশণা সংস্থাই । ভাৰতৰ এই সাফল্যত সমগ্ৰ বিশ্বই শুভেচ্ছা আৰু শুভকামনা জনোৱাৰ লগতে ইছৰোৰ প্ৰয়াসৰ শলাগ লয় ।
উল্লেখযোগ্য যে বৰ্তমানলৈ বিশ্বৰ মাত্ৰ ৩ খন দেশেহে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত পোন প্ৰথমেই নাম ল’ব লাগিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ । আমেৰিকাই ১৯৬৬ চনতেই এই সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছিল । তাৰ পিছতে আছে ৰাছিয়া । ৰাছিয়াই ১৯৬৯ চনত উপগ্ৰহ ডকিং প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছিল । সমান্তৰালভাৱে চীনে এই সফলতা অৰ্জন কৰে ২০১১ চনত ।
এই কৃতিত্বৰ পিছত ইছৰোৰ বিষয়াসকল আনন্দত আত্মহাৰা হৈ পৰে । ইছৰোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট লিখি উপগ্ৰহ ডকিঙৰ কথা উল্লেখ কৰিছে । ইছৰোৱে পোষ্টটোত কয় যে ভাৰতে মহাকাশত ইতিহাস ৰচনা কৰিছে। ইছৰোৰ স্পাডেক্স মিছনে ডকিঙৰ ক্ষেত্ৰত ঐতিহাসিক সফলতা লাভ কৰিছে আৰু এই মুহূৰ্তটো প্ৰত্যক্ষ কৰাটো গৌৰৱৰ বিষয়।
উল্লেখযোগ্য যে ২০২৪ চনৰ ৩০ ডিচেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশ ডকিং পৰীক্ষা (SpaDeX) অভিযান সফলতাৰে আৰম্ভ কৰা হৈছিল। স্পাডেক্স বা মহাকাশ ডকিং পৰীক্ষা হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উপগ্ৰহ এটাক আন এটাৰ নিকটতম স্থানলৈ অনা এক অভিযান।
উপগ্ৰহ ডকিঙৰ ফলত অইন এখন যানৰ পৰা আন এখন মহাকাশ যানলৈ সহজেই প্ৰয়োজনীয় দ্ৰব্য সাল-সলনি কৰাৰ লগতে অতি সহজত মানুহেও এখন যানৰ পৰা আন এখন যানলৈ অহা-যোৱা কৰিব পাৰিব । লগতে মহাকাশ কেন্দ্ৰ স্থাপনত এই প্ৰক্ৰিয়াই যথেষ্ট সহায় কৰে ।
ইছৰ’ৰ মতে চন্দ্ৰযান-৪ৰ দৰে অভিযানত ডকিং প্ৰযুক্তিৰ প্ৰয়োজন হ’ব। চন্দ্ৰৰ পৰা নমুনা পৃথিৱীলৈ অনাত সহায়ক হ’ব এই সফলতাৰ বাবে । ইছৰোৰ এই সফলতাই মহাকাশত ভাৰতৰ মহাকাশ কেন্দ্ৰ প্ৰতিষ্ঠাৰ দিশক আৰু এখোজ আগুৱাই নিবলৈ সক্ষম হৈছে ।
এই সাফল্যই ইছৰোৰ বিজ্ঞানীসকলৰ মনত গভীৰ আত্মবিশ্বাস গঢ়ি তোলাত সহায়ক হ’ব । সমান্তৰালভাৱে উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০২৮ চনৰ ভিতৰত চন্দ্ৰযান-৪ উৎক্ষেপণ কৰাৰ পৰিকল্পনাৰে কাম বৰ্তমানেও অব্যাহত ৰাখিছে ইছৰোই ।
ইয়োৰোপৰি প্ৰায় নিশ্চিত যে ২০৩৫ চনৰ ভিতৰত মহাকাশত ভাৰতে মহাকাশ কেন্দ্ৰ স্থাপন কৰি আন এক অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হ’ব । ২০৩৫ চনৰ ভিতৰত স্থাপন হ’ব লগা এই মহাকাশ কেন্দ্ৰটোৰ নাম হ’ব ভাৰতীয় অন্তৰীক্ষ ষ্টেচন ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰো আৰু মহাকাশ গৱেষণাৰ লগত জৰিত সকলোকে এই অভিযানৰ সফলতাৰ বাবে অভিনন্দন জনায়। সামজিক মাধ্যম এক্সত এটা পোষ্টত তেওঁ কয় যে আগন্তুক বছৰবোৰত ভাৰতৰ অভিলাষী মহাকাশ অভিযানৰ বাবে ই এক উল্লেখযোগ্য পদক্ষেপ ।