/asomiyapratidin/media/media_files/2025/01/31/ITi8RZjFYrzK5SAI54m2.jpg)
মে-ডাম-মে-ফী টাই আহোম সকলৰ এক প্ৰাচীন বিশ্বাস যিয়ে মৃতকৰ মাজত ঐশ্বৰিকতা বিচাৰে। এই উৎসৱৰ সময়ত টাই সম্প্ৰদায়ৰ লোকসকলে তিনিজন দেৱতা- গ্ৰীহডাম, ডাম চাংফি আৰু স্বৰ্গৰ দেৱতা মে ডাম মে ফিক পূজা কৰে লগতে আগবঢ়াই উপহাৰ। বিশ্ব শান্তিৰ বাবে আগবঢ়োৱা মে ডাম মে ফী সন্দৰ্ভত আজিৰ এই প্ৰতিবেদন...
৬০০ বছৰীয়া শাসনৰ ইতিহাস সমৃদ্ধ টাই আহোমসকলৰ সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে ডাম মে ফী। এই উৎসৱত আহোমসকলে পূর্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্র স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়। মে-ডাম-মে-ফিৰ অর্থ হ'ল মে মানে তর্পন, ডাম মানে মৃতক আৰু ফী মানে হ'ল মৃতকৰ দেও।
টাই আহোমসকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে বিশ্বাস কৰে যে ডাম মানে হ'ল মৃতক আৰু মৃতকক উত্তৰ পুৰুষে তিনি ভাগত উপাসনা কৰে। ক্রমে ন-ডাম, ঘাই ডাম আৰু চিৰিং ডাম। প্রথমে ন-ডামসকলক স্মৰণ কৰা হয় অর্থাৎ যি মৃত্যু হৈছে দ্বিতীয়তে ঘাই ডামসকলক স্মৰণ কৰা হয় অর্থাৎ পূর্বপুৰুষ আৰু তৃতীয়তে চিৰিং ডামক। ইয়াৰ অৰ্থ হ'ল ফী অর্থাৎ ভগৱান।
জনশ্রুতি মতে ঘাই ডামসকল আৰু চিৰিং ডামসকলৰ মাজত সম্বন্ধ থাকে সেয়ে ন-ডাম অর্থাৎ নতুন মৃতকসকলক টাই আহোমে পূজা কৰিলে ঘাই ডামসকলৰ ওচৰলৈ যায়। পৰৱৰ্তী সময়ত লাহে লাহে ঘাই ডাম হয় আৰু শেষত ক্ৰমান্নয়ে চিৰিং ডাম অর্থাৎ ফী (ভগৱান) হয়। উল্লেখযোগ্য যে,উত্তৰ-পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁ দেৱতাৰ শাৰীলৈ উন্নীত হয়।
মুখে মুখে প্রচলিত যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ পূৰ্বপুৰুষসকল সোণৰ জখলাত উঠি নামি আহিছিল। সোণৰ জখলাত উঠিয়েই স্বর্গলৈ যায় অর্থাৎ ন ডাম, ঘাই ডাম আৰু চিৰিং ডাম যিটো ক্রমানুসাৰে গৈ ফী (ভগৱান) হোৱাৰ বিশ্বাস আছে তেৱেই সোণৰ জখলাত বগাই যোৱা বুলি কোৱা হয়।
অন্যান্য উৎসৱৰ দৰে মে ডাম মে ফি পালনৰ বাবে টাই ভাষাত খয়েক-লাই বুলি এখন পূজা বিধি থকা বুলি জনা যায়। এই পূজা বিধিখন অসমলৈ পোন প্রথমে আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম'-মুন্-ম'-মাই দেওধায়ে।
প্রতি বছৰৰ ৩১ জানুৱাৰীত এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী 'হ-ফি' সাজে আৰু ইয়াত আঠখন শৰাই পাতি তেওঁলোকৰ আদি লেংডন দেৱতা প্রমূখ্য আঠজন 'ফীক' উপাসনা কৰে। তেওঁলোকে নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ভি ডামখামং (ড্রাগন) অংকিত পতাকা উত্তোলন কৰি সমূহীয়াকৈ ভোজ দিয়া হয়।
এই পূজাত ফু-ৰা-তা-ৰা অথবা নিৰাকাৰ ভগৱানক প্রার্থনা কৰা হয়। মে দাম মে ফীত প্রধানকৈ স্বৰ্গদেউসকলৰ আদিপুৰুষ লেংদনকে ধৰি আঠজন দেৱতাক পূজা আগবঢ়োৱাৰ উপৰিও স্বৰ্গদেউ চাওল্যুং চ্যুকাফাকো পূজা আগবঢ়োৱা হয়। এই আঠজন দেৱতা হ'ল-
১/খাওখাম (জলাধিপতি)
২/আই লেং দিন (পৃথিৱীৰ অধিপতি)
৩/ ফা-নুরু লেং দন (উপৰিপুৰুষ বা স্বৰ্গৰ অধিপতি)
৪/ লাংকুৰি (পৰ্বতৰ দেৱতা)
৫/ জান-চাই-হুং (সর্বাধিকর্তা বা দেওসকলৰ গুৰু)
৬/ চিত-লাম-চাম (প্রাকৃতিক দুৰ্যোগৰ গৰাকী)
৭/ জাছিংফা (বিদ্যাৰ অধিকাৰী)
৮/ মুট-কুম তাই-কুম (তাপ-পোহৰৰ অধিকাৰী।
৯/ চাও ফি দাম (স্বৰ্গদেউ চাওল্যুং চ্যুকাফা)
শেষত উল্লেখ কৰা প্ৰয়োজন যে, ১২২৮-১৮২৬ খ্রীষ্টাব্দলৈকে প্রায় ৬০০ বছৰ নিৰবিছিন্নভাৱে আহোম স্বৰ্গদেউসকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। এই কালছোৱাত অনেক জয়-পৰাজয়, ঘাত-প্রতিঘাতৰ সাক্ষী হৈ তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহৎ অসমীয়া জাতি।
সেই সকল আহোম স্বৰ্গদেউ তথা স্বয়ং স্বৰ্গদেউ চাওল্যুং চ্যুকাফাই দেখুওৱা আদৰ্শ অনুসৰি আজি জাতি-ধর্ম-বর্ণ নির্বিশেষে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিগৰাকী অসমীয়াই পালন কৰিছে মে ডাম মে ফী। সদৌ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনতে পালন কৰা হৈছে মে-ডাম-মে-ফি।