Advertisment

পবিত্ৰ বৰদিনৰ উলাহঃ কেৰলৰ ধ্বনিৰে মুখৰিত হ'ব গীৰ্জা...

খীষ্টমাছৰ প্ৰস্তুতিৰ লগতে মানুহবোৰৰ উৎসাহী মনে পৰ্যটনলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। বছৰটোৰ ব্যস্ততাৰ পাছত পছণ্ডৰ ঠাইখনলৈ মানুহবোৰ গৈছে। পাৰ কৰিব তাতেই উৎসৱৰ এই সময়।

author-image
Asomiya Pratidin
New Update
d

প্ৰস্তুতি চলিছে চৌদিশে। কিয়নো সন্মুখত খ্ৰীষ্টমাছ। বন্দনা চলিব মানৱতাৰ, বন্দনা চলিব যীশুৰ। ভেটিকান চিটিত সমৱেত হৈছে শ শ লোক। আৰম্ভ হৈছে চেটেলৰ পৰা এঞ্জেলছৰ প্ৰাৰ্থনা। শীতৰ ঠাণ্ডা আৰু শুভ্ৰ বৰফৰ মাদকতাই ৰচিছে উৎসৱমুখৰ পৰিৱেশ। আৰ্শীবাদৰ বাবে মানুহবোৰ দৌৰিছে। ২৪ ডিচেম্বৰত চেন্ট পিটাৰ বেচিলিকাত পবিত্ৰ দুৱাৰ মুকলি হৈছে। বৰদিনৰ প্ৰাকক্ষণত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক  প্ৰতিবেদন...

Advertisment

খীষ্টমাছ অৰ্থাৎ বৰদিনে সময় সলনি কৰি দিয়ে। বৰদিনৰ সময়ত চেন্ট পিটাৰ স্কোৱেৰত কেৱল আধ্যাত্মিকতাৰে পয়োভৰে নঘটে। সমান্তৰালভাৱে বৰদিনে বিনোদন,পৰ্যটন আৰু মানৱতাৰ হৃদয়ত অনুৰণন তোলে। এই কথাবোৰ সমগ্ৰ বিশ্ববাসীৰ বাবে মহৎ বাণী হৈ ৰৈ যায়। এমাহৰ পূৰ্বৰ পৰাই ভেটিকান চিটিত থিয় হৈ ৰৈছে খীষ্টমাছ ট্ৰীবোৰ।

s

৫৩ হাজাৰতকৈ অধিক লোকে বিশ্ববাসীক আহ্বান জনাইছে বৰদিনৰ এই গছজোপাক সাক্ষী কৰি পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ হ'কে বিশ্ববাসীয়ে একতা অনশন কৰিবলৈ। ভেটিকান চিটিখনৰ ৰূপেই সলনি হৈ গৈছে। বৰদিনৰ এই প্ৰস্তুতি কেৱল ভেটিকানতে নহয় সমগ্ৰ বিশ্বজুৰি চলিছে।

এয়া যে এক বিশ্বৰ উৎসৱ। যুদ্ধ নহয় শান্তিৰ বাণী দিয়ে এই উৎসৱে সেয়ে গীৰ্জাবোৰত শান্তি আৰাধনাৰে ইয়াত মানৱতাৰ জয়গান গোৱা হয় । পৰম্পৰা অনুসৰি পশ্চিমীয়া দেশবোৰে এই বৰদিনৰ বতৰতে পৰিয়ালক সময় দিয়ে। ইটালী, আমেৰিকাৰ পৰিয়ালৰ বাবে মাছৰ খাদ্য গ্ৰহণ কৰাকো এক পৰম্পৰা। ইটালীত ইয়াক কোৱা হয় দা ফিষ্ট অৱ দা চেভেন ফিচেচ। দক্ষিণ ইটালীৰ পৰা সেই পৰম্পৰা আমেৰিকালৈ গৈছিল।

্

খীষ্টমাছৰ কাহিনী কেৰলৰ মাতত অনুৰণিত হ'ব। ঘৰে ঘৰে জ্বলি উঠিছে ৰং-বিৰঙৰ লাইট। সাৰ পাইছে সান্তা ক্লজে। চহৰ-নগৰবোৰত জ্বলি উঠিছে খ্ৰীষ্টমাছ ষ্ট্ৰীট লাইট।

পূৰ্বৰ দৰে নিউয়ৰ্কৰ ৰক ফেলাৰ চেন্টাৰত সাজু কৰা হৈছে আইচ স্কেটিং ৰিঙত বিশাল খ্ৰীষ্টমাছ গছ। উত্তৰ-পূৰ্বাঞ্চলতো খ্ৰীষ্টমাছৰ প্ৰস্তুতি তুংগত উঠিছে। সাৰ পাই উঠিছে শ্বিলং চহৰ। উৎসৱমুখৰ পৰিৱেশে চুই গৈছে দোকান-পোহাৰ। সাজু কৰিছে থলুৱা আহাৰ-ব্য়ঞ্জন।

sd

ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগে চলে এই প্ৰস্তুতি। নাগালেণ্ডত খ্ৰীষ্টমাৰ্ছ এটা বৃহৎ দিন। বজাৰত বিক্ৰী বাঢ়িছে খ্ৰীষ্টমাছ ট্ৰী,নতুন কাপোৰ আৰু শুকান গাহৰি মাংস। ৰাজ্যখনৰ বাবে এয়া এক মহান উৎসৱৰ দিন। থলুৱা পৰম্পৰাৰ সৈতে সংযোজিত হোৱা বৰদিনৰ পৰম্পৰাই নাগালেণ্ডৰ গীৰ্জা সমূহলৈ মানুহবোৰক লৈ আহে সমূহীয়া প্ৰাৰ্থনাৰ বাবে। বৰদিনৰ লগতে আগন্তুক নতুন বছৰৰ আশা আৰু প্ৰত্যাশাৰে মনবোৰ ভৰি পৰে।

মেঘালয়টো সেই একেই পৰিৱেশ। ত্ৰিপুৰা,মণিপুৰ,অসম,মিজোৰাম সকলোতে উজ্বলি উঠিছে বৰদিনৰ ৰং-বিৰঙৰ লাইট। ভৰি পৰিছে বৰদিনৰ বজাৰ। 

d

চিক্কিম-অৰুণাচলকো বৰদিনৰ বতাহে চুই গৈছে। প্ৰস্তুতিৰ লগতে মানুহবোৰৰ উৎসাহী মনে পৰ্যটনলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। বছৰটোৰ ব্যস্ততাৰ পাছত পছণ্ডৰ ঠাইখনলৈ মানুহবোৰ গৈছে। পাৰ কৰিব তাতেই উৎসৱৰ এই সময়। বিনিময় হ'ব খ্ৰীষ্টমাছৰ শুভবাৰ্তা।

মুম্বাইতে খ্ৰীষ্টমাছ উপলক্ষে ৮খন বিশেষ ৰেষ্টুৰেন্ট সজাই তোলা হৈছে। সেই ৰেষ্টুৰেন্টবোৰত খাবলৈ গ্ৰাহকে আগতিয়াকৈ বুক কৰিবলগীয়া হৈছে। কিয়নো সেই আহাৰত থাকিব খ্ৰীষ্টমাছৰ পৰশ।

qe

সকলোতে এনেদেৰেই চলি আছে বৰদিন আদৰাৰ প্ৰস্তুতি। মাজত মাত্ৰ কেইটামান সময়। বাজি উঠিব কেৰল। ২৫ ডিচেম্বৰৰ দিনা চৌদিশৰ পৰা ভাহি আহিব - "মেৰি খ্ৰীষ্টমাৰ্ছ !"

খ্ৰীষ্টমাছ