আৰ্জেণ্টিনাৰ পৰা ভেটিকানলৈঃ ৰক্ষণশীলতাৰ পৰা উদাৰতালৈ পোপ ফ্ৰান্সিছৰ বৰ্ণময় জীৱন

পোপ ফ্ৰান্সিছ কেথলিক গীৰ্জাসমূহৰ সংস্কাৰৰ বাবেও পৰিচিত আছিল। এনে সংস্কাৰকামী ধ্যান ধাৰণাৰ পিছতো অৱশ্যে  পৰম্পৰাবাদীসকলৰ মাজতো পোপ আছিল জনপ্ৰিয়।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
আৰ্জেণ্টিনাৰ পৰা ভেটিকানলৈঃ ৰক্ষণশীলতাৰ পৰা উদাৰতালৈ পোপ ফ্ৰান্সিছৰ বৰ্ণময় জীৱন

সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে পোপ ফ্ৰান্সিছে। তেওঁ আছিল এই দায়িত্ব লোৱা প্ৰথমগৰাকী লেটিন আমেৰিকান। আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা এইগৰাকী পোপে ২০১৩ ত এই দায়িত্ব পাইছিল। তেওঁৰ বৰ্ণময় জীৱন আছিল বহুতৰ বাবে আকৰ্ষণ। আন পোপতকৈ পৃথক এইগৰাকী পোপ ফ্ৰান্সিছ আজিল যথেষ্ট জনপ্ৰিয়ও। তেওঁৰ অনুপস্থিতিত কোন হ'ব পৰৱৰ্তী পোপ? কেনেকৈ হ'ব নিৰ্বাচন? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

৮৮ বছৰ বয়সত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে খ্ৰীষ্টানসকলৰ সৰ্বোচ্চ ধৰ্মগুৰু পোপ ফ্ৰান্সিছে। ভেটিকানৰ পৰা এক ভিডিঅ’ বাৰ্তাত কাৰ্ডিনেল কেভিন ফাৰেলে পোপৰ মৃত্যুৰ কথা ঘোষণা কৰে।

ফাৰেলে কৰা ঘোষণা অনুসৰি পোপ ফ্ৰান্সিছে ৰোমৰ স্থানীয় সময় অনুসৰি পুৱা ৭-৩৫ বজাশ শেষ উশাহ লৈছিল। ফ্ৰান্সিছৰ জীৱন গোটেই জীৱন আছিল গীৰ্জাৰ বাবে উৎসৰ্গিত। তেওঁ কয়, পোপ ফ্ৰান্সিছে সদায় আমাক সাহস, প্ৰেম, প্ৰান্তীয় লোকৰ পক্ষত থিয় দিবলৈ অনুপ্ৰাণিত কৰি আহিছিল।পোপ ফ্ৰান্সিছ আছিল প্ৰভু যীষুৰ এজন প্ৰকৃত শিষ্য।  

পোপ ফ্ৰান্সিছ কেথলিক গীৰ্জাসমূহৰ সংস্কাৰৰ বাবেও পৰিচিত আছিল। এনে সংস্কাৰকামী ধ্যান ধাৰণাৰ পিছতো অৱশ্যে  পৰম্পৰাবাদীসকলৰ মাজতো পোপ আছিল জনপ্ৰিয়। পোপ ফ্ৰান্সিছ আছিল দক্ষিণ আমেৰিকাৰ (আৰ্জেণ্টিনা) প্ৰথমগৰাকী পোপ।

মৃত্যুৰ পূৰ্বে ইষ্টাৰ দেওবাৰে ভেটিকানৰ ছেইণ্ট পিটাৰ চ’কত পোপ ফ্ৰান্সিছে সকলোকে অন্তিমবাৰৰ বাবে সম্বোধন কৰিলে।অন্তিমবাৰৰ বাবে জনসাধাৰণক সম্বোধন কৰি পোপে হুইল চেয়াৰত বহি বেলকনিৰ পৰাই ক’লে- ‘‘প্ৰিয় ভাই-ভনীসকল, আপোনালোক সকলোকে ইষ্টাৰৰ শুভেচ্ছা জনালোঁ’’।ইষ্টাৰৰ পৰম্পৰাগত ভাষণ অৱশ্যে তেওঁৰ সহায়কেহে পঢ়িলে।

पोप फ्रांसिस


প্ৰথম দক্ষিণ আমেৰিকাৰ জেচুইট

পোপ ফ্ৰান্সিছ আছিল প্ৰথমজন লেটিন আমেৰিকান আৰু জেচুইট যিয়ে ৰোমান কেথলিক গীৰ্জাৰ নেতৃত্ব দিছিল।২০১৩ চনত ষোড়শ বেনেডিক্টৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ পৰিচিত আছিল কাৰ্ডিনেল জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’ হিচাপে। তেওঁ আছিল ভেটিকানৰ বাহিৰৰ মানুহ। 

সেয়ে ২৬৬ সংখ্যক পোপ হিচাপে তেওঁ নিৰ্বাচিত হোৱাত ৰচনা হৈছিল নতুন ইতিহাস। আচৰিত হৈ পৰিছিল বিশ্ববাসী। কিয়নো বেনেডিক্টৰৰ উত্তৰাধিকাৰী হিচাপে এগৰাকী যুৱ পোপ নিৰ্বাচিত হোৱাৰ ধাৰণা কৰিছিল সকলোৱে। কিন্তু তাৰ বিপৰীতে নিৰ্বাচিত হৈছিল ভেটিকানৰ বাহিৰৰ আৰ্জেণ্টিনাত জন্মগ্ৰহণ কৰা জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’। সেই সময়ত যাৰ বয়স আছিল ৭৬ বছৰ। 

পোপ হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ ৰক্ষণশীল আৰু সংস্কাৰক উভয়ৰে পৰা প্ৰচণ্ড সমৰ্থন লাভ কৰিছিল। যৌন বিষয়ত তেওঁক ৰক্ষণশীল আৰু সামাজিক বিষয়ত উদাৰ বুলি পৰিচিত আছিল তেওঁ। মানুহৰ সৈতে সংযোগ স্থাপন, কুৰিয়া (ভেটিকান আমোলাতন্ত্ৰ)ৰ সংস্কাৰ, ভেটিকান বেংকত দুৰ্নীতিৰ অন্ত পেলোৱা আৰু গীৰ্জাত শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে সমৰ্থকসকলে তেওঁক ভাল পাইছিল।

তেওঁ পোপ হিচাপে নিৰ্বাচিত হোৱাৰ চাৰি বছৰৰ পাছত কৰা এক সমীক্ষাত দেখা গৈছিল যে কেথলিক আৰু অন্যান্য ধৰ্মৰ মাজত পোপৰ জনপ্ৰিয়তা অতি বেছি। ছ’চিয়েল মিডিয়াত ১.৫ কোটিৰো অধিক লোকে তেওঁক ফ’ল’ কৰে। অৱশ্যে বহু বিষয়ত তেওঁ প্ৰত্যক্ষভাৱে হস্তক্ষেপ নকৰাৰ বাবেই ভেটিকানৰ ভিতৰত আৰু বাহিৰতো তেওঁৰ বহু বিৰোধী আছিল।

पोप फ़्रांसिस


তেওঁৰ আছিল এটা সংস্কাৰকামী মন


পোপ হিচাপে নিৰ্বাচিত হোৱাৰ পিছদিনাৰ পৰাই তেওঁ সংস্কাৰকামী মনোভাৱৰ প্ৰতিফলন স্পষ্টকৈ দেখিছিল বিশ্ববাসীয়ে। পোপ নিৰ্বাচিত হোৱাৰ পিছতে তেওঁ ৰোমান বেচিলিকাত প্ৰাৰ্থনা কৰিবলৈ গৈছিল অচিনাক্ত বাহনৰ কনভয়ত। তাৰ পৰা ভেটিকানলৈ উভতি অহাৰ সময়ত তেওঁ ইটালীৰ ৰাজধানীৰ মাজমজিয়াত থকা এখন পাদৰী হোটেলত নিজৰ বিল নিজে পৰিশোধ কৰিবলৈ জোৰ দিছিল। এয়া আছিল পোপৰ এগৰাকী সাধাৰণ মানুহৰ দৰেই আচৰণ। 

পোপে কেইবা শতিকা ধৰি ব্যৱহাৰ কৰি অহা বিশাল পেণ্টহাউচ এপাৰ্টমেণ্টটো তেওঁ এৰি দিছিল। তাৰ পৰা তেওঁ গুছি গৈছিল ভেটিকানৰ অতিথিশালাৰ এটা সৰু ছুইটলৈ। তাৰোপৰি তেওঁ পৰিত্যাগ কৰিছিল পোপৰ গ্ৰীষ্মকালীন বাসগৃহ কেষ্টেল গেণ্ডলফোকো পৰিত্যাগ কৰে।

পোপে মুক্ত বজাৰ অৰ্থনীতিক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কৈছিল, গীৰ্জাই সমকামী লোকক বিচাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ ইউৰোপীয় প্ৰব্ৰজনকাৰী ডিটেনচন চেণ্টাৰক বন্দী শিবিৰৰ সৈতে তুলনা কৰিছিল।

অৱশ্যে পোপ ফ্ৰান্সিছ সমালোচিতও হৈছিল। একাংশ বিশেষজ্ঞই তেওঁ সম্পূৰ্ণ উদাৰ বুলি মানি ল’ব নিবিচাৰে। ৰোমান কেথলিক বিষয়ৰ বাতৰি ৱেবছাইট ক্ৰক্সৰ সম্পাদক জন এলেন জুনিয়ৰে ২০১৬ চনত পোপ ফ্ৰান্সিছও ‘ৰক্ষণশীল’ আখ্যা দিছিল।

পোপে মহিলা পুৰোহিতক নিষিদ্ধ কৰিছিল। তেওঁ সমকামী বিবাহকো নাকচ কৰিছিল। তেওঁ গৰ্ভপাতক আটাইতকৈ ভয়ংকৰ অপৰাধ বুলি অভিহিত কৰিছে। তেওঁ জন্ম নিয়ন্ত্ৰণৰ ওপৰত নিষেধাজ্ঞাৰ ৰক্ষা কৰিছে আৰু আন প্ৰতিটো বিতৰ্কিত বিষয়তে নিজকে বিশ্বাসী 'গীৰ্জাৰ পুত্ৰ' বুলি ঘোষণা কৰিছে।"

অৱশ্যে পোপে যিবোৰ বিষয়ত ৰক্ষণশীলতাৰ মনোভাৱ দাঙি ধিৰিছিল সেইবোৰ বিষয়ত উদাৰতা দেখুৱাই আহিছে আৰ্জেণ্টিনাই। সেয়ে পোপৰ ধাৰণা আৰ্জেণ্টিনাত পৰীক্ষাৰ সন্মুখীন হোৱা বুলিও দাবী কৰে ফ্ৰান্সেস্কা এম্ব্ৰ’গেট্টিয়ে। 

আৰ্জেণ্টিনাত সমকামী বিবাহক বৈধতা প্ৰদান কৰা হৈছে। সমকামী বিবাহক বৈধতা প্ৰদান কৰা প্ৰথমখন লেটিন আমেৰিকাৰ দেশ আছিল আৰ্জেণ্টিনা। তদানীন্তন ৰাষ্ট্ৰপতি ক্ৰীষ্টিনা ফাৰ্নাণ্ডেজ ডি কিৰ্চনাৰে বিনামূলীয়া গৰ্ভনিৰোধ আৰু কৃত্ৰিম প্ৰজননৰ প্ৰচাৰ কৰিছিল আৰ্জেণ্টিনাত।
 
পোপৰ ধাৰণা আৰ্জেণ্টিনাত পৰীক্ষাৰ সন্মুখীন হ’লেও তেওঁ আছিল উগ্ৰ আৰ্জেণ্টিনাৰ দেশপ্ৰেমিক। ২০১৬ চনত ফকলেণ্ড যুদ্ধৰ সময়ত আৰ্জেণ্টিনাৰ প্ৰবীণসকলক উদ্দেশ্যি তেওঁ কৈছিল, “আমি সেই সকলোৰে বাবে প্ৰাৰ্থনা কৰিবলৈ আহিছো যি ছহিদ হৈছে, মাতৃভূমিৰ সন্তান যি নিজৰ মা, মাতৃভূমিৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰে যি আছিল তাক পুনৰ প্ৰাপ্তিৰ বাবে দেশৰ পৰা বাহিৰলৈ ওলাই গৈছে। 

पोप फ्रांसिस


নম্ৰ আৰু সৰল জীৱনশৈলী


১৯৩৬ চনৰ ১৭ ডিচেম্বৰত আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত জন্মগ্ৰহণ কৰিছিল জৰ্জ মাৰিঅ’ বাৰ্গোলিঅ’ই। তেওঁ এটা ইটালীৰ বংশৰ সন্তান। ভেটিকানৰ চৰকাৰী জীৱনী অনুসৰি ১৯৬৯ চনত তেওঁ জেচুইট হিচাপে অৰ্ডাইন কৰি আৰ্জেণ্টিনা আৰু জাৰ্মানীলৈ গৈ অধ্যয়ন কৰে।

যৌৱন কালতে সংক্ৰমণৰ বাবে তেওঁৰ এটা হাওঁফাওঁ আঁতৰাই দিয়া হৈছিল। ১৯৯২ চনত তেওঁ বিচপ আৰু ১৯৯৮ চনত বুয়েনছ আয়াৰ্ছৰ আৰ্চবিশ্বপ হৈছিল। ২০০৫ চনৰ কনক্লেভত তেওঁক পোপৰ পদৰ প্ৰতিদ্বন্দ্বী হিচাপে দেখা গৈছিল।

কাৰ্ডিনেল বাৰ্গোগ্লিঅ’ হিচাপে তেওঁৰ আৰ্জেণ্টিনাত প্ৰভাৱ আছিল। তেওঁ শিক্ষাত সামাজিক অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব দিছিল। পৰোক্ষভাৱে তেওঁ সেইবোৰ চৰকাৰকো সমালোচনা কৰিছিল যিবোৰে সমাজৰ প্ৰান্তীয়ভাৱে জীয়াই থকাসকলক গুৰুত্ব দিয়া নাই।

তেওঁৰ সহজ জীৱন শৈলীয়ে মানুহক আকৰ্ষণ কৰিছিল বুলি মন্তব্য কৰিছে তেওঁৰ জীৱনীৰ সহ-লেখিকা ফ্ৰান্সেস্কা এম্ব্ৰ’গেট্টিয়ে।

বিতৰ্কই তেওঁকো কৰিছিল স্পৰ্শ


১৯৭৬ ৰ পৰা ১৯৮৩ লৈ আৰ্জেণ্টিনাৰ সামৰিক একনায়কত্ববাদৰ সময়ত পোপৰ ভূমিকাক লৈ বিতৰ্ক হৈছিল। যি বিতৰ্কৰ বিতৰ্ক হৈয়ে থাকিল। সেই সময়ত তেওঁ দেশৰ জেচুইটসকলক নেতৃত্ব দিছিল।১৯৭৬ চনত বুয়েনছ আয়াৰ্ছৰ বস্তিবোৰত তেওঁৰ সামাজিক কামক ৰাজহুৱাভাৱে সমৰ্থন কৰিবলৈ দুজন পুৰোহিতে অস্বীকাৰ কৰিছিল। ইয়াৰ পিছতে তেওঁলোকক সামৰিক কৰ্তৃপক্ষক গতাই দিয়া হৈছিল। ইয়াৰ ফলত জুণ্টা ক্ষোভিত হৈছিল।

पोप फ़्रांसिस का 88 साल की उम्र में निधन हो गया है


পৰৱৰ্তী পোপ কোন হ’ব?

পোপ ফ্ৰান্সিছৰ মৃত্যুৰ লগে লগে এতিয়া আৰম্ভ হ’ব নতুন পোপ বাছনিৰ বাবে শতিকা পুৰণি নিৰ্বাচন প্ৰক্ৰিয়া। পোপৰ মৃত্যুৰ পিছত বিশ্বৰ সকলো কাৰ্ডিনেল নতুন পোপ নিৰ্বাচন কৰিবলৈ একত্ৰিত হ’ব। এই সকলো কনক্লেভত বহিব। 

কনক্লেভ আৰম্ভ হোৱাৰ পিছত নতুন পোপ নিৰ্বাচিত নোহোৱালৈকে তেওঁলোক তাতেই থাকিব।    বৰ্তমান বিশ্বজুৰি ২৫২ জন কাৰ্ডিনেল আছে, ইয়াৰে ১৩৫ জন কাৰ্ডিনেলে পোপ নিৰ্বাচন কৰিবলৈ ভোট দিব।

वेटिकन सिटी

কনক্লেভ কি?


পোপ নিৰ্বাচনৰ কনক্লেভ এক গোপন প্ৰক্ৰিয়া। সেয়ে আধুনিক যুগত মোবাইল ফোন, চেলুলাৰ ফোন আৰু ট্ৰেন্সমিটাৰ ৰেডিঅ’ৰ আবিৰ্ভাৱৰ লগে লগে কনক্লেভক গোপন কৰি ৰখাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।

সকলো কাৰ্ডিনেল বহাৰ পূৰ্বে সেই ঠাই পৰীক্ষা কৰাৰ উপৰিও কনক্লেভ আৰম্ভ হোৱাৰ সময়তো সেই সমগ্ৰ অঞ্চলটো পৰীক্ষা কৰা হয় যাতে তাৰ পৰা কোনো ধৰণৰ তথ্য ফাদিল নহয়। কনক্লেভৰ সময়ত সকলো কাৰ্ডিনেলে চিষ্টিন চেপেলত খাদ্য গ্ৰহণ কৰে আৰু ভোট দি তাতেই শুই পৰে।

এই অঞ্চলত সকলো ৰেডিঅ’, টেলিভিছন আৰু অন্যান্য যোগাযোগৰ মাধ্যম আঁতৰাই নিষিদ্ধ কৰা হৈছে। কাৰ্ডিনেলৰ যত্ন ল’বলৈ ৰান্ধনী, ডাক্তৰ আৰু সহায়কাৰী নিয়োগ কৰা হয়। কোনো কাৰ্ডিনেলে নিজৰ কোনো সহযোগীকে কনক্লেভলৈ লৈ যাব নোৱাৰে।

৮০ বছৰৰ তলৰ সকলো কাৰ্ডিনেল গোট খোৱাৰ পিছতে লেটিন ভাষাতে আদেশ দিয়া হয় নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত জড়িত নোহোৱা সকলোৱেই সেই ঠাইৰ পৰা আঁতৰিব লাগে। ইয়াৰ পিছত গেটখন বন্ধ কৰি দিয়া হয়। আৰু নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। পিছত সমগ্ৰ বিশ্বক উদ্দেশ্যি নতুন পোপৰ নাম ঘোষণা কৰা হয়।

कार्डिनल

 পোপ কেনেকৈ নিৰ্বাচিত হয়?

ভেটিকানে পোপ নিৰ্বাচনৰ ক্ষেত্ৰত ভোটদান প্ৰক্ৰিয়া সন্দৰ্ভত কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই। প্ৰতিজন কাৰ্ডিনেলে এখন কাৰ্ডত নিজৰ পোপৰ নাম লিখি প্লেটত ৰাখে। ভোট দিয়াৰ ক্ষেত্ৰত সকলো কাৰ্ডিনেল একে ঠাইতে থাকে যদিও তেওঁলোকে কোনে, কাৰ নাম লিখিছে তাৰ গোপনীয়তা ৰক্ষা কৰে। 

যেতিয়া সকলো কাৰ্ডিনেলে নিজৰ প্ৰিয় পোপৰ নাম লিখা সম্পূৰ্ণ হ’ব তাৰ পিছত দুটা ৰাউণ্ডত সেয়া গণনা কৰা হয়। তাৰ পিছত এই কাৰ্ডবোৰ জ্বলাই দিয়া হয়।

১৯৭৫ চনত পোপ পল ষষ্ঠই এই নিৰ্বাচনৰ পদ্ধতি নিৰ্ধাৰণ কৰিছিল। তেওঁৱেই সিদ্ধান্ত লৈছিল যে ৮০ বছৰৰ ওপৰৰ কাৰ্ডিনেলসকলে ভোট দিব নোৱাৰিব। পোপ জন পল দ্বিতীয়ই ১৯৯৬ চনত ইয়াত কিছু পৰিৱৰ্তন কৰিছিল।

পূৰ্বে পোপ নিৰ্বাচিত হ’বলৈ যিকোনো ব্যক্তিয়ে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা পোৱাটো প্ৰয়োজনীয় আছিল যদিও পাছত এই প্ৰক্ৰিয়া সলনি কৰা হৈছিল। এতিয়া যিকোনো ব্যক্তিয়ে পোপ হ’বলৈ আধাতকৈ অধিক ভোট লাভৰ প্ৰয়োজন। 
 
পৰম্পৰা অনুসৰি চৌকাত বেলট পেপাৰ জ্বলাই দিয়াৰ পাছতে নতুন পোপৰ নিৰ্বাচনৰ ইংগিত পোৱা যায়। এই বেলট পেপাৰবোৰৰ ধোঁৱাৰ ৰঙে চেণ্ট পিটাৰ চ’কত ৰৈ থকা মানুহখিনিক ইংগিত দিয়ে নতুন পোপৰ নিৰ্বাচন হৈছে নে নাই।

যদি ধোঁৱা বগা হয় তেন্তে তাৰ অৰ্থ হ’ল নতুন পোপ নিৰ্বাচিত হৈছে। কিন্তু ধোঁৱাৰ ৰং যদি ক’লা হয় তেন্তে তাৰ অৰ্থ হ’ল আৰু অপেক্ষা কৰিব লাগিব, পোপৰ নামক লৈ একমত হোৱা নাই। এই ধোঁৱা ছিষ্টিন চেপেলৰ চিমনিৰ পৰা ওলাই আহে।

কনক্লেভৰ নিয়ম সকলো দিশতে অতি কঠোৰ যদিও নিয়মত ধোঁৱাৰ ৰঙৰ বিষয়ে একো কোৱা হোৱা নাই।এই ধোঁৱা আৰু এই ধোঁৱাৰ ৰঙেহে ক’ব পাৰে কনক্লেভৰ ভিতৰত কি হৈ আছে।

 

 

পোপ ফ্ৰান্সিছ