/asomiyapratidin/media/media_files/2025/02/11/lk0SnvUjBzyHxWxOzOx0.png)
মহাকুম্ভত ৰেকৰ্ড Photograph: (মহাকুম্ভত ৰেকৰ্ড)
ভাৰতত এনে পৰিৱেশ আগতে কেতিয়াও উদ্ভৱ হোৱা নাছিল। মহাকুম্ভত প্ৰায় ৩০০কিলোমিটাৰ ট্ৰেফিক জামে ৰচিলে বিশ্ব ৰেকৰ্ড। সমগ্ৰ বিশ্বৰ ভিতৰতে এইটো হৈছে দ্বিতীয়টো সৰ্ববৃহৎ ট্ৰেফিক জাম। মহাকুম্ভৰ এই ভয়ংকৰ ট্ৰেফিক জাম আৰু বিশ্বত পূৰ্বতে ক'ত ক'ত এনে ভয়ংকৰ যান-যঁট হৈছিল, সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন...
ইটোৰ পিছত সিটো প্ৰশাসনিক ব্যৰ্থতাই মহাকুম্ভ মেলা আয়োজনক লৈ শ’লঠেকত পেলাইছে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰক। ইতিমধ্যে কুম্ভমেলাত সংঘটিত হৈছে কেইবাটাও অপ্ৰীতিকৰ ঘটনা। পদপিষ্ট হৈ ভক্তৰ মৃত্যুৰ পৰা দৈনিক সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই কুম্ভমেলাত যোগী চৰকাৰৰ সুব্যৱস্থাপনাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে।
ইয়াৰ মাজতে এইবাৰ প্ৰয়াগৰাজত ঘণ্টাৰ পিছত ঘণ্টা ধৰি নৰকযন্ত্ৰণা ভূগিবলগীয়া হ’ল লাখ লাখ লোকে। কুম্ভমেলা উপলক্ষ্যে সমাগম ঘটা ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰ পৰা সৃষ্টি হয় শ শ কিলোমিটাৰ পৰ্যন্ত যান-জঁটৰ। একাংশ খবৰ অনুসৰি ৩০০ কিলোমিটাৰ পৰ্যন্ত যান-জঁটৰ সৃষ্টি হৈছে প্ৰয়াগৰাজত।
কাৰ্যতঃ প্ৰশাসনৰ ব্যৰ্থতাৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি অভিযোগ উত্থাপন হৈছে। লক্ষ্যণীয় যে, বসন্ত পঞ্চমীৰ অমৃত স্নানৰ পিছত কুম্ভমেলাত ভক্তৰ সমাগম হ্ৰাস পাব বুলি ভৱা হৈছিল যদিও প্ৰতিদিনে অধিক ভক্তৰ সমাগমে জনসমুদ্ৰৰ সৃষ্টি কৰিছে প্ৰয়াগৰাজত।
মহাকুম্ভৰ এই ট্ৰেফিক জামে একপ্ৰকাৰৰ বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিলে। ভাৰতবৰ্ষত এনে ট্ৰেফিক জাম এতিয়ালৈকে হোৱা নাই। আৰু বিশ্বৰ প্ৰেক্ষাপটত এনে ভয়ংকৰ ট্ৰেফিক জামৰ সংখ্যা মাত্ৰ ৭টা।
১৯৬৯চনত নিউয়ৰ্কৰ বেথালত সৃষ্টি হৈছিল এক প্ৰচণ্ড যানযটঁৰ। প্ৰায় ৪লাখ লোকৰ আৱদ্ধ হৈ পৰিছিল এই ট্ৰেফিক জামত। এটা সংগীতানুষ্ঠানৰ বাবে এই ভয়ংকৰ ট্ৰেফিক জামৰ দৈঘ্য আছিল ৩২.১৮ কিলোমিটাৰ।
১৯৯০চনত জাপানৰ টকিঅতো সৃষ্টি হৈছিল ভয়ংকৰ যানযটঁৰ। প্ৰায় ১৩৫কিলোমিটাৰ ধৰি আৱদ্ধ হৈ পৰিছিল যান-বাহন। ২০১১চনত চিকাগোতো তীব্ৰ ট্ৰেফিক জাম হৈছিল যিটো ট্ৰেফিক জাম মুকলি হবলৈ সময় লাগিছিল প্ৰায় ১২ঘন্টা।
২০১০চনত বেইজিং-তিব্বত এক্সপেছৱেত লাগিছিল এক ভয়ংকৰ ট্ৰেফিক জাম। এই ট্ৰেফিক জামৰ দৈঘ্য আছিল ১০০কিলোমিটাৰো অধিক। ২০০৯চনত চাও পাওল’ত সৃষ্টি হোৱা ট্ৰেফিক জামটোৱেই আছিল বিশ্বৰ সবাতোকৈ ডাঙৰ ট্ৰেফিক জাম। প্ৰায় ৮৪০কিলোমিটাৰ ধৰি এই ট্ৰেফিক জাম হৈছিল। ইয়াৰে ১৮২কিলোমিটাৰ ধৰি বাট-পথত আৱদ্ধ হৈ আছিল কেৱল চাৰিচকীয়া বাহন।
২০০৫চনত টেক্সাছতো সৃষ্টি হৈছিল ১৬০কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ট্ৰেফিক জাম। ২০১২চন ৰাছিয়া মস্কোত ২০১কিলোমিটাৰ দৈঘ্যৰ এক ভয়ংকৰ ট্ৰেফিক জাম হৈছিল। আৰু শেহতীয়াকৈ ২০২৫ত মহাকুম্ভ মেলাত সৃষ্টি হল ৩০০কিলোমিটাৰ জোৰা এটা ভয়ংকৰ ট্ৰেফিক জাম। এই ট্ৰেফিক জাম বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহত বুলিব পাৰি।
বিহাৰৰ পৰাই সৃষ্টি হোৱা এই যানজঁটত বহু লোক ৪৮ ঘণ্টাৰো অধিক সময় ধৰি আৱদ্ধ হৈ থকাৰ কথা পোহৰলৈ আহিছে। এই ট্ৰেফিক জামত আৱদ্ধ এজন লোকে কয় যে নেভিগেচন মেপে দেখুওৱা ভুল দিশৰ বাবেই এই বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। অধিকাংশ লোকে একেটা পথকেই লোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে বহু লোকে।
একে সময়তে কুম্ভমেলাৰ প্ৰৱেশ আৰু প্ৰস্থানক লৈ প্ৰশাসনৰ অপব্যৱস্থাপনাৰো অভিযোগ উত্থাপন হৈছে। এজন চালকে কয়, প্ৰয়াগৰাজৰ পৰা অহা-যোৱা কৰা বাহনসমূহক একেটা পথকে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে।
অথচ প্ৰৱেশ-প্ৰস্থানৰ বাবে বহু বিকল্প পথো আছিল। প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবেই এতিয়া মানুহবোৰে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।’’ খবৰ অনুসৰি, এই ভংয়কৰ যান-জঁটৰ সুযোগ লৈছে একাংশ বাইক চালকে।
১০ কিলোমিটাৰ যাত্ৰাৰ বাবে পাঁচ হাজাৰ টকা পৰ্যন্ত ভাড়া লোৱাৰো খবৰ পোহৰলৈ আহিছে। উল্লেখ্য যে, যান-জঁটৰ গতি এনে এটা স্তৰত উপনীত হৈছে যে মধ্যপ্ৰদেশৰ কেইবাখনো জিলাত প্ৰয়াগৰাজ অভিমুখে যাতায়ত বন্ধ কৰিবলগীয়া হৈছে।
আৰক্ষীৰ মতে, "২০০-৩০০ কিলোমিটাৰ যান-জঁটৰ বাবে প্ৰয়াগৰাজৰ দিশে যোৱাটো অসম্ভৱ হৈ পৰিছে।" ৰেৱা অঞ্চলৰ আই জি সাকেট প্ৰকাশ পাণ্ডেয়ে কয় যে সপ্তাহৰ শেষৰ ফালে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু আচল প্ৰশ্নটো হ'ল- উত্তৰ প্ৰদেশ প্ৰশাসন এই বিশাল জনসমাগমৰ বাবে সাজু আছিল নে নাই?
কেইবা নিযুত মানুহ গোট খোৱাটো অভাৱনীয় আছিল নেকি? নে পৰিকল্পনাৰ অভাৱত ভক্তসকল এনে চৰম বিশৃংখলতাৰ সন্মুখীন হৈছে? বহুতে অভিযোগ কৰিছে যে প্ৰশাসনৰ বিফলতাৰ বাবে ৪৮ ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছে, মাত্ৰ ৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ ১০-১২ ঘণ্টা সময় লাগিছে।
প্ৰয়াগৰাজলৈ যোৱা পথত বাৰাণসী, লক্ষ্ণৌ আৰু কানপুৰৰ পৰাও ২৫ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ যান-জঁটৰ বাতৰি পোৱা গৈছে। আনকি প্ৰয়াগৰাজ চহৰৰ ভিতৰতো প্ৰায় ৭ কিলোমিটাৰ এলেকাত এক বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। ইফালে, পৰিস্থিতি চম্ভালিবলৈ বন্ধ কৰি দিয়া হৈছে প্ৰয়াগৰাজ সংগম ৰেল ষ্টেচন।
ৰে’লৱেৰ বিষয়া কুলদীপ তিৱাৰীয়ে কয়, "বাহিৰত প্ৰচণ্ড ভিৰ হোৱাৰ বাবে যাত্ৰী প্ৰয়াগৰাজ সংগম ষ্টেচনৰ পৰা ওলাই আহিব পৰা নাই। সেয়েহে পৰিস্থিতি বিবেচনা কৰি ষ্টেচনটো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।"
আপাততঃ প্ৰয়াগৰাজ জংচনত একমুখী যান-বাহন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত প্ৰকৃততে ৰাইজৰ দুৰ্ভোগ বাঢ়িছেহে। এই চৰম অপব্যৱস্থাপনাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক প্ৰত্যক্ষভাৱে সমালোচনা কৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।
তেওঁ কয়, "কেৱল যান-জঁটৰ সমস্যাই নহয়, প্ৰয়াগৰাজ চহৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিও হৈছে। চৰকাৰ কেৱল অপপ্ৰচাৰত ব্যস্ত, প্ৰকৃত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।"
কিন্তু এই বিশৃংখলতাৰ মাজতো অব্যাহত আছে কুম্ভমেলাত জনসমাগম। চৰকাৰী তথ্য অনুসৰি আজি সংগমত ৪৬ লাখৰো অধিক ভক্তই স্নান কৰে। বিগত এমাহ ধৰি চলি থকা মহা কুম্ভ মেলাত এতিয়ালৈকে প্ৰায় ৪৪ কোটি লোকে পবিত্ৰ স্নান কৰিছে।